Dimpu Baruah : GOVT SCHEME

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Showing posts with label GOVT SCHEME. Show all posts
Showing posts with label GOVT SCHEME. Show all posts

Wednesday, February 10, 2021

অসমৰ প্ৰতিখন পঞ্চায়তত গ্ৰাম্য সখীৰ নিযুক্তি । কিদৰে কৰিব আবেদন চাওক । ASSAM GOVT SCHEME JOBS 2021

February 10, 2021 1

অসম চৰকাৰৰ চাকৰি 2021 ASSAM GOVT SCHEME JOBS 20211

অসম চৰকাৰৰ চাকৰি 2021ৰ ভিতৰত অসম চৰকাৰৰ পঞ্চয়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগে শেহতীয়াকৈ মহত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিৰ অধীনত গ্ৰাম্য সখী নামৰ নতুন পদৰ নিয়োগৰ কথা ঘোষণা কৰিছে । কত কিদৰে এই নতুন পদত নিয়োগ লাভ কৰিব পাৰি সবিশেষ আজি আমি জনাম ।

Application form of Gramya Sakhi

খালী পদ - 

অসমৰ গ্ৰামাঞ্চলসমূহত এই নতুন পদ 'গ্ৰাম্য সখী' সকলক নিয়োগ কৰা হব । গ্ৰাম্য সখীসকলৰ মূল কাম হব মহত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিৰ অধীনত থকা জব কাৰ্ডধাৰীসকলে কৰা কামবিলাক চোৱা চিতা কৰা ।

লগতে পঢ়ক - অসম চৰকাৰৰ PNRDত পুন: ১৩২৪ টা পদ খালী । অনলাইন আবেদন

বয়স - 

১৮ বছৰৰ পৰা ৪৫ বছৰ বয়সৰ যিকোনো মহিলাই এই পদৰ বাবে আবেদন কৰিব পাৰিব ।অৰ্হতা- সপ্তম শ্ৰেণীলৈ পঢ়া যিকোনো মহিলাই এই পদৰ বাবে আবেদন কৰিব পাৰিব । সবিশেষ জানিবলৈ আজিয়েই আপোনাৰ পঞ্চায়তত যোগাযোগ কৰক ।

অন্যান্য অৰ্হতা OTHER ELIGIBILITY CRITERIA- 

আত্মসহায়ক গোটৰ সদস্য হোৱাৰ লগতে জবকাৰ্ড ধাৰী হব লাগিব । সবিশেষ তলৰ বিজ্ঞাপনত উল্লেখ কৰা হৈছে ।

মজুৰি - 

প্ৰতিদিন ২৮০ টকা ।

আমাৰ Job Whatsapp গ্ৰুপৰ সৈতে যোগদান কৰিবলৈ ক্লিক কৰক - ইয়াত

কিদৰে আবেদন কৰিব HOW TO APPLY - 

ইচ্ছুক প্ৰাৰ্থীসকলে আবেদন পত্ৰসমূহ নিজ নিজ পঞ্চায়ত কাৰ্যালয় নাইবা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ পৰা লব পাৰিব । ১৫ ফেব্ৰুৱাৰী,২০২১ ৰ পৰা ৫ মাৰ্চ,২০২১ ৰ ভিতৰত এই ফৰ্মসমূহ জমা লোৱা হব ।

Download Form

বিজ্ঞাপন-

Gramya sakhi advertisement

 

  https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2021/02/assam-govt-scheme-jobs-2021.html

Read More

Friday, December 25, 2020

হিমন্তৰ ঘোষণা - ১২ জানুৱাৰীত ২ লাখ নিবনুৱাই লাভ কৰিব ৫০ হাজাৰ টকা । Unemployed youth of Assam to get Rs 50,000

December 25, 2020 0

 ১২ জানুৱাৰীত ২ লাখ নিবনুৱাই লাভ কৰিব ৫০ হাজাৰ টকা

নিৰ্বাচন অহাৰ আগে আগে তৎপৰ হৈ উঠিছে শাসনাধিস্থ বিজেপি দল । ১২ জানুৱাৰীত অসমৰ নিবনুৱা যুৱক–যুৱতীয়ে লাভ কৰিব ৫০ হাজাৰকৈ টকা। এই কথা ঘোষণা কৰে অসম চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Unemployed youth of Assam to get Rs 50,000

