Dimpu Baruah : EXCLUSIVE NEWS

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Showing posts with label EXCLUSIVE NEWS. Show all posts
Showing posts with label EXCLUSIVE NEWS. Show all posts

Sunday, September 20, 2020

অসম আৰক্ষীৰ বাতিল SI পৰীক্ষা । কি হব এতিয়া ? সবিশেষ জানক । Assam SI Exam date

September 20, 2020 0

দেওবাৰে অনুষ্ঠিত হৈছিল অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষা । কিন্তু প্ৰশ্ন কাকত ফাদিল হোৱাৰ বাবে আধাতে বাতিল কৰা হয় পৰীক্ষা। হোৱেটছএপযোগে লিখিত পৰীক্ষাৰ প্ৰশ্ন কাতত ফাদিলৰ পাছতেই বিষয়টোৰ সন্দৰ্ভত এক আলোচনাত মিলিত হৈছিল অসম আৰক্ষীৰ সঞ্চালক প্ৰধান আৰু বিশেষ শাখাৰ আৰক্ষী মহা পৰিদৰ্শক।

Assam SI Exam date

ইফালে এই কথা গম পাই দিল্লীত থকা মুখ্যমন্ত্ৰীয়ে আৰক্ষী উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ লগত জড়িত অপৰাধীক শীঘ্ৰে কৰায়ত্ত কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধানক কঠোৰ নিৰ্দেশ দিছে।ইয়াৰ বাবে CID ত গোচৰো তৰা হৈছে ।

এক জাননীযোগে বোৰ্ডৰ অধ্যক্ষ প্ৰদীপ কুমাৰে জনাই যে অহা এমাহৰ ভিতৰত পুনৰবাৰ লিখিত পৰীক্ষা অনুষ্ঠিত কৰা হব । কিন্তু বৰ্তমানলৈকে নিশ্চিত কৰা নাই পৰীক্ষাৰ তাৰিখ। এই পৰীক্ষা সম্পূৰ্ণ বিনামূলীয়া হ’ব আৰু আবেদনকাৰীসকলক তেওঁলোকৰ প্ৰস্তুতি চলাই যাবলৈ আহ্বান জনায় প্ৰদীপ কুমাৰে। উল্লেখযোগ্য যে, এই নিযুক্তি প্ৰক্ৰিয়া ব্যৰ্থ কৰাৰ বাবে ষড়যন্ত্ৰত লিপ্ত হোৱা চক্ৰটোকো শীঘ্ৰে চিনাক্ত কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ দিয়ে।


 

https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2020/09/si-assam-si-exam-date.html

Read More

Sunday, July 19, 2020

হিমন্তৰ ঘোষণা - বন্ধ নহয় নিযুক্তি প্ৰক্ৰিয়া | একাংশ সংবাদ মাধ্য়মত প্ৰচাৰ হৈছে ভুৱা বাতৰি | HIMANTA BISWA SARMA TWEET

July 19, 2020 0
যোৱা কালিৰ পৰা একাংশ সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল যে কৰোনা থকালৈ ৰাজ্যত বন্ধ হল চাকৰিৰ নিযুক্তি । তাৰপাছতেই নিৰাশাত ভুগিছিল অসমৰ নিৱনুৱাসকলে । কিন্তু এই বাতৰিৰ প্ৰতিক্ৰিয়া হিচাপে আজি হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে সংবাদ মাধ্যমৰ এই বাতৰি সম্পূৰ্ণ মিছা কথা । তেঁওৰ যি বক্তব্য ৰাখিছিল তাক ভুল ভাৱে উপস্থাপন কৰা হৈছে ।  

আজি টুইটাৰ যোগে হিমন্ত বিশ্বই একাংশ সংবাদ মাধ্যমৰ ওপৰত অসন্তুস্তি প্ৰকাশ কৰি কয় যে ৰাজ্যত অব্যাহত থাকিব নিযুক্তি প্ৰক্ৰিয়া । বৰঞ্চ অসম চৰকাৰে সকলো বিভাগকে নিযু্ক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ হে উপদেশ দিয়া বুলি টুইটাৰত জনায় মন্ত্ৰীগৰাকৰীয়ে । মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই টুইটে কিছু আশাৰ সঞ্চাৰ কৰিছে অসমৰ নিৱনুৱাসকলৰ বাবে । 

Read More

Friday, July 13, 2018

ভাৰতৰ হৈ স্বৰ্ণ জয় অসমৰ হিমা দাসৰ

July 13, 2018 0
ভাৰতৰ হৈ স্বৰ্ণ জয় অসমৰ হিমা দাসৰ:

ফিনলেণ্ডৰ টেম্পেৰিত চলি থকা এথলেটিকছৰ বিশ্ব জুনিয়’ৰ প্ৰতিযোগিতাত মহিলাৰ ৪০০ মিটাৰ দৌৰত ৫১.৪৬ ছেকেণ্ডেৰে শীৰ্ষস্থান দখল কৰি ভাৰতৰ হৈ স্বৰ্ণ জয় কৰি অসমৰ হিমাই গৌৰৱ কঢ়িয়াই আনিছে। হিমাই হ'ল এই বৃহৎ প্ৰতিযোগিতাখনৰ ট্ৰেক ইভেণ্টত স্বৰ্ণ জয় কৰা প্ৰথমজন ভাৰতীয় এথলীট। মনকৰিবলগীয়া এই যে ১৯৮৬ চনৰ পৰা আৰম্ভ হোৱা অনূৰ্ধ্ব-২০ এই কঠিত প্ৰতিযোগিতাখনত এতিয়ালৈকে ভাৰতৰ কোনো দৌৰবিদয়েই সফল হ’ব পৰা নাছিল।

উল্লেখযোগ্য এই যে, নগাৱঁ জিলাৰ ধিং অঞ্চলৰ এই প্ৰতিভাশালী উদীয়মান দৌৰবিদগৰাকী পূৰ্বেও কমনৱেল্থ গেইমছৰ দৰে প্ৰতিযোগিতা প্ৰশংসনীয় প্ৰদৰ্শন আগ বঢ়াইছিল।
Read More

Monday, July 9, 2018

ফেচবুক পষ্টৰ বাবে পংকজ পাঠকৰ বিৰুদ্ধে এজাহাৰ ।

July 09, 2018 0
ফেচবুক পষ্টৰ বাবে পংকজ পাঠকৰ বিৰুদ্ধে এজাহাৰ :

পুন: বিতৰ্কত সোমাই পৰিছে সুস্বাস্থ্য ৰক্ষাৰ বাবে ঘৰুৱা দৰৱৰ বিধান দিয়া পংকজ পাঠক । ইয়াৰ পূৰ্বে পংকজ পাঠকৰ বিবাহ বহিৰ্ভূত অবৈধ সম্পৰ্ক থকা বুলি তেওঁৰ পত্নীয়ে এক এজাহাৰ দাখিল কৰিছিল।শেহতীয়াকৈ তেঁওৰ বিৰুদ্ধে ৰুজু হৈছে আন এক এজাহাৰ । উল্লেখযোগ্য় যে কৰ্মচাৰীক নিৰ্য্যাতন কৰি পলাই থকা মুকেশ হুণ্ডাইৰ পৰিচালন সঞ্চালক ঋষভ হিম্মৎচিংকা গ্ৰেপ্তাৰ হৈছিল দিছাং ৰিজৰ্টত । ইয়াৰ পাছতেই পাঠকে ৰিজ’ৰ্টখন বৰ্জন কৰিবলৈ ফে’ছবুক প’ষ্টযোগে আহ্বান জনাইছিল।


