কলা নিমখ খালে হয় স্বাস্থ্যৰ চমৎকাৰী লাভ (Black Salt Benefits)
ক'লা নিমখ (Black Salt) প্ৰায় সকলো বজাৰতে সহজলভ্য । ক'লা নিমখ(Black Salt)ৰ গুণ আৰু স্বাদৰ বাবেই ইয়াক বহু পৰিমাণে ব্যৱহাৰ কৰা হয়। ইয়াৰ স্বাদ বৃদ্ধি কৰিবলৈ চাত, চাটনি, চালাড, ফল, ৰইতা আদি সেইবোৰত মিহলি কৰি দিয়া হয়।ক'লা নিমখ মুখ্যতঃ হিমালয়ত পোৱা যায়। ইয়াৰ এক বেলেগ প্ৰকাৰৰ গোন্ধ আছে। ক'লা নিমখ(Black Salt)ৰ ৰং আৰু সোৱাদ স্বাভাৱিক নিমখতকৈ পৃথক। সেয়হে কিছু কিছু ৰোগীৰ বাবে সাধাৰণ নিমখতকৈ কলা নিমখ লাভদায়ক হব পাৰে । থিক একেদৰেই ইয়াৰ গুণাগুণো স্বাভাৱিক নিমখতকৈ বেলেগ ।ইয়াৰ (Black Salt) আচৰিত Benefits জানো আহক -
গেছৰ সমস্যাৰ সমাধানৰ বাবে( Solve gas problems)
পাচন প্ৰক্ৰিয়াত হোৱা সমস্যাৰ বাবে কোষ্ঠকাঠিন্য, হজম, গেছ আৰু পেটফুলা আদিৰ দৰে সমস্যাৰ সৃষ্টি হয় । এনেক্ষেত্ৰত ক'লা নিমখে লাভ দিয়ে । এক গিলাচ কুহুমীয়া পানীত দুটা চিকুট ক'লা নিমখ মিহলি কৰি খালে এই সমস্যাৰ পৰা আৰাম দিয়ে।ক'লা নিমখ এক চতুৰ্থ-চামুচ আৰু আজৱাইন এক চতুৰ্থ-চামুচ কুহুমীয়া গৰম পানীৰ সৈতে মিহলি কৰি খালে গেছ আৰু পেটবিষ আৰোগ্য হয়। ক'লা নিমখৰ ব্যৱহাৰেও ভোক নলগা বেমাৰো উপশম কৰে।
মেদবহুলতা আৰু ডায়বেটিচৰ বাবে লাভদায়ক (Benefits for obesity and diabetes)
ক'লা নিমখে মেদবহুলতা হ্ৰাস কৰে আৰু ডায়বেটিচ ৰোগৰ বাবে ই অতি লাভজনক। ৰাতিপুৱা আৰু সন্ধিয়া ক'লা নিমখৰ লগত নেমুৰ ৰস মিহলি কৰি এক গিলাচ কুহুমীয়া গৰম পানী খাব। একে সময়তে, অতি খৰকৈ 15-20 মিনিট খোজ কাঢ়ক। ই মেদবহুলতা হ্ৰাস কৰাত আৰু ডায়বেটিচ সমস্যাৰ সমাধান কৰাত সহায় কৰে।
হাৰ্টৰ বাবে লাভদায়ক (Profitable for heart)
বগা নিমখৰ তুলনাত ক'লা নিমখত কম পৰিমাণৰ ছডিয়াম থাকে। ছডিয়াম অত্যাধিক ব্যৱহাৰ কৰিলে হৃদযন্ত্ৰৰ ওপৰত পাৰ্শ্বক্ৰিয়া হয়। ইয়াৰ ফলত ৰক্তচাপ বৃদ্ধি হ'ব পাৰে। ক'লা নিমখত লেষ্টেৰল হ্ৰাস কৰাৰ লগতে উচ্চ ৰক্তচাপ হ্ৰাস কৰাৰ বিশেষত্ব থাকে। গতিকে, যদি কাৰোবাৰ এনেধৰণৰ সমস্যা থাকে ক'লা নিমখৰ দ্বাৰা লাভান্বিত হ'ব পাৰে।
চৰ্দি কাহৰ বাবে লাভদায়ক (Benefits for cold cough)
চৰ্দি- জ্বৰ, কাহ আৰু হাপানিৰ চিকিৎসাত ক'লা নিমখ লাভজনক হব পাৰে । গৰম পানীত ক'লা নিমখ মিহলি কৰি, ইয়াৰ ভাপ শুঙিলে কফ থকা কাহ দূৰ হয় । গৰম পানীত এক চিকুট হালধি আৰু এক চিকুট ক'লা নিমখ মিহলি কৰি প্ৰতি দিনে তিনিৰ পৰা চাৰিবাৰ খালে চৰ্দি- জ্বৰৰ পৰা আৰাম পোৱা যায় ।
উফিৰ সমস্য়াৰ বাবে লাভদায়ক (Profitable for dandruff)
উফিৰ ফলত চুলিৰ যথেষ্ট ক্ষতি হয়। মুৰৰ খজুৱতিও চলি থাকে । চুলিৰ পৰা বগা বগা উফি ওলাই পৰে। উফিৰ ফলত মুৰৰ চুলি সৰা আৰম্ভ হব পাৰে, সেয়েহে লগে লগে উফিৰ চিকিৎসা কৰিব লাগে। বিলাহীৰ ৰসত ক'লা নিমখ মিহলি কৰি ইয়াক 15 মিনিটৰ বাবে চুলিত ৰাখিব আৰু তাৰ পিছত সাধাৰণ পানীৰে ভালদৰে ধুৱক। সপ্তাহত দুবাৰ এনেদৰে কৰিলে উফি আঁতৰাব পাৰে।
গাঠিৰ বিষ ( Joint pain)
আয়ুৰ্বেদ অনুসৰি, বাতবিষৰ ফলত গাঁঠিৰ বিষ হ'ব পাৰে। ক'লা নিমখে শৰীৰৰ গেছ নাইকিয়া কৰাত সহায় কৰে । এনেদৰে, ক'লা নিমখে গাঁঠিবিষৰ পৰা সুৰক্ষিত কৰাত সহায় কৰিব পাৰে। আহাৰ গ্ৰহণ কৰা এক ঘণ্টা খোৱাৰ পিছত, কুহুমীয়া গৰম পানীত দুটা চিকুট ক'লা নিমখ মিলাই খালে গাঁঠিৰ বিষ উপশম হ'ব পাৰে।
স্বাস্থ্য সম্পৰ্কীয় টিপচ পাবলৈ আামাক Whatsappত জইন কৰক - ইয়াত ক্লিক কৰক
আশাকৰো এই লিখনিৰ দ্বাৰা আপোনালোকক কিছু নজনা কথাৰ জ্ঞান দিব পাৰিছো । যদি লিখনিটো ভাল পাইছে তেন্তে শ্বেয়াৰ কৰিব নাপাহৰিব । মনত ৰাখিব এই লিখনি ইন্টাৰনেটৰ পৰাহে যুগুতোৱা হৈছে । যিকোনো সমস্যাৰ বাবে চিকিৎসকৰ পৰামৰ্শ লোৱাটো আৱশ্যক ।
ধন্যবাদ জনালোঁ, গুৰুত্বপূৰ্ণ তথ্য আগবঢ়োৱাৰ বাবে।
ReplyDeleteLung nodules ki Dore niramoi koribo pari pls jonabo.
ReplyDelete