সকলোৱে জানো যে কিছুদিন আগতে স্বয়ম আঁচনিৰ জৰিয়তে ২ লাখ নিবনুৱা যুৱতীয়ে আত্মসংস্থাপনৰ বাবে লাভ কৰিব ৫০ হাজাৰ টকাৰ অনুদান দিয়াৰ কথা চৰকাৰে ঘোষণা কৰিছিল। আৰু এই আচনিৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়াও চলিছিল ।
ইয়াৰ পাছতেই বৃহস্পতিবাৰে কৰিমগঞ্জত বিজেপিৰ কাৰ্যনিৰ্বাহকত ১২ জানুৱাৰীত অসমৰ নিবনুৱা যুৱক–যুৱতীয়ে লাভ কৰিব ৫০ হাজাৰকৈ টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিজৰ ভাষণত মন্ত্ৰীগৰাকীয়ে চাহ শ্ৰমিকৰ বাবেও এটি ভাল খবৰ দিয়ে । ৭ লাখ চাহ শ্ৰমিকৰ বেংক একাউণ্ট খোলাৰ লগতে প্ৰতিটো একাউণ্টত ২ৰ পৰা ৩ হাজাৰ টকাকৈ দিয়াৰ কথা ঘোষণা কৰে হিমন্ত বিশ্ব শৰ্মাই। মনকৰিব লগীয়া এই যে প্ৰতিবছৰে চাহ শ্ৰমিকে লাভ কৰিব লাভ কৰিব এই অনুদান।
Read More

Monday, December 7, 2020

অসম চৰকাৰে স্নাতক ডিগ্ৰীধাৰী ST(P) আৰু OBC যুৱক-যুৱতীসকলক দিব ৫০ হাজাৰ পৰ্যন্ত টকা । এইদৰে কৰক আবেদন । Assam Govt new scheme to OBC and ST Youths 2020

December 07, 2020 1
The Director of WPT&BC, Assam য়ে শেহতীয়াকৈ ST(P) আৰু OBC যুৱকসকলৰ বাবে 2020-21-ত বিত্তীয় সহায়ৰ বাবে এক বিজ্ঞাপন প্ৰকাশ কৰিছে আৰু যোগ্য প্ৰাৰ্থীসকলৰ পৰা নিৰ্ধাৰিত ফৰ্মেটত আবেদন বিচাৰিছে । আবেদনকাৰীসকলে সকলো যোগ্যতাৰ চৰ্ত পূৰণ কৰিলেহে আবেদন কৰিব পাৰিব ।
Assam govt new scheme to obc and st youths

স্নাতক ST(P) আৰু OBC যুৱক-যুৱতীসকলে কেনেদৰে আবেদন কৰিব তাৰ বিৱৰণ তলত দিয়া হৈছে। 

আঁচনিৰ নাম: 

Financial Assistance to Unemployed ST(P) and OBC youths/ Unemployed scholarship for ST(P) and OBC youths of Assam ।

জাতি : 

অসমৰ ST(P) আৰু OBC  শ্ৰেণীৰ অন্তৰ্ভুক্ত হ'ব লাগিব ।

অৰ্হতা: 

ইউ.জি./এ.আই.চি.টি./ৰাজ্য চৰকাৰৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত যিকোনো শিক্ষানুষ্ঠানৰ পৰা কলা/বিজ্ঞান/বাণিজ্য/কাৰিকৰী আদিত গ্ৰেডুৱেট হব লাগিব ।

বয়সৰ সীমা: 

25 বছৰৰ পৰা 45 বছৰ ।

পাৰিবাৰিক উপাৰ্জন: 

প্ৰতি বছৰে দুই লাখ টকা ।  

আবেদন কৰিবলৈ কি কি ডকুমেন্ট লাগিব :

(i) সংশ্লিষ্ট কৰ্তৃপক্ষই জাৰী কৰা জাতিগত প্ৰমাণপত্ৰ। 
(ii) আবেদনকাৰীৰ কৰ্মহীনতাৰ স্থিতি সম্পৰ্কে নোটাৰিৰ দ্বাৰা স্বাক্ষৰিত এফিডেফিট । 
(iii) সংশ্লিষ্ট কৰ্তৃপক্ষই জাৰী কৰা ঘৰুৱা উপাৰ্জন প্ৰমাণপত্ৰ। 
(iv) স্নাতক পাছ প্ৰমাণপত্ৰ। 
(v) HSLC এডমিট কাৰ্ড (বয়সৰ প্ৰমাণৰ বাবে) 
(vi) পাছপোৰ্ট আকাৰৰ ফটো। 
(vii) বেঙ্ক পাছ বুকৰ ফটোকপি। 
(viii) পৰিচয়ৰ প্ৰমাণ - ভোটাৰ ID/PAN কাৰ্ড/ড্ৰাইভিং লাইচেন্স/আধাৰ ইত্যাদি ( যিকোনো এটা নথিপত্ৰ)। 
(ix) চমু প্ৰস্তাৱ/আঁচনি যাৰ বাবে পৰিমাণটো ব্যৱহাৰ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। (সৰ্বাধিক 50,000 টকাৰ পৰিমাণলৈ সীমিত) 