কিন্তু ৰিজ’ৰ্ট কৰ্তৃপক্ষৰ মতে হিম্মৎসিংকা তেওঁলোকৰ তাত কফি খাবৰ বাবেহে প্ৰৱেশ কৰিছিল। কৰ্মচাৰীজনে জনাইছিল যে হিম্মৎসিংকাই ক’ৰ পৰা আহি তেওঁলোকৰ তাত সোমাইছিল তেওঁলোকে নাজানে। অনাহকত দিচাং ৰিজৰ্টখনৰ অপপ্ৰচাৰ কৰাৰ বাবে পংকজ পাঠকৰ বিৰুদ্ধে এজাহাৰ সোণাপুৰ থানাত এজাহাৰ দাখিল কৰিছে দিচাং ৰিজ’ৰ্টে ।
Read More

Tuesday, July 3, 2018

ফেচবুকত বিতৰ্কিত মন্তব্য কৰি আমচুৰ অভিযোগত গ্ৰেপ্তাৰ হল কংগ্ৰেছ নেত্ৰী

July 03, 2018 0
শোণিতপুৰ জিলা কংগ্ৰেছৰ এগৰাকী নেত্ৰীয়ে এটা বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে ফেচবুকত লিখি গ্ৰেপ্তাৰ হব লগীয় হয় ।


ল্লেখযোগ যে জনৈক কলিতা উপাধিৰ মহিলাগৰাকী ৰাষ্ট্ৰপতি ৰামনাথ কোভিন্দক মন্দিৰৰ ৰত্ন সিংহাসনৰ কাষ চাপিব নিদিয়াৰ বাবে সমালোচনাৰ কৰা লগতে এটা বিশেষ সম্প্ৰদায়ৰ পৰ্দা প্ৰথাকে ধৰি মহিলাক সন্তান জন্ম দিয়া মেচিন হিচাপে ব্যৱহাৰ কৰা বুলি ফেচবুকত আপডেট দিয়ে ।

ইয়াৰ পিছতেই আমচুয়ে দিয়া এজাহাৰৰ ভিত্তিত মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰা হয় । ইফালে মহিলাগৰাকীৰ সমৰ্থনত নামি পৰিছে বিশিষ্ট সাংবাদিক জমছেৰ আলীকে ধৰি আন কিছুমান ফেচবুক ইউজাৰ । মহিলাগৰাকীৰ সপেক্ষে কোনে কি কলে তলত দাঙি ধৰা হল ।




Read More

ঘৰুৱা চিলিণ্ডাৰৰ ৰং ৰঙা কিয় ৰখা হয়?

July 03, 2018 0
আমি সদায় ঘৰত ব্যৱহাৰ কৰি অহা চিলিণ্ডাৰৰ ৰং কিয় ৰঙা হয়? আপুনি কেতিয়াবা ভাবিছে নে? আজি আমি চিলিণ্ডাৰৰ ৰং ৰঙা হোৱাৰ কাৰণ জনাম ।

এইটো কাৰণত ৰঙা হয় চিলিণ্ডাৰ:

আচলতে চিলিণ্ডাৰৰ ৰঙা ৰংৰ লগত বিজ্ঞান জড়িত হৈ আছে । আপুনি আকৌ ভাবিব পাৰে ইয়াত বিজ্ঞান কৰ পৰা আহিল? আচলতে বিজ্ঞানৰ সাংকেতিক ভাষা বুজাবলৈ ৰংৰ ব্যৱহাৰ  কৰা হয় ।
চিলিণ্ডাৰত এলপিজি গেছ ব্যৱহাৰ কৰা হয় যি এটা জ্বলনশীল গেছ হয় আৰু ৰঙা চিহ্নৰ দ্বাৰা সতৰ্কবাণী বুজোৱা হয় ।
ৰঙাৰ জড়িয়তে বুজোৱা হয় যে ভিতৰত জ্বলনশীল গেছ আছে আৰু সতৰ্কবাণী দিয়া হয় ।
Read More

Friday, June 29, 2018

মই বেংকৰ কাউন্টাৰত নাইকীয়া হোৱা 40,000 টকা কেনেকৈ ঘূৰাই পালোঁ । HOW I RECOVERED MY LOST MONEY IN BANK COUNTER

June 29, 2018 0
মই বেংকৰ কাউন্টাৰত নাইকীয়া হোৱা 40,000 টকা কেনেকৈ ঘূৰাই পালোঁ (মোৰ নিজৰ কাহিনী):

নগাঁও চহৰস্থিত ৰাজহুৱাখণ্ডৰ বেংক এটাত যোৱা 26/2/2018 তাৰিখে ব্যৱসায় সংক্ৰান্তত নতুনকৈ খোলা মোৰ কাৰেন্ট একাউন্টটোত 1,95,000/- টকা জমা কৰিবলৈ গৈছিলোঁ ৷ পইচাখিনি কাউন্টাৰৰ ভিতৰত জমা দি কাউন্টাৰৰে সন্মুখত ঠিয় হৈ ৰৈ আছিলোঁ ৷ কিছুসময় পিছত (5 মিনিটমান পিছত) কাউন্টাৰৰ ভিতৰৰ পৰা কেশ্বিয়াৰগৰাকীয়ে জনাই যে 40,000 টকা হেনো কম আছে; 500 টকীয়া নোটৰ খোলা পেকেটটো হেনো নাই! কথাটো শুনিকে মই শ্বক খাই উঠিলোঁ ৷ বুকু ঢপকৈ উঠিল ৷ কাউন্টাৰত টকাখিনি জমা দিয়াৰ পূৰ্বে নোট বিলাকৰ ডিনোমিনেচন কি কি, কিমানটা পিচ আছে, এমাউন্ট কিমান গোটেইখিনি বিবৰি ডিপোজিট শ্লিপত মই নিজে লিখিছিলোঁ ৷ কথাখিনি মই তেওঁক ক'লোঁ ৷ লগতে ক'লোঁ— মই যদি কম দিছোঁ, কাউন্টাৰৰ ভিতৰত থকা CCTV চাওক ৷ তেওঁ মোৰ কথা পাত্তাই দিব নিবিচাৰিলে ৷ বেংকৰ মানুহ বুলি ধৈৰ্য্য ধৰি থাকিছিলোঁ ৷ ব্ৰাঞ্চ মেনেজাৰৰ চেম্বাৰলৈ গ'লোঁ ৷ তেৱোঁ সেই সময়ত CCTV দেখুৱাব নোৱাৰে বুলি ক'লে ৷ মোৰ নেৰা-নেপাৰা দাবীত সন্ধিয়া "বিজনেছ সময়"ৰ পিছতহে CCTV দেখুৱাব পাৰিম বুলি ক'লে ৷


সন্ধিয়া CCTV চাবলৈ বেংকলৈ পুনৰ গ'লোঁ ৷ মেনেজাৰ চাৰে cctv দেখুৱালে; কিন্তু footage ৰ নামত যি দেখুৱালে তাত মই অকনো সন্তুষ্ট হ'ব নোৱাৰিলোঁ ৷ ভালদৰে একোকে ধৰিব নোৱাৰি ৷
বেংকটোত নতুনকৈ একাউন্ট খুলিছিলোঁ মাথোন ৷ সেই হিচাপে বেংকৰ নতুন কাষ্টোমাৰ ৷ জোৰ দি একো ক'ব পৰা নাছিলোঁ ৷ ভিতৰি কিন্তু খুবেই খং উঠিছিল ৷ তেওঁলোকৰ মতে ময়ে হেনো পইচা কম জমা দিছোঁ! উপায় নাপাই 40,000 টকা মাৰা গ'ল বুলি হতাশ হৈ ঘূৰি আহিব লগীয়া হ'লোঁ ৷
মই এজন মধ্যবিত্তীয় ঘৰৰ ল'ৰা ৷ জীৱিকাৰ বাবে নগাঁও চহৰত ৰেষ্টুৰেন্ট এখন খুলি কেনেবাকৈ ব্যৱসায় চলাই আছোঁ৷ (বেংকটোৰ ওচৰতে মোৰ ৰেষ্টুৰেন্টখন ৷) তেনেস্থলত, বেংকৰ ভিতৰতে 40,000 টকা নাইকীয়া হৈ যোৱা ঘটনাটো মই গ্ৰহণ কৰিব পৰা নাছিলোঁ ৷ মনত অলপো শান্তি লগা নাছিল ৷


