১৫ অক্টোৱৰৰ ভিতৰত কৰিব লাগিব ভোটাৰ আইডি পৰীক্ষণ ? পিছে কেনেকৈ ? Voter ID Electors Verification Program (EVP) - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Saturday, September 7, 2019

১৫ অক্টোৱৰৰ ভিতৰত কৰিব লাগিব ভোটাৰ আইডি পৰীক্ষণ ? পিছে কেনেকৈ ? Voter ID Electors Verification Program (EVP)

ভাৰতীয় নিৰ্বাচনী আয়োগে ১ চেপ্তেম্বৰৰ পৰা ১৫ অক্টোৱৰ, ২০১৯ লৈ ভোটাৰ আইডি পৰীক্ষণ কাৰ্যসূচী Voter ID Electors Verification Program (EVP) হাতত লৈছে । এই কাৰ্যসূচীৰ জৰিয়তে প্ৰতিজন ভোটাৰে নিজৰ ভোটাৰ আইডিৰ পৰীক্ষণ কৰাব লাগিব আৰু ভোটাৰ কাৰ্ডত থকা ভূলসমূহ আতৰাব পাৰিব । ভোটাৰ আৰু নিৰ্বাচনী আয়োগৰ মাজত সম্বন্ধ সূদঢ় কৰাৰ লগতে নিৰ্বাচনী সেৱাসমূহ ভোটাৰক প্ৰদান কৰাত যাতে অধিক সুবিধা হয় তাৰ বাবে এই কাৰ্যসূচী নিৰ্বাচনী আয়োগে লৈছে বুলি গম পোৱা গৈছে ।
এই কাৰ্যসূচীৰ অধীনত ১৫ অক্টোৱৰৰ ভিতৰত কিদৰে আপুনি আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ ভোটাৰ আইডি নিৰিক্ষণ কৰিব সেইয়া আমি আপোনাক জনাম ।


Voter ID Electors Verification Program (EVP)ৰ বাবে নথি পত্ৰ:

পোনপ্ৰথমে ভোটাৰ আইডি পৰীক্ষণৰ বাবে প্ৰয়োজনীয় নথি পত্ৰসমূহ হৈছে - 
  1. Indian Passport 
  2. Driving License 
  3. Aadhaar Card 
  4. PAN Card 
  5. Ration Card 
  6. Identity card (in case of Government/Semi-Government Officials) 
  7. Bank Passbooks 
  8. Farmer’s Identity Card 
  9. Smart Card issued by RGI 
  10. Latest bill for water/ electricity/ gas/ telephone connection

কিদৰে Voter ID Electors Verification Program (EVP) কৰিব: 

STEP1 - পোনপ্ৰথমে ইয়াৰ ক্লিক কৰি NVSP portal লৈ যাওক - click here 

STEP 2 -তাৰপাছত তলৰ ফটোত দেখুওৱা ধৰণে আপুনি Login বুটামত ক্লিক কৰক ।


STEP 3 - তাৰ পাছত তলৰ ফটোত দেখা ধৰণে register বুটামত ক্লিক কৰক ।


STEP 4 -ইয়াৰ পাছত Registration form খন খোল খাব যত আপুনি আপোনাৰ কিছু Details দিয়াৰ লগতে মোবাইল নম্বৰ আৰু মোবাইল নম্বৰত অহা OTP ভৰাব লাগিব । আৰু সকলো ভৰাই ৰেজিষ্টাৰ বুটামত ক্লিক কৰিব ।
STEP 5 -তাৰ পাছত তলত দিয়া ধৰণে registration সম্পূৰ্ণ হোৱা বুলি দেখাব -

STEP 6 - আৰু তাৰপাছত আপুনি এটা নতুন বস্ক দেখিব যত আপোনাৰ USER ID, PASSWORD দি কেপচাটো ফিল কৰি LOGIN কৰিব লাগিব ।
STEP 7 - LOGIN কৰাৰ লগে লগে তলৰ ক্ৰীণখন দেখা পাৰ আৰু তাত থকা “Electors Verification Program” ত ক্লিক কৰিব ।'

STEP 8 - ইয়াৰ পাছত আপোনাৰ ভোটাৰ কাৰ্ডৰ বিৱৰণ ক্ৰীণত দেখা পাব আৰু Verification and authentication Statusত “Not Submitted” বুলি দেখা পাব । সেয়হে “View Details”ত ক্লিক কৰিব ।
STEP 9 - ইয়াৰ পিছত আপোনাৰ সম্পূৰ্ণ ভোটাৰ কাৰ্ডৰ বিৱৰণ দেখা পাব । আপুনি যি যি অংশ আপোনাৰ ভোটাৰ কাৰ্ডত শুধৰণী হোৱাটো বিচাৰে তাত ক্লিক কৰক । ইয়াৰ পাছত আপোনাৰ শুদ্ধ বিৱৰণী দি তাৰ লগত সংলগ্ন যিকোনো আপোনাৰ নথি ( ওপৰত দিয়া হৈছে ) আপলোড কৰক । সকলো হোৱা পাছত “view application preview” ত ক্লিক কৰক ।


STEP 10- ইয়াৰ পাছত আপোনাৰ আবেদনৰ "Preview" দেখা পাব । সকলো ভালকৈ পৰীক্ষা কৰাৰ পাছত “Submit” বুটামত ক্লিক কৰক ।
STEP 11 - অৱশেষত আপোনােৰ শুধৰণি বিৱৰণ আবেদন কৰা হব আৰু “My Details” ত আপোনাৰ আবেদনৰ "status" হব submitted ।



আশাকৰো এইদৰে আপোনালোকে আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ ভোটাৰ আইডি পৰীক্ষণ কৰাব পাৰিব । কিবা অসুবিধা পালে আমাক কমেন্ট কৰিব আমি উত্তৰ দিম ।

9 comments:

  1. Moi abar bhul hudhoraixilu usre orunudoyt kin2 ki hol gom puwa ny...

    ReplyDelete
  2. Moi abar bhul hudhoraixilu usre orunudoyt kin2 ki hol gom puwa ny...

    ReplyDelete
  3. Mur name spelling mistake tik hobne

    ReplyDelete
  4. MOI BAHUT BAR TRY KARISO BUT FAILED DEKHAI ASE

    ReplyDelete
  5. Moi "voter helpline" App t korilu, muk certificate akhn disy.
    Atea ki akou portal t korim naki. Please reply koribo kunba.

    ReplyDelete

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close