বিত্তীয় সহায়ৰ বাবে কেনেদৰে আৱেদন কৰিব:  

আবেদনকাৰীয়ে নিৰ্ধাৰিত ফৰ্মেটত আৱেদন পত্ৰখন ডাউনলোড কৰি পূৰ কৰি লওক আৰু প্ৰাসঙ্গিক নথিপত্ৰৰ সৈতে Directorate of Welfare of Plain Tribes and Backward Classes, Assam, Rukmini Nagar, Guwahati-06 ত দাখিল কৰিব লাগিব। 
অন্তিম তাৰিখ: 20-12-2020 । 
আবেদন পত্ৰখন ডাউনলোড কৰিবলৈ ক্লিক কৰক - ইয়াত 
 
আপোনাৰ কোনোবা আত্মীয় নাইবা বন্ধুক এই বাৰ্তাটো শ্বেয়াৰ কৰিব । হয়তো কাৰোবাৰ বাবে বিশেষ উপকাৰী হব ।


 

  https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2020/12/assam-govt-new-scheme-to-obc-.html 

Read More

Tuesday, October 13, 2020

মুখ্যমন্ত্ৰীৰ গ্ৰাম্য পৰিবহণ আচনিৰ অধীনত বিতৰণ কৰা হব দহ হাজাৰ বাহন । কিদৰে কৰিব আবেদন চাওক । Mukhyamantrir Grammya Paribahan Achoni Apply Process

October 13, 2020 0

Mukhyamantrir Grammya Paribahan Achoni Apply Process

অসম গাওঁসমূহত গ্ৰাম্য সংযোগ আৰু যাতায়ত উন্নত কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ গ্ৰাম্য পৰিবহণ আচনিৰ অধীনত অসমৰ যুৱক-যুৱতীসকলক প্ৰায় ১০ হাজাৰ বাহন বিতৰণ কৰা হব । ইতিমধ্যে ইয়াৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে । আবেদনৰ বিষয়ে সবিশেষ জানিবলৈ আমাৰ লিখনি সম্পূৰ্নকৈ পঢ়ক ।
Mukhyamantrir Grammya Paribahan Achoni Apply Process

আবেদন প্ৰক্ৰিয়া- 

অফলাইন

কি কি সুবিধা দিয়া হব আৰু কাক দিয়া হব -

অসমৰ মুখ্য মন্ত্ৰী,সৰ্বানন্দ সোণোৱালে ঘোষণা কৰা অনুসৰি উক্ত আঁচনিৰ অধীনত 10,000 গাওঁ সামৰি লোৱা হব ।  আৰু প্ৰতিখন গাওঁৰ এটা হিতাধিকাৰী নাইবা পঞ্জীভুক্ত আত্মসহায়ক গোটে এই আচনিৰ সুবিধা লাভ কৰিব পাৰিব । বাহনখনৰ ব্যয়ৰ 25% লৈকে ৰাজসাহায্য সাহায্য প্ৰদান কৰা হব। 

যোগ্যতাৰ চৰ্ত 

  • আবেদনকাৰী / এছএইচজি সেই ভিলেজৰ অন্তৰ্ভুক্ত হ'ব লাগিব যাৰ বাবে তেওঁ আৱেদন কৰি আছে। 
  • আবেদনকাৰীৰ  Light  Motor  Vehicle ৰ এটা বৈধ ড্ৰাইভিং লাইচেন্স থাকিব লাগিব।
  • আবেদনকাৰীৰ বয়স 21 বছৰতকৈ কম আৰু 40 বছৰৰ অধিক হব নোৱাৰিব (01.01.2020-ৰ অনুসৰি )।
  • এটা পৰিয়ালৰ কেৱল এজনেহে আচনিৰ বাবে যোগ্য হ'ব।
  • বাছনি কৰা হিতাধিকাৰী/এছএইচজি-ক বাহনখনৰ ব্যয়ৰ বেলেন্স পৰিমাণ পৰিশোধৰ ব্যৱস্থা কৰাৰ পিছত ৰাজসাহায্য প্ৰদান কৰা হ'ব ।
  • বাহনখনৰ ব্যয়ৰ 25% লৈকে অৰু সৰ্বোচ্চ ১ লাখ টকালৈ ৰাজসাহায্য সাহায্য প্ৰদান কৰা হব। 