এসপ্তাহমান তেনেকৈ গ'ল ৷ তাৰপিছত সিদ্ধান্ত ল'লোঁ যে— নাই মনে মনে থাকিলে নহ'ব! ঘটনাটো সম্পৰ্কে গুৱাহাটীৰ Reserve Bank of India ত আবেদন এখনকে দিয়া যাওক ৷ তেওঁলোকেই যদি কিবা এটা কৰি দিয়ে, কৰি দিব!
এখিলা বগা কাগজত কথাখিনি নিজৰ ভাষাৰে থুলমূলকৈ বিবৰি ঘটনাৰ 12 দিন পিছত, 10/3/2018 তাৰিখে, আবেদন এখন লিখিলোঁ আৰু Office of the Banking Ombudsman, Reserve Bank of India, Guwahati - 781001 ঠিকনাটোলৈ বুলি পষ্ট-অফিচত চিঠিখন দি থৈ আহিলোঁ ৷
দুমাহমান পাৰ হ'ল ৷ হঠাৎ এদিন ৰিজাৰ্ভ বেংকৰ পৰা মোলৈ ফোন আহিল৷ মোৰ email id টো বিচাৰিলে আৰু তাত মেইল এটা পঠিয়াই জনালে যে 13/06/2018 তাৰিখে ৰিজাৰ্ভ বেংকৰ Ombudsman Office ত উক্ত বেংক আৰু মোৰ মাজত মীমাংসাৰ বাবে এখন Conciliation Meeting হ'ব ৷
নিৰ্দিষ্ট দিনত ৰিজাৰ্ভ বেংকলৈ গ'লো ৷ তৃতীয় মহলাত অনুষ্ঠিত বৈঠকটোত Banking Ombudsman মহোদয়ে দুয়ো পক্ষৰ ভাষ্য মন দি শুনিলে আৰু আমাৰ ক'ব লগীয়াখিনি ক'বলৈ দিলে ৷ গোটেইখিনি কথা ক'লোঁ ৷ কিন্তু, যিহেতু বেংকৰ ফালৰ পৰা সিদিনাখন CCTV footage দাখিল কৰা হোৱা নাছিল, সেয়ে তেওঁ কোনো সিদ্ধান্ত নিদিলে৷ বেংকটোক এসপ্তাহৰ ভিতৰত cctv footage দাখিল কৰিবলৈ দিলে৷
মনটো অলপ বেজাৰ লাগিছিল— কি বা হয় বুলি! কিন্তু ৰিজাৰ্ভ বেংকৰ মানুহে আমাক আশ্বাস দিয়ে যে মোৰ দাবী যদি সত্য হয় আৰু বিবাদিত বেংকটোই নিজকে সত্য বা মোক ভুল বুলি যদি প্ৰমাণ কৰিব নোৱাৰে মই মোৰ প্ৰাপ্য টকাখিনি ঘূৰাই পামেই ৷ কথায়ো মানুহক শান্তি দিয়ে! অলপ হ'লেও আশা জীয়াই থাকিল ৷


18/6/2018 তাৰিখে Reserve Bank ৰ Ombudsman Office ত পুনৰ মিটিং বহিল ৷ মিটিঙত মোকো মাতিছিল যদিও ব্যৱসায় সংক্ৰান্তত যাব পৰা নাছিলোঁ ৷ অৱশ্যে মিটিঙত উপস্থিত থকাটো ধৰা-বন্ধা নহয় বুলি ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা ই-মেইল যোগে মোক জনোৱা হৈছিল ৷ সিদিনাখন গোটেই দিনটো মনত উগুল-থুগুল লাগি আছিল, কি বা সিদ্ধান্ত হ'ল বুলি !
পিছদিনাখন, 19/6/2018 তাৰিখে পুৱাৰ ভাগতেই ৰিজাৰ্ভ বেংকৰ নিৰ্দিষ্ট নম্বৰত ফোন কৰিলোঁ ৷ মানুহ এজনে ফোনটো ধৰিলে আৰু জনালে যে ৰিজাৰ্ভ বেংকৰ Ombudsman এ উক্ত বেংকক অৰ্ডাৰ দিছে — মোক মোৰ 40,000/- টকা সেই মাহৰে 25 তাৰিখৰ ভিতৰত যেন ঘূৰাই দিয়ে ৷ কথাখিনি শুনা মাত্ৰেই অন্তৰখন প্ৰশান্তিৰে ভৰি পৰিছিল ৷ ...
তাৰপিছত, যোৱা 25 জুনত সঁচা-সচিকে মোৰ একাউন্টত টকাখিনি জমা হৈ গ'ল ৷
ৰিজাৰ্ভ বেংকৰ Ombudsman বিভাগক কৃতজ্ঞতা জনাবলৈ মোৰ ভাষা নাই ৷ সিদিনাখন অফিচত তেওঁলোকৰ ব্যৱহাৰ-পাতি, কথা-বতৰা দেখি বা ফোনত কথা পাতি মই আঁচৰিত হৈছিলোঁ ৷ মই বিশ্বাসে কৰিব পৰা নাছিলোঁ যে ৰাজহুৱা খণ্ডৰ কোনো কাৰ্যালয়ত ইমান ভাল ব্যৱহাৰ পোৱা যাব পাৰে ৷ আমাৰ দৰে সাধাৰণ ৰাইজক সহায় কৰিবলৈ দেখুওৱা তেওঁলোকৰ আগ্ৰহ আৰু উৎসুকতাত মই অভিভূত হৈ পৰিছিলোঁ ৷ ... পইচাখিনি পোৱাৰ পিছত ৰিজাৰ্ভ বেংকত ফোন কৰি হৃদয়ৰ পৰা ধন্যবাদ জ্ঞাপন কৰোঁ৷


মনতে ভাবিছোঁ, ৰিজাৰ্ভ বেংকলৈ নিলিখিলে মইনো পইচাখিনি ক'ত পালোঁহেতেন ! তাতোকৈ ডাঙৰ কথা — কোনো ফিচ নিদিয়াকে, এপইচা নভৰাকে, কোনো উকিল-মহৰি নধৰাকে, 6 টকাৰ টিকট লগাই চিঠি এখন পঠিয়াইয়ে পইচাখিনি ঘূৰাই পালোঁ ৷
RBI ত গৈ পিছত জানিব পাৰিছিলোঁ যে— নিজৰ দিব লগীয়া অভিযোগটো RBI ৰ ৱেবচাইটত গৈ; নতুবা boguwahati@rbi.org.in তো পঠিয়াই অতি সহজতে পঞ্জীয়ন কৰিব পৰা যায় ৷ চৰ্ত এটাই যে ৰিজাৰ্ভ বেংকত অভিযোগ দিয়াৰ পূৰ্বে প্ৰথমতে নিজৰ বেংকত #লিখিত অভিযোগ দাখিল কৰিব লাগে ৷ তাৰপিছত, অভিযোগৰ 30 দিনৰ ভিতৰত বেংকৰ ফালৰ পৰা যদি সমস্যাটো সন্তুষ্টজনকভাৱে সমাধান কৰি নিদিয়ে, তেতিয়াহে ৰিজাৰ্ভ বেংকত অভিযোগ কৰিব লাগে ৷ অন্যথা তেনে অভিযোগ বাতিল হৈ যায় ৷ আৰু এটা কথা, অভিযোগত নিজৰ ঠিকনা আৰু মোবাইল নং লিখিবলৈ নাপাহৰিব৷
মোৰ দৰে আন বহুতৰেই হয়তো নিজৰ নিজৰ বেংকৰ ওপৰত নানান অভিযোগ থাকিব পাৰে ৷ RBI এ নিশ্চয় সহায় কৰিব ৷
*ৰাইজে কথাখিনি জনাটো দৰকাৰী বুলি যদি ভাবে, শ্বেয়াৰ কৰিব*
ধন্যবাদ ৷ 
// 
তীৰ্থ প্ৰতীম শইকীয়া 
কাতনিগাঁও, নগাঁও ৷
Read More

