গুৱাহাটীত পাইপযোগে আৰম্ভ হব ৰন্ধন গেছ সেৱা: অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাত অসম গেছ কোম্পানী লিমিটেডৰ অধীনত পূৰ্বৰে পৰা চলি অহা ঘৰুৱা গেছ পাইপলাইন সেৱাৰ দৰে অতি সোনকালে গুৱাহাটীৰ লগতে কামৰূপ (গ্ৰাম্য) জিলাত ঘৰতে পাইপযোগে ৰন্ধন গেছ যোগানৰ ব্যৱস্থা কৰা হ’ব।
নগৰ গেছ বিতৰণ ( City Gas Distribution ) আঁচনিৰ অধীনত বৰাক উপত্যকাৰ তিনিখন জিলাকে ধৰি উত্তৰ-পূবৰ চাৰিটাকৈ নতুন অঞ্চলত আনুমানিক ২০২১ চনৰ পৰা আৰম্ভ হ’ব এই পাইপলাইন ব্যৱস্থা।গুৱাহাটীত আজি ২৪ মে’ত এই তথ্য় সদৰি কৰে পে’ট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ নিয়ামক ব’ৰ্ড (Petroleum and Natural Gas Regulatory Board)ৰ অধ্যক্ষ ডি কে ছাৰফেই |
কেন্দ্ৰীয় চৰকাৰৰ ‘উৰ্জা গংগা’ প্ৰকল্পৰ অধীনত বাৰাউনিৰ পৰা গুৱাহাটীলৈ গেছ পাইপলাইনৰ সম্প্ৰসাৰণৰ যোগেদি এই সেৱা আৰম্ভ হ’ব। অনুষ্ঠানত উপস্থিত থাকি অসমৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় যে অসমত ‘উৰ্জা গংগা’ প্ৰকল্পৰ পাইপলাইন সম্প্ৰসাৰণ প্ৰক্ৰিয়াত ৰাজ্য চৰকাৰৰ ফালৰ পৰা সম্পূৰ্ণ নিৰাপত্তা প্ৰদান কৰা হ’ব আৰু ই এক নতুন দিগন্তৰ সৃষ্টি কৰিব |
No comments:
Post a Comment