কিদৰে আবেদন কৰিব - 

ইচ্ছুক প্ৰাৰ্থীসকলে অফলাইন তলৰ লিংকত গৈ ফৰ্মখন ডাউনলোড কৰি লব । ডাউনলোডৰ পাছত ফৰ্মখন ফিলআপ কৰি প্ৰয়োজনীয় নথি পত্ৰৰ সৈতে আপোনাৰ নিজ নিজ জিলাত থকা ডিটি অফিচত জমা দিব লাগিব ।

 

আবেদন ফৰ্ম - ইয়াত ক্লিক কৰক

চৰকাৰী বিজ্ঞাপন - ইয়াত ক্লিক কৰক ।

https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2020/10/directorate-of-health-services-fw-govt.html

Read More

Tuesday, September 22, 2020

স্বয়ম আচনিৰ আবেদন । যদি এতিয়াও আবেদন কৰা নাই তেন্তে পঢ়ক কৰিব কিদৰে Assam Swayam Scheme Online Apply 2020

September 22, 2020 7

Swayam Scheme Assam Online Apply Process

অসম চৰকাৰে অসমৰ নিৱনুৱা যুৱক-যুৱতীসকলৰ বাবে শেহতীয়াকৈ মুকলি কৰিছে এক অভিলাষী আঁচনি যাৰ নাম হৈছে 'স্বয়ম' আঁচনি (Swayam Scheme Assam)৷ এই আঁচনি (Swayam Scheme Assam) দ্বাৰা বিভিন্ন ক্ষেত্ৰত সহায় হোৱাকৈ অসমৰ প্ৰায় ২ লাখ যুৱক-যুৱতীয়ে লাভ কৰিব বছৰী ৫০ হাজাৰ টকা৷ এই আঁচনিৰ সুবিধা আদায় কৰিবলৈ আগ্ৰহী তথা উপযুক্ত প্ৰাৰ্থীয়ে অনলাইন যোগে প-পত্ৰ পূৰণ কৰিব পাৰিব৷ অনলাইন আবেদনৰ সম্পূৰ্ণ প্ৰক্ৰিয়া আজি আমি আপোনালোকক জনাম । গতিকে আহক জানি লও ।

Assam Swayam Scheme Online Apply

স্বয়ম আচনিৰ সবিশেষ : 

আচনিৰ নাম - Swami Vivekananda Assam Youth Empowerment (SVAYEM) Scheme 

পৰিমাণ- ৫০ হাজাত টকা প্ৰতি যুৱক/যুৱতীক । 

আবেদন প্ৰক্ৰিয়া- অনলাইন । 

আনলাইন আবেদন আৰম্ভণী- ১৬ চেপ্তেম্বৰ, ২০২০ । 

হিতাধিকাৰী- অসমৰ ২ লাখ যুৱক-যুৱতী । 

কি কি ক্ষেত্ৰৰ যুৱক-যুৱতীয়ে এই আঁচনিৰ সুবিধা পাব?

উৎপাদন ক্ষেত্ৰ ।

গ্ৰাম্য পৰিবহণ (অট চালক, ৰিক্সাচালক) ।

সেৱা তথা সামাজিক ক্ৰিয়া ।

ব্যৱসায় ।

পৰ্যটন ক্ষেত্ৰ-অনান্য ।

অনলাইন আবেদনৰ বাবে কি কি যোগ্যতা লাগিব?(Swayam Scheme Assam  Eligibility Criteria )

-প্ৰাৰ্থীগৰাকী অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব৷

-প্ৰাৰ্থীগৰাকীৰ বয়স ৪০ বছৰতকৈ বেছি হ’ব নালাগিব৷

-প্ৰাৰ্থীগৰাকী অতিকমেও মেট্ৰিক পাছ হ’ব লাগিব৷

-প্ৰাৰ্থীগৰাকী ১ চেপ্তেম্বৰ, ২০২০ তাৰিখৰ আগে আগে যিকোনো আত্মসহায়ক গোট বা অনান্য গোটৰ সদস্য অন্তভূক্ত হোৱা হ’ব লাগিব৷

লগতে পঢ়ক - অসম চৰকাৰৰ চাকৰি । খালী হৈছে 138 টা গ্ৰেড ফৰ পদ । অৰ্হতা- অষ্টম মানৰ পৰা ।

Swayam Scheme Assam

কিদৰে আবেদন কৰিব লাগিব? 

ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব লাগিব । অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে ।

আবেদনৰ অন্তিম দিন - 7 Oct, ২০২০

অনলাইন আবেদনৰ লিংক - ইয়াত ক্লিক কৰক  

 

https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2020/09/assam-swayam-scheme-online-apply.html

Read More

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close