Saturday, June 23, 2018

NRCৰ পৰা সংখ্যালঘু বঙালী মুছলমানসকল বঞ্চিত হোৱাৰ আশংকা ৰাষ্ট্ৰসংঘৰ

June 23, 2018 0
NRCৰ পৰা সংখ্যালঘু বঙালী মুছলমানসকল বঞ্চিত হোৱাৰ আশংকা ৰাষ্ট্ৰসংঘৰ:
ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অন্তিমটো খছৰাৰ কাম দ্ৰুত গতিত চলি থকাৰ মাজতেই ৰাষ্ট্ৰসংঘত উত্থাপিত হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰসংগ।
NRCৰ পৰা সংখ্যালঘু বঙালী মুছলমানসকল বঞ্চিত হোৱাৰ আশংকা ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ গোটৰ। সমগ্ৰ বিষয়টোক লৈ ভাৰত চৰকাৰৰ পৰা সবিশেষ তথ্য বিচাৰিছে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ সম্পৰ্কীয় বিশেষ কাৰ্যপ্ৰণালী গোটে।ৰাষ্ট্ৰসংঘৰ সংখ্যালঘূ পৰিক্ৰমা বিশেষ বিশেষ দূত চাৰিগৰাকীয়ে স্বাক্ষৰ কৰি যোৱা ১১ জুনত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজলৈ এখন পত্ৰ প্ৰেৰণ কৰি এন আৰ চি সম্পৰ্কে ভাৰত চৰকাৰৰ স্থিতি কেনেকুৱা পৰ্যায়ত আছে তাক জানিব বিচাৰিছে। ৬০ দিনৰ ভিতৰত পত্ৰৰ উত্তৰ দিয়াৰ নিৰ্দেশ দিছে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ গোটে। পত্ৰখনত কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন। NRC প্ৰক্ৰিয়াটোত আনুষ্ঠানিক পৰিকল্পনা নথকাৰ অভিযোগ তুলিছে মানৱ অধিকাৰ গোটে। NRCৰ পৰা নাম বাদ পৰাসকলৰ কি হ’ব তাৰ স্পষ্টতা নাই বুলিও অভিযোগ। 

ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ সম্পৰ্কীয় বিশেষ কাৰ্যপ্ৰণালী গোটৰ হৈ ফাৰ্ণাণ্ড ডি ভাৰিনে ( Fernand de Varennes), ই টেনডায়ি আচিউম E Tendayi Achiume), ডাইড কায়ে(Daid Kaye) আৰু আহমেদ শ্বাহীদে স্বাক্ষৰ পৰা পত্ৰখনত এই বুলিও উল্লেখ কৰা হৈছে যে বিদেশী ন্যায়াধিকৰণে মূলতঃ বাঙালী মুছলমানসকলক লক্ষ্য কৰি লোৱাৰ ফলত তেওঁলোকৰ নাগৰিকত্ব প্ৰমাণৰ বাবে দিয়া নিৰ্দেশনাৰ ফলত ক্ষতিগ্ৰস্ত হৈ আহিছে।
Read More

Friday, June 22, 2018

এজন দৰ্জী প্ৰফেচাৰৰ জীৱন-গাথা !

June 22, 2018 0
এইজন কোনো সাধাৰণ দৰ্জী নহয়।এখেত "হামিদাবাদ মহাবিদ্যালয়"সাতশিয়া;(ধুবুৰী)ৰ অসমীয়া"বিভাগৰ এজন সহকাৰী অধ্যাপক।নাম মো:জহিৰুল ইছলাম।

এখেত যোৱা ২০০৫ চনৰ আগষ্ট মাহৰ পৰা অসমৰ ভিতৰতে আটাইতকৈ পিছপৰা জিলা ধুবুৰীত অৱস্থিত উক্ত কলেজ খনত বিনা বেতনে পাঠদান দি আহিছে। যোৱা ২০১৩ চনত কলেজখন প্ৰাদেশিকীকৰণ কৰা হয় যদিও বৃত্তিগত অৰ্হতা NET/SLET/P.HD.নথকাৰ বাবে সেই সময়ত এখেতৰ চাকৰিটো প্ৰাদেশিকীকৰণৰ পৰা বাদ পৰি ৰয়। আইন মতে ৫ বছৰৰ ভিতৰত NET/SLET/P.HD, ডিগ্ৰী অৰ্জন কৰিব নোৱাৰিলে চাকৰিৰ পৰা অৱসৰ দিয়া হ'ব বুলি চৰকাৰী ভাবে ঘোষণা কৰিছিল।সেই মতে যোৱা ২০১৫ চনত কঠোৰ পৰিশ্ৰম, একনিষ্ঠ প্ৰচেষ্টা আৰু ভবিষ্যতে সুখময় জীৱনৰ আশাত এখেতে NET আৰু SLET দুয়োটা পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণহৈ সহকাৰী অধ্যাপক হোৱাৰ যোগ্যতা অৰ্জন কৰে। 

চৰকাৰৰ কথা আছিল NET/SLET/P.HD.ৰ যিকোনো এটা লাভ কৰিলেই লাভ কৰা দিনৰ পৰাই চৰকাৰী সকলো সুবিধা দিয়া হ'ব বুলি সেই সময়ৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই সদম্ভে ঘোষণাও কৰিছিল। কিন্তু পৰিতাপৰ বিষয় এয়াই যে এখেত আজি NET,SLET দুয়োটা পৰীক্ষাত পাছ কৰাৰ পিছতো যোৱা ৩-৪ বছৰে দূৰ্ভাগ্যজনক ভাবে চাকৰিৰ প্ৰাদেশীকিকৰণৰ হোৱাৰ পৰা বঞ্চিত হৈ থাকিব লগা হৈছে। সেয়ে কেতিয়াবা দৰ্জী কাম আৰু কেতিয়াবা (আৰ্ট)দোকান আৰু বাটে পথে চৰকাৰী আঁচনিৰ ছাইনবোৰ্ড লিখি অসহনীয় দৰিদ্ৰতাৰ মাজতে জীৱন নিৰ্বাহ কৰিব লগা হৈছে। গতিকে মোৰ সমূহ ফেচবুক বন্ধু-বান্ধবী সকলোক কৰজোৰে অনুৰোধ জনাও যাতে মোৰ এই প্ৰতিবেদন খন বেছি-বেছি Like, Comment &Share কৰি শিক্ষামন্ত্ৰী তথা সমাজৰ সচেতন মহলৰ দৃষ্টি গোচৰ হোৱাত একান্ত ভাবে সহায় কৰে।



Read More

Wednesday, June 20, 2018

এয়াৰটেলৰ মুছলিম বিৰোধী কাণ্ড ! টুইটাৰত প্ৰতিবাদৰ জোৱাৰ !

