The Director of WPT&BC, Assam য়ে শেহতীয়াকৈ ST(P) আৰু OBC যুৱকসকলৰ বাবে 2020-21-ত বিত্তীয় সহায়ৰ
বাবে এক বিজ্ঞাপন প্ৰকাশ কৰিছে আৰু যোগ্য প্ৰাৰ্থীসকলৰ পৰা নিৰ্ধাৰিত
ফৰ্মেটত আবেদন বিচাৰিছে । আবেদনকাৰীসকলে সকলো যোগ্যতাৰ চৰ্ত পূৰণ কৰিলেহে আবেদন কৰিব পাৰিব ।
স্নাতক ST(P) আৰু OBC যুৱক-যুৱতীসকলে কেনেদৰে আবেদন কৰিব তাৰ বিৱৰণ তলত দিয়া হৈছে।
আঁচনিৰ নাম:
Financial Assistance to Unemployed ST(P) and OBC youths/ Unemployed scholarship for ST(P) and OBC youths of Assam ।
জাতি :
অসমৰ ST(P) আৰু OBC শ্ৰেণীৰ অন্তৰ্ভুক্ত হ'ব লাগিব ।
অৰ্হতা:
ইউ.জি./এ.আই.চি.টি./ৰাজ্য চৰকাৰৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত যিকোনো শিক্ষানুষ্ঠানৰ পৰা কলা/বিজ্ঞান/বাণিজ্য/কাৰিকৰী আদিত গ্ৰেডুৱেট হব লাগিব ।
বয়সৰ সীমা:
25 বছৰৰ পৰা 45 বছৰ ।
পাৰিবাৰিক উপাৰ্জন:
প্ৰতি বছৰে দুই লাখ টকা ।
আবেদন কৰিবলৈ কি কি ডকুমেন্ট লাগিব :
(i) সংশ্লিষ্ট কৰ্তৃপক্ষই জাৰী কৰা জাতিগত প্ৰমাণপত্ৰ।
(ii) আবেদনকাৰীৰ কৰ্মহীনতাৰ স্থিতি সম্পৰ্কে নোটাৰিৰ দ্বাৰা স্বাক্ষৰিত এফিডেফিট ।
(iii) সংশ্লিষ্ট কৰ্তৃপক্ষই জাৰী কৰা ঘৰুৱা উপাৰ্জন প্ৰমাণপত্ৰ।
(iv) স্নাতক পাছ প্ৰমাণপত্ৰ।
(v) HSLC এডমিট কাৰ্ড (বয়সৰ প্ৰমাণৰ বাবে)
(vi) পাছপোৰ্ট আকাৰৰ ফটো।
(vii) বেঙ্ক পাছ বুকৰ ফটোকপি।
(viii) পৰিচয়ৰ প্ৰমাণ - ভোটাৰ ID/PAN কাৰ্ড/ড্ৰাইভিং লাইচেন্স/আধাৰ ইত্যাদি ( যিকোনো এটা নথিপত্ৰ)।
(ix) চমু প্ৰস্তাৱ/আঁচনি যাৰ বাবে পৰিমাণটো ব্যৱহাৰ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। (সৰ্বাধিক 50,000 টকাৰ পৰিমাণলৈ সীমিত)
বিত্তীয় সহায়ৰ বাবে কেনেদৰে আৱেদন কৰিব:
আবেদনকাৰীয়ে নিৰ্ধাৰিত ফৰ্মেটত আৱেদন পত্ৰখন ডাউনলোড কৰি পূৰ কৰি লওক আৰু প্ৰাসঙ্গিক নথিপত্ৰৰ সৈতে Directorate of Welfare of Plain Tribes and Backward Classes, Assam, Rukmini Nagar, Guwahati-06 ত দাখিল কৰিব লাগিব।
অন্তিম তাৰিখ: 20-12-2020 ।
আবেদন পত্ৰখন ডাউনলোড কৰিবলৈ ক্লিক কৰক - ইয়াত
আপোনাৰ কোনোবা আত্মীয় নাইবা বন্ধুক এই বাৰ্তাটো শ্বেয়াৰ কৰিব । হয়তো কাৰোবাৰ বাবে বিশেষ উপকাৰী হব ।
Assamese Baby Girl Names
ReplyDeleteAssamese girls are very cute. Thanks for sharing this article ❤️