মুখ্যমন্ত্ৰীৰ গ্ৰাম্য পৰিবহণ আচনিৰ অধীনত বিতৰণ কৰা হব দহ হাজাৰ বাহন । কিদৰে কৰিব আবেদন চাওক । Mukhyamantrir Grammya Paribahan Achoni Apply Process - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Tuesday, October 13, 2020

মুখ্যমন্ত্ৰীৰ গ্ৰাম্য পৰিবহণ আচনিৰ অধীনত বিতৰণ কৰা হব দহ হাজাৰ বাহন । কিদৰে কৰিব আবেদন চাওক । Mukhyamantrir Grammya Paribahan Achoni Apply Process

Mukhyamantrir Grammya Paribahan Achoni Apply Process

অসম গাওঁসমূহত গ্ৰাম্য সংযোগ আৰু যাতায়ত উন্নত কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ গ্ৰাম্য পৰিবহণ আচনিৰ অধীনত অসমৰ যুৱক-যুৱতীসকলক প্ৰায় ১০ হাজাৰ বাহন বিতৰণ কৰা হব । ইতিমধ্যে ইয়াৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে । আবেদনৰ বিষয়ে সবিশেষ জানিবলৈ আমাৰ লিখনি সম্পূৰ্নকৈ পঢ়ক ।
Mukhyamantrir Grammya Paribahan Achoni Apply Process

আবেদন প্ৰক্ৰিয়া

অফলাইন

কি কি সুবিধা দিয়া হব আৰু কাক দিয়া হব -

অসমৰ মুখ্য মন্ত্ৰী,সৰ্বানন্দ সোণোৱালে ঘোষণা কৰা অনুসৰি উক্ত আঁচনিৰ অধীনত 10,000 গাওঁ সামৰি লোৱা হব ।  আৰু প্ৰতিখন গাওঁৰ এটা হিতাধিকাৰী নাইবা পঞ্জীভুক্ত আত্মসহায়ক গোটে এই আচনিৰ সুবিধা লাভ কৰিব পাৰিব । বাহনখনৰ ব্যয়ৰ 25% লৈকে ৰাজসাহায্য সাহায্য প্ৰদান কৰা হব। 

যোগ্যতাৰ চৰ্ত 

  • আবেদনকাৰী / এছএইচজি সেই ভিলেজৰ অন্তৰ্ভুক্ত হ'ব লাগিব যাৰ বাবে তেওঁ আৱেদন কৰি আছে। 
  • আবেদনকাৰীৰ  Light  Motor  Vehicle ৰ এটা বৈধ ড্ৰাইভিং লাইচেন্স থাকিব লাগিব।
  • আবেদনকাৰীৰ বয়স 21 বছৰতকৈ কম আৰু 40 বছৰৰ অধিক হব নোৱাৰিব (01.01.2020-ৰ অনুসৰি )।
  • এটা পৰিয়ালৰ কেৱল এজনেহে আচনিৰ বাবে যোগ্য হ'ব।
  • বাছনি কৰা হিতাধিকাৰী/এছএইচজি-ক বাহনখনৰ ব্যয়ৰ বেলেন্স পৰিমাণ পৰিশোধৰ ব্যৱস্থা কৰাৰ পিছত ৰাজসাহায্য প্ৰদান কৰা হ'ব ।
  • বাহনখনৰ ব্যয়ৰ 25% লৈকে অৰু সৰ্বোচ্চ ১ লাখ টকালৈ ৰাজসাহায্য সাহায্য প্ৰদান কৰা হব। 

কিদৰে আবেদন কৰিব

ইচ্ছুক প্ৰাৰ্থীসকলে অফলাইন তলৰ লিংকত গৈ ফৰ্মখন ডাউনলোড কৰি লব । ডাউনলোডৰ পাছত ফৰ্মখন ফিলআপ কৰি প্ৰয়োজনীয় নথি পত্ৰৰ সৈতে আপোনাৰ নিজ নিজ জিলাত থকা ডিটি অফিচত জমা দিব লাগিব ।

 

আবেদন ফৰ্ম - ইয়াত ক্লিক কৰক

চৰকাৰী বিজ্ঞাপন - ইয়াত ক্লিক কৰক

https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2020/10/directorate-of-health-services-fw-govt.html

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close