June 20, 2018 0
এয়াৰটেলৰ মুছলিম বিৰোধী কাণ্ড ! টুইটাৰত প্ৰতিবাদৰ জোৱাৰ !
ভাৰতীয় এয়াৰটেলে টুইটাৰত মুছলিম বিৰোধী টুইট এটাক আওপকীয়াকৈ সমৰ্থন যোগাৱাত সমগ্ৰ টুইটাৰতে তীব্ৰ প্ৰতিবাদৰ সন্মূখীন হৈছে ।উল্লেখযোগ্য় এই যে পুজা সিং নামৰ এহৰাকী মহিলাই এয়াৰটেলৰ সেৱাৰ বাবে টুইটাৰত অভিযোগ আনিছিল আৰু তাৰ পাছত তেওৰ অভিযোগ শুনিবৰ বাবে এয়াৰটেলৰ ফালৰ পৰা চৈয়ব নামৰ এজন মুছলমান যুৱকক এয়াৰটেলৰ ফালৰ পৰা নিয়োগ কৰা হৈছিল । কিন্তু চৈয়বৰ নাম দেখি পুজা সিংয়ে চৈয়ব মুছলমান হোৱাৰ বাবে বিশ্বাস নকৰো বুলি কয় আৰু চৈয়বৰ সলনি এজন হিন্দুক এয়াৰটেলৰ ফালৰ পৰা তেওৰ অভিযোগ শুনিবলৈ আবেদন জনায় । ইফালে পুজা সিংৰ এই মুছলমান বিৰোধী মনোভাৱৰ কোনো প্ৰতিবাদ নকৰি এয়াৰটেলে গগানজত নামৰ আন এজন ব্য়ক্তিক নিয়োগ কৰে । 


ইফালে এয়াৰটেলৰ এই কৰ্ম কাণ্ডৰ প্ৰতিবাদ কৰি বহুতে টুইটাৰত এয়াৰটেলৰ সেৱাৰ পৰা অব্য়াহতি লব বুলি ভাবুকি দিয়ে । ফলস্বৰুপে পৰিস্থিতি বিষম দেখি এয়াৰটেলে পুনৰ টুইট কৰি কয় যে এয়াৰটেলে কেতিয়াও ধৰ্মৰ ভিত্তিত নিজৰ কৰ্মচাৰী আৰু গ্ৰাহকৰ মাজত বিভাজন নকৰে ।

Read More

Monday, May 28, 2018

ৰামদেৱে আৰম্ভ কৰিলে পতজ্ঞলী ছিম কাৰ্ড।পিছ কি অফাৰ আছে চাওক !

May 28, 2018 0
ৰামদেৱে আৰম্ভ কৰিলে পতজ্ঞলী ছিম কাৰ্ড: হয়, থিকেই শুনিছে ! ইমানদিনে ৰগৰ হিচাপে আপুনি শুনি অহা পতজ্ঞলী ছিম কাৰ্ড আজিৰ পৰা বাবা ৰামদেৱে বজাৰত মুকলি কৰি দিয়ে | ইতিমধ্যে ভাৰতৰ চাবুন, তেল , ঔষধ আদি বিক্ৰী কৰি প্রখ্যাত বেপাৰী হৈ পৰা ৰামদেৱে এইবাৰ টেলিকমৰ বজাৰতো নিজৰ ছিমেৰে ব্যৱসায় আৰম্ভ কৰে | আয়ুৰ্বেদিক নহলেও এই ছিম কাৰ্ডৰ নাম দিয়া হৈছে ''স্বদেশী সমৃদ্ধি ছিম কাৰ্ড'' | 


এই ছিম বিক্ৰী কৰিবলৈ ৰামদেৱ বিএছএনএলৰ সৈতে চুক্তিবদ্ধ হৈছে আৰু বৰ্তমানৰ বাবে এই ছিম মাত্ৰ পতজ্ঞলীৰ কৰ্মচাৰীৰ বাবেহে উপলব্ধ হব । বৰ্তমানৰ বাবে এই পতজ্ঞলী ছিমখনৰ এটাই প্লেন উপলবদ্ধ | মাথো ১৪৪ টকাৰ ৰিছাৰ্জ কৰিলে গ্ৰাহকে লাভ কৰিব আনলিমিটেড কলিং, ১০০ টা মেছেজ আৰু ২ জিবি ইন্টাৰনেট । ইয়াৰ উপৰিও ছিম কাৰ্ডৰ লগতে লাভ কৰিব ২.৫ লাখ টকাৰ মেডিকেল আৰু ৫ লাখ টকাৰ জীৱন বীমা । অৱশ্য়ে এই ছিম কেৱল পতজ্ঞলীত কাম কৰা লোকসকলৰ বাবে, আপুনি এই ছিম লাভ কৰিবৰ বাবে কিছুদিন অপেক্ষা কৰিব লাগিব ।
Read More

aayodin ki kami hone se kyaa-kyaa bimaariyaan hoti hain?

May 28, 2018 0
aayodin ki kami se hone vaali bimaariyaan etni aam ho gayi thi ki namak ko aayodin yukt kiyaa gayaa। maannaa yah thaa ki namak to sabhi kharidte hain, aur khaane men estemaal karte hain। es tarah se sabhi ki aayodin kami dur ho jaaagi। jaaniye aayodin ki kami hone se kyaa bimaariyaan aur samasyaaan ho sakti hain।

aayodin ek aisaa khanij hai, jo hamaare svaasthy ke lia ati aavashyak hai। aksar ye dekhaa gayaa hai ki hamaari rojmarraa ki bhaag daud vaali jindgi men ham kuchh es kadar mashgul rahte hain, ki apne khaanpaan par dhyaan nahin dete। eske kaaran kam umr men bimaariyaan gher leti hain।



aayodin n sirph hamaare thaayraaed glaind ko suchaaru rup se kaam karne men madad kartaa hai, balki aayodin ke estemaal se hamaare nas, maanspeshiyaa men raktaprvaah bhi suchaaru rup se hotaa hai।

aayodin aapke sharir men paaa jaane vaale gud kalsastrol ko bdhaataa hai, jisse hraday rog sambandhit bimaariyaan aapko tang nahin karti। bdhte prdushan aur jangal ki aag ke tarah phail rahe bimaariyon se aap bache rahte hain।

n aapko kam umr men budhe honne vaale lakshnon se jujhnaa pdtaa hai aur n hi daktar ke chakkar lagaane pdte hai। aayodin hamaare rojmarraa ke khaan paan jaise taaje phalon, sabjiyon,ande ki jardi, si phuds men miltaa hai।

unchaahi baal

aayodin ki kami se logon men ghaagh rog jise angreji men goetar kahte hain, vo ho saktaa hai। yah ek aisaa rog hai, jisme aapke gale ke paas paaa jaane vaale thaaeroed glaind men sujan aa jaati hai।

thaaeroed glaind yaa to atyadhik harmons sikret karne lagtaa hai, nahin to aapke sharir men harmons ki maatraa etni kam hone lagti hai, ki aapko haaepothaayraayadijm jaisi bimaari ghar kar le sakti hai।

agar aapko jyaat n ho, to main ye baat aapko bataanaa chaahungi, ki hamaare sharir ke suchaaru rup se chalne ke liye jitne harmons ki jrurat hai, uske 65% kaa sanchaalak hamaaraa thaaeroed glaind hai। ab aap ye andaajaa lagaa sakte hain, ki agar thaaeroed glaind men koi samasyaa hui to aapkaa sharir kis tarah se bhugtegaa।

ghaagh rog ki shuruaat men aapko kisi bhi tarah ki pareshaani yaa asuvidhaa kaa ehsaas nahin hogaa। aapke gale men ho saktaa hai halkaa halkaa dard ho aur thodi sujan ho jaaa।

aksar log use tansil ki samasyaa samajhakar njarandaaj kar dete hai। yahi se samasyaa ki shuruaat hoti hai। sarvapratham sujan se shuru hone ke baad aapke gale men ye ek andaakaar shakl lekar baahar ki aur nikalne lagtaa hai।

rogi ko kisi prkaar ke dard kaa ehsaas to nahin hotaa, lekin jaise jaise samay bittaa jaataa hai । khaansne, khaanaa khaane, nigalne men taklife dekhi jaati hai। agar sahi tarike se elaaj nahin kiyaa gayaa, to aapko glaind tyubarkalosis aam bhaashaa men jise glaind ti.bi jaise ghaatak bimaariyon kaa khtraa ho saktaa hai।



apne khaanpaan kaa vishesh dhyaan rakhen । ek bailens daaet len, jisme har tarah ke poshtik tatv aapke sharir ko praapt ho saken। agar aapko samasyaa ho chuki hai, to chikitsak se paraamarsh karen। roj subah vyaayaam karen ।aayodin yukt aahaar le।
Read More

