ৰামদেৱে আৰম্ভ কৰিলে পতজ্ঞলী ছিম কাৰ্ড।পিছ কি অফাৰ আছে চাওক ! - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Monday, May 28, 2018

ৰামদেৱে আৰম্ভ কৰিলে পতজ্ঞলী ছিম কাৰ্ড।পিছ কি অফাৰ আছে চাওক !

ৰামদেৱে আৰম্ভ কৰিলে পতজ্ঞলী ছিম কাৰ্ড: হয়, থিকেই শুনিছে ! ইমানদিনে ৰগৰ হিচাপে আপুনি শুনি অহা পতজ্ঞলী ছিম কাৰ্ড আজিৰ পৰা বাবা ৰামদেৱে বজাৰত মুকলি কৰি দিয়ে | ইতিমধ্যে ভাৰতৰ চাবুন, তেল , ঔষধ আদি বিক্ৰী কৰি প্রখ্যাত বেপাৰী হৈ পৰা ৰামদেৱে এইবাৰ টেলিকমৰ বজাৰতো নিজৰ ছিমেৰে ব্যৱসায় আৰম্ভ কৰে | আয়ুৰ্বেদিক নহলেও এই ছিম কাৰ্ডৰ নাম দিয়া হৈছে ''স্বদেশী সমৃদ্ধি ছিম কাৰ্ড'' | 


এই ছিম বিক্ৰী কৰিবলৈ ৰামদেৱ বিএছএনএলৰ সৈতে চুক্তিবদ্ধ হৈছে আৰু বৰ্তমানৰ বাবে এই ছিম মাত্ৰ পতজ্ঞলীৰ কৰ্মচাৰীৰ বাবেহে উপলব্ধ হব । বৰ্তমানৰ বাবে এই পতজ্ঞলী ছিমখনৰ এটাই প্লেন উপলবদ্ধ | মাথো ১৪৪ টকাৰ ৰিছাৰ্জ কৰিলে গ্ৰাহকে লাভ কৰিব আনলিমিটেড কলিং, ১০০ টা মেছেজ আৰু ২ জিবি ইন্টাৰনেট । ইয়াৰ উপৰিও ছিম কাৰ্ডৰ লগতে লাভ কৰিব ২.৫ লাখ টকাৰ মেডিকেল আৰু ৫ লাখ টকাৰ জীৱন বীমা । অৱশ্য়ে এই ছিম কেৱল পতজ্ঞলীত কাম কৰা লোকসকলৰ বাবে, আপুনি এই ছিম লাভ কৰিবৰ বাবে কিছুদিন অপেক্ষা কৰিব লাগিব ।

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close