Saturday, May 26, 2018

অসমীয়া মুছলমান সমাজ

May 26, 2018 0
অসমীয়া মুছলমান সমাজ: (1205)চন|আহোমসকল অসমলৈ অহা প্ৰায় ২৫(25) বছৰ মান আগৰ কথা যেতিয়া প্ৰথমজন অসমীয়া থলুৱা ব্যক্তিয়ে ইচলাম ধৰ্ম গ্ৰহণ কৰিছিল আৰু প্ৰথম ইছলাম গ্ৰহণ কৰা জন আন কোনো নাছিল তেঁও আছিল মেচ জনগোষ্ঠীৰ প্ৰধান “আলী মেচ”| আৰু এইয়াই হৈছে অসমীয়া মুছলমানৰ আৰম্ভণি|সেই বছৰতেই বৰ্তমান তুৰ্কীৰ পৰা চীনদেশ আক্ৰমণ(১২০৬ চনৰ ২৭ মাৰ্চ (27th march 1206) ) কৰিব আহোতে কিছু তুৰ্কীৰ যোদ্ধা অসমৰ যোদ্ধাৰ লগত পৰাস্ত হৈ অসমতে থাকি যায় আৰু অসমকে নিজৰ বুলি সাবতি লয়|এনেকৈ হয়তো আৰম্ভ হ’ল অসমীয়া মুছলমান সমাজৰ|
আহকচোন আমি এতিয়া চাঁও অসমীয়া মুছলমানসকলক ভাষা-সংস্কৄতি,বৄত্তি­ আদিৰ পটভূমিত কেইটা ভাগত ভগাব পাৰি আৰু সেইকেটা কি কি ..
১)গৰীয়া
২)চৈয়দ-দাৱন
৩)মৰীয়া
৪)দেশী
৫)মণিপুৰি
৬)জোলা আৰু
৭)পৃৰ্ববঙ্গীয় মূলৰ মুছলমান
১)গৰীয়া:ত্ৰয়োদশ শতিকা(13th century)ৰ পৰা অসমত বন্দী হৈ ৰৈ যোৱা মুছলমান সৈন্য ,পীৰ,ফকীৰ,আউলীয়া আদিৰ বংশধৰ,মুছলমান শাসকাধীন নামনি অসমলৈ কাষৰীয়া গৌড় ৰাজ্যৰ পৰা অহা মুছলমানসকলক গৰীয়া বুলি কোৱা হয়|বৄত্তিগত ব্যৱধান থাকিলেও এইসকলৰ ধৰ্মীয় উপসনা পদ্ধতি আৰু সাজ-সজ্জা একে|এইসকলৰ সকলোৱে গৌড় বা গৌড় দেশৰ মাজেদি প্ৰবেশ কৰা বাবে থলুৱা লোকসকলে গৌড়ীয়া বুলি কৈছিল আৰু কালক্ৰম গৰীয়া বুলি জনাজাত হল|উল্লেখযোগ্য যে সকলো গৰীয়া মুছলমান অসমীয়া মুছলমান কিন্তু সকলো অসমীয়া মুছলমান গৰীয়া নহয়|
2)চৈয়দ-দাৱন:আজান ফকিৰ আৰু তেঁওৰ সহযোগী সকলৰ বংশধৰ সকলক অসমত দাৱন বুলি জনা হয়|মধ্যযুগৰ অসমৰ মুছলমানসকলৰ মাজত দাৱন সকলে ধৰ্মীয় কাম-কাজৰ পুৰোহিত হিচাপে জীৱন-নিৰ্বাহ কৰিছিল|আৰু এই দাৱনসকলক ’চৈয়দ’ গোষ্ঠীৰ লোক বুলিও কোৱা হয়|এইসকলে নিজকে হজৰত মহম্মদ(ছ:)ৰ বংশধৰ হিচাপে পৰিচয় দিয়ে|এই চৈয়দসকলৰ কোনোবা আহিছিল যুদ্ধবন্দী হিচাপে অথবা কোনোবা আহিছিল ধৰ্মপ্ৰচাৰ কৰিবলৈ|
অসমৰ আন মুছলমানসকলে দাৱনসকলক ধৰ্মীয় গুৰু হিচাপে মানি লৈছিল|গাঁওৰ মছজিদৰ ইমামতি কৰা;ধৰ্মীয় শিক্ষানুষ্ঠানসমূহ পৰিচালনা কৰা,নিকাহ কাৰ্য সমধান কৰা আদি গুৰুত্বপূৰ্ণ ধৰ্মীয় কামসমূহৰ গুৰিধৰোতা সমূহ আছিল দাৱনসমূহ|
৩)মৰীয়া:মৰীয়া সকল হৈছে এটা বিশেষ বৄত্তিৰ ওপৰত ভিত্তি কৰি অসমত থাকি যোৱা যুদ্ধবন্দী মুছলমান|এইসকল মুছলমান কৰ্মপটু খনিকৰ আছিল|গতিকে বন্দীৰ পৰা মুকলি হোৱাৰ পাছত এইসকল মুছলমানে তেঁওলোকৰ বৃত্তি অনুসৰি অসমত পিতল মৰিয়াই তাৰ পৰা সুন্দৰ সুন্দৰ কলহ.লোটা,চৰিয়া ,চাকি আদি তৈয়াৰ কৰিবলৈ ধৰিছিল|থলুৱা লোকসকলে যেতিয়া প্ৰথমে এই বন্দী মুছলমানসকলক দেখিছিল তেতিয়া আটাইয়ে মৰিয়াই মৰিয়াই বাচন-বৰ্তন তৈয়াৰ কৰি আছিল|সেইহে থলুৱা লোকসকলে তেঁওলোকক মৰিউৱা বা মৰিয়া কবলৈ ধৰিলে|
৪)দেশী মুছলমান:দেশী মুছলমানসমূহ অসমৰ খিলঞ্জীয়া লোক| বৰ্তমান গোৱালপাৰা,ধুবুৰী,বঙাইগাঁও আদিত চতুৰ্দশ শতিকাৰ পৰা বাস কৰি অহা মুছলমানসকলক দেশী মুছলমান বোলা হয়|চতুৰ্দশ শতিকাত(14th century) ৰজা চক্ৰধ্বজে ৰুকুনুদ্দিন বাবাক চাহক ৰাজ্যৰ একাংশ এৰি দিয়াৰ লগতে নিজেও ইচলাম ধৰ্ম গ্ৰহণ কৰিছিল|ফলস্বৰুপে তেঁওৰ পৰিয়ালৰ লগতে প্ৰজাবৰ্গৰ কিছু সংখ্যক মানুহ মুছলমান হোৱাটো স্বাভাবিক|ইয়াৰোপৰিও ইটাখুলি ৰণৰ পাছত যিহেতু মানাহ নদী আহোম আৰু মোগলৰ সীমা হৈ পৰিছিল গতিকে মানাহৰ পশ্চিমত অৱস্থিত অবিভক্ত গোৱালপাৰা জিলা ২০০ বছৰোধিক কাল ব্ৰিটিছ আগমণলৈকে মোগল সম্ৰাজ্যৰ অধীন হৈ আছিল|ফলত যথেষ্ট খিনি মানুহ মুছলমান হৈ পৰিছিল|এঁওলোকক দেশী মুছলমান বুলি জনা যায়| 
৫)মণিপুৰি মূছলমান:কেইবা শতিকা জুৰি বৰাক উপত্যকাৰ কাছাৰ জিলাত বাস কৰি অহা মণিপুৰী মূলৰ মুছলমানসকলে নিজৰ ভাষা-সংস্কৃতি পালন কৰি অহাৰ লগতে বৰাক উপত্যকাৰ থলুৱা সংস্কৃতিও আদৰি লৈছে|অৱশ্যে নিজৰ সংস্কৄতি পাহৰি নগলেও এইসকলে দেহ-মন অসমৰ প্ৰতিয়ে সমৰ্পন কৰিছে|এঁওলোকে নিজৰ মাজতে বিয়া বাৰু কৰায় আৰু মণিপুৰি বা বাংলাভাষাত পঢ়া-শুনা কৰে|
৬)জোলা মুছলমান:চাহ শ্ৰমিক ৰূপে অসমলৈ অহা মুছলমানসকলক জোলা মুছলমান বুলি জনা যায়|এঁওলোক মূলত দুটা ভাগত বিভক্ত -চাহ শ্ৰমিক আৰু প্ৰাক্তন চাহ শ্ৰমিক|কিছুমান চাহ শ্ৰমিক আজিও বাগিছা বোৰত কাম কৰি থকা দেখা যায় |আনহাতে অন্যান্য চাহ শ্ৰমিক যিসকলে বৰ্তমান স্বইচ্ছাই বাগিছাৰ পৰা অব্যাহতি লৈ অন্য কৰ্মত মনোনিবেশ কৰিছে তেঁওলোকক প্ৰাক্তন চাহ-শ্ৰমিক বুলি জনা যায়|জোলা মুছলমানসকল প্ৰায় ডেৰশ শতিকা ধৰি অসমত বসবাস কৰি আহিছে যদিও বাগিছাৰ চৌহদতে আবদ্ধ হৈ থকাৰ বাবে বৄহত্তৰ অসমীয়া সমাজৰ পৰা বহুখিনি আঁতৰত|বৰ্তমান চাহ বাগিছাত বাস কৰা সকলে পূৰ্ববৰ্তী ভাষাতে কথা পাতি আহিছে|আনহাতে প্ৰাক্তন চাহ শ্ৰমিকসকল শিক্ষা-দীক্ষাত বহুখিনি আগবাঢ়ি গৈছে|ভাৰতৰে ঝাৰখণ্ড পৰা অহা এইসকল অদূৰ ভবিষ্যতে বৃহত্তৰ অসমীয়া জাতিত বিলিন হোৱাৰ সম্ভাৱনা অধিক|
৭)পৃৰ্ববঙ্গীয় মূলৰ মুছলমান:প্ৰকৃততে অসমৰ মুছলমানৰ অধিকাংশই হৈছে পৃৰ্ববঙ্গীয় মূলৰ মুছলমান| পৃৰ্ববঙ্গীয় মূলৰ হ’লেও ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাৰ পৃৰ্ববঙ্গীয় মূলৰ মূছলমানৰ মাজত পাৰ্থক্য দেখা যায়|যিহেতু বৰাক উপত্যকাৰ এটা বৃহৎ অঞ্চল পূৰ্বতে বংগদেশৰ অন্তৰ্ভূক্ত আছিল গতিকে ইয়াত থলুৱা সংস্কৃতিৰ প্ৰভাব কম দেখা যায় আৰু বংগীয় সংস্কৃতিৰ প্ৰভাব অধিক হোৱা দেখা যায়|আনহাতে পৃৰ্ববঙ্গীয় মূলৰ অধিকাংশ ই উনবিংশ(19th century) আৰু বিংশ শতিকা (20th century)ত অহা লোক|অসমত বাস কৰি অহা এই পৃৰ্ববঙ্গীয় মূলৰ মুছলমান লোকসকলৰ মাজত পূৰ্ববংগীয় ভাষা-সংস্কৃতি প্ৰচলন হৈ থকা দেখা যায়|বহুতে এই সকল লোকক অভিবাসী মুছলমান বুলি কোৱা দেখা যায়|তদুপৰি এই মুছলমানসকলক পমুৱা বা চৰ-চাপৰিবাসী বুলিও জনা আছে|এইসকলক বহুতেই মিঞা মুছলমান বুলি কোৱা দেখিবলৈ পোৱা যায় |আমি জনাত এই মিঞা শব্দটোৰ অৰ্থ ডাঙৰীয়া|কিন্তু এই মিঞা শব্দটো সন্মানসূচক ৰূপে আজিৰ সমাজত ব্যৱহাৰ কৰা দেখা নাযায়|আশা কৰিছো অদূৰ ভবিষ্যতে পৃৰ্ববঙ্গীয় মূলৰ মুছলমানসকলৰ এটা সৰ্বজন স্বীকৃত সন্মানজনক নাম প্ৰচলন হব|
সংগ্ৰহ- জাৰিদ হুছেইন আৰু  আৰিফ হুছেইন
Read More

kam samay men motaapaa kam karne ke kaargaar tarike

May 26, 2018 0
laaephastaael aur khaanpaan men thodaa saa parivartan laakar ghataaea apnaa motaapaa aur vajan

badalti dinacharyaa aur vyast jivan ke kaaran hamaaraa khaan paan buri rup se prbhaavit huaa hai। esi kaaranavash yah saamne aayaa hai pahle kuchh log hi motaape ke shikaar the lekin ab jise dekhe vo apne bdhte hua vajan ko lekar chintit hai। kitne hi dinno ki daaeting aur vyaayaam karne ke baad bhi koi parinaam nahin mil rahaa hai to chintit n ho। ham aapke lia lekar aaye hain kuchh aise aasaan se tarike jo kam samay men aapko motaape se chhutkaaraa dilaa denge।

motaapaa

• vajan kam karne ke lia aksar log khaanaa pinaa chhod dete hai jo unki sabse bdi galti hoti hai। vajan kam karnaa hai to khaanaa pinaa niyantritr honaa chaahia n ki ekadam se khaanaa chhod de। sabse pahle to subah kaa naashtaa karne ki aadat banaa le।

• roj subah uth kar nity kriyaa karne se pahle ek gilaas gunagune paani men nimbu aur shahad milaa kar pia। esse vajan to kam hotaa hi hai saath hi saath any phaayde bhi milte hai।

• 2 se 3 chammach ajvaaen ko raat bhar ke lia ek gilaas paani men bhigo de। ab subah uthakar esi ajvaaen ko pis kar esmen ek chammach shahad daalakar pi le। aisaa nirantar ek mahine karte rahne se vajan men jaldi kami aati hai।

• bahaar kaa prosesd khaanaa bilakul band kar de। jaise pijjaa, bargar yaa phir talaa bhunaa khaanaa , jyaadaa masaale vaalaa khaanaa n khaaye।

• eloveraa kaa ras – eloveraa n sirph hamaari tvchaa aur baalo ke lia balki hamaare sharir ke lia bhi bahut gunkaari hotaa hai। eloveraa kaa agar nity sevan kiyaa jaaye to vah paachan shakti ko sudhaarakar apach , kabj jaisi bimaariyon se hame chhutkaaraa dilaataa hai। jaldi vajan kam karne ke lia roj subah eloveraa ke ras kaa sevan kare। roj 5 mi. li. eloveraa ras lene se aapko jald hi asar dikhaai degaa।

• khaane men ovriting se bache। kuchh log khaanaa vyarth n ho esalia, kuchh log apne pasandidaa vyanjnon ko dekhakar atyadhik khaa lete hain – natijaa bdhaa huaa vajan। esalia jitni aapke sharir ki aavashkaytaa hai, utnaa hi khaanaa apni plet men le , esse khaanaa vyarth bhi nahin hogaa aur aap ovriting se bhi bach jaayenge।

• khaanaa khaane ke turant baad paani nahin pinaa chaahia। khaanaa khaane ke kam se kam aadhaa ghante baad aap paani pia। kayi baar khaanaa khaate – khaate paani pinaa jaanlevaa bhi ho saktaa hai।

• shakar yukt chije jaise mithaaiyaa, chaklet etyaadi se dur rahe। agar phalo kaa ras bhi le rahe hai to yah dhyaan avashy rahe ki usme atirikt shakkar n milaa huaa ho। kyoki phalo men pahle se hi shakkar ki maatraa adhik hoti hai, atirikt shakkar milaane se yah pey aapkaa vajan bdhaaange।
Read More

Thursday, May 24, 2018

গুৱাহাটীত পাইপযোগে আৰম্ভ হব ৰন্ধন গেছ সেৱা

May 24, 2018 0
গুৱাহাটীত পাইপযোগে আৰম্ভ হব ৰন্ধন গেছ সেৱা: অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাত অসম গেছ কোম্পানী লিমিটেডৰ অধীনত পূৰ্বৰে পৰা চলি অহা ঘৰুৱা গেছ পাইপলাইন সেৱাৰ দৰে অতি সোনকালে গুৱাহাটীৰ লগতে কামৰূপ (গ্ৰাম্য) জিলাত ঘৰতে পাইপযোগে ৰন্ধন গেছ যোগানৰ ব্যৱস্থা কৰা হ’ব। 

নগৰ গেছ বিতৰণ ( City Gas Distribution ) আঁচনিৰ অধীনত বৰাক উপত্যকাৰ তিনিখন জিলাকে ধৰি উত্তৰ-পূবৰ চাৰিটাকৈ নতুন অঞ্চলত আনুমানিক ২০২১ চনৰ পৰা আৰম্ভ হ’ব এই পাইপলাইন ব্যৱস্থা।গুৱাহাটীত আজি ২৪ মে’ত এই তথ্য় সদৰি কৰে  পে’ট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ নিয়ামক ব’ৰ্ড (Petroleum and Natural Gas Regulatory Board)ৰ অধ্যক্ষ ডি কে ছাৰফেই |
কেন্দ্ৰীয় চৰকাৰৰ ‘উৰ্জা গংগা’ প্ৰকল্পৰ অধীনত বাৰাউনিৰ পৰা গুৱাহাটীলৈ গেছ পাইপলাইনৰ সম্প্ৰসাৰণৰ যোগেদি এই সেৱা আৰম্ভ হ’ব। অনুষ্ঠানত উপস্থিত থাকি অসমৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় যে অসমত ‘উৰ্জা গংগা’ প্ৰকল্পৰ পাইপলাইন সম্প্ৰসাৰণ প্ৰক্ৰিয়াত ৰাজ্য চৰকাৰৰ ফালৰ পৰা সম্পূৰ্ণ নিৰাপত্তা প্ৰদান কৰা হ’ব আৰু ই এক নতুন দিগন্তৰ সৃষ্টি কৰিব |
Read More

Wednesday, April 18, 2018

HOW TO WRITE FIR IN ASSAMESE

April 18, 2018 0
Many of you asking me how to write FIR in Assamese, today i will let you know both how to write First Information Report (FIR) in Assamese as well as English.


FIR IN ASSAMESE

How to write application for lodging a F.I.R (In English):

From ABC(Write your name here)
XYZ(Write your address here)
995400000(Write your contact mobile number)                                                   Date.______      

To,
The Police Officer In charge
(Name of the Local Police station)
Respected Sir,

Sub. : Loss of my original documents _____________(mention your lost document name)
 

While travelling from BANGALORE to PUNE by bus/ train, I have lost my Original IDs__________ bearing Registration No.____________ along with (name other documents if any)with registration No________________some where. (If you know the proper place where you have lost documents, you can mention the same in your application). Sir, to avoid any misuse of my above original documents,I seek your help and request you to kindly register my F.I.R in the subject matter.For your ready reference I enclose herewith
(a) copy of lost ____________
(b) copy of ______________ as I.D proof.

Hope you will do the needful favorably at the earliest.Thanks and regards
Yours Sincerely
XYZ(your signature)
ABC(your place)


Note : You should make 3 or more copies of the Application.(1 copy for police station record, 1 copy for duplicate Document Application & 1 copy for your own record) Please take care that you should get the report (F.I.R) duly signed by Police Officer In-charge with his name and designation, Police station Address Stamp.

How to write application for lodging a F.I.R (In Assamese):

Here is a copy how to write application FIR in Assamese.


Read More

namak ki kami ke kaaran hone vaali bimaariyaan

April 18, 2018 0
namak men hotaa hai sodiyam, aur es sodiyam ki kami ke kaaran kayi bimaariyaan ho sakti hain. jaaniye namak ki kami se hone vaali bimaariyaan aur eskaa rokthaam.


jaise khaane ke jaayke ke lia namak jaruri hai, vaise hi hamaare sharir aur svaasth ke lia bhi. aaj jaante hain namak ki kami ke kaaran hone vaali bimaariyon par.



namak hamaare sharir ki sodiyam purti kaa srot hotaa hai। ek vayask ko pratidin 132-148mg namak ki aavashyaktaa hoti hai। namak men rah rahe sodiyam ko sharir men sahi tarike se kaam karne ke liye maignishiyam aur potaishiyam ki jrurat hoti hai, jiski purti phruts etyaadi se ki jaati hai। agar kisi ensaan ke sharir men 118mg se kam sodiyam ki maatraa ho jaaa to ye jaanlevaa bhi ho sakti hai।
eski shuruaat hoti hai kamjori aur chakkar aane se, parantu log en shuruaati lakshnon ko  andekhaa kar dete hain। natijaa yahi hotaa hai – dhire dhire haalaat bigdne lagti hai। aapki yaaddaasht ko gahraa asar pdtaa hai। aap aljaaemar ke rogi ban sakte hain। namak men maujud aayodin se haddiyon ko taakt milti hai।

agar aapke sharir men namak ki maatraa kam ho jaaa to aapko austiyoporosis kaa khtraa ho saktaa hai। mahilaaon ko khaas dhyaan rakhnaa chaahiye, kyonki austiyoporosis mahilaaon men hone ki aashankaa sabse jyaadaa hoti hai।

namak kaa sevan kam karne se sharir men aayaran ki maatraa bhi bdhne lagti hai aur sharir men jyaadaa aayaran honaa bhi achchhaa nahin hai । paachan kriyaa men kathinaai, baalon kaa jhdnaa , daanto men kaale daag aisaa lagegaa jaise aap gutkhaa lete ho।

sharir kaa phulnaa 

namak ki kami hone se logon ko lo bi.pi ki prablam to hoti hai. eske saath ek alag shikaayat bhi kaaphi logon men dekhi gayi hai, aur vo hai sharir kaa achaanak se phulnaa । aapkaa sharir utnaa vajandaar nahin hogaa magar dekhne men phulaa phulaa dikhegaa। sharir men lipids ki maatraa jyaadaa hone se aapkaa sharir thulathul karegaa। aisi kaayaa bhi bimaariyon kaa ghar ban jaati hai।

pet sambandhit bimaari hone kaa kaaran to aapko dikh gayaa, lekin kyaa aapko ye jyaat hai, ki jaise jyaadaa namak se kainsar ho saktaa hai, vaise kam namak se bhi kainsar hone ki sambhaavnaa rahti hai।

kainsar hone ki sambhaavnaa

ab aap ye sochne mat lagiyegaa ki kal se jyaadaa maatraa men namak lenaa hai। koi bhi chij jyaadaa yaa kam maatraa men lene se badi kaa bailens bigdne lagtaa hai aur bailens bigaadnaa khtre ki ghanti hai। har chij ko sahi maatraa men len esse aap bhi svaasth rahange aur aapkaa parivaar bhi khush rahegaa।
Read More

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close