এজন দৰ্জী প্ৰফেচাৰৰ জীৱন-গাথা ! - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Friday, June 22, 2018

এজন দৰ্জী প্ৰফেচাৰৰ জীৱন-গাথা !

এইজন কোনো সাধাৰণ দৰ্জী নহয়।এখেত "হামিদাবাদ মহাবিদ্যালয়"সাতশিয়া;(ধুবুৰী)ৰ অসমীয়া"বিভাগৰ এজন সহকাৰী অধ্যাপক।নাম মো:জহিৰুল ইছলাম।

এখেত যোৱা ২০০৫ চনৰ আগষ্ট মাহৰ পৰা অসমৰ ভিতৰতে আটাইতকৈ পিছপৰা জিলা ধুবুৰীত অৱস্থিত উক্ত কলেজ খনত বিনা বেতনে পাঠদান দি আহিছে। যোৱা ২০১৩ চনত কলেজখন প্ৰাদেশিকীকৰণ কৰা হয় যদিও বৃত্তিগত অৰ্হতা NET/SLET/P.HD.নথকাৰ বাবে সেই সময়ত এখেতৰ চাকৰিটো প্ৰাদেশিকীকৰণৰ পৰা বাদ পৰি ৰয়। আইন মতে ৫ বছৰৰ ভিতৰত NET/SLET/P.HD, ডিগ্ৰী অৰ্জন কৰিব নোৱাৰিলে চাকৰিৰ পৰা অৱসৰ দিয়া হ'ব বুলি চৰকাৰী ভাবে ঘোষণা কৰিছিল।সেই মতে যোৱা ২০১৫ চনত কঠোৰ পৰিশ্ৰম, একনিষ্ঠ প্ৰচেষ্টা আৰু ভবিষ্যতে সুখময় জীৱনৰ আশাত এখেতে NET আৰু SLET দুয়োটা পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণহৈ সহকাৰী অধ্যাপক হোৱাৰ যোগ্যতা অৰ্জন কৰে। 

চৰকাৰৰ কথা আছিল NET/SLET/P.HD.ৰ যিকোনো এটা লাভ কৰিলেই লাভ কৰা দিনৰ পৰাই চৰকাৰী সকলো সুবিধা দিয়া হ'ব বুলি সেই সময়ৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই সদম্ভে ঘোষণাও কৰিছিল। কিন্তু পৰিতাপৰ বিষয় এয়াই যে এখেত আজি NET,SLET দুয়োটা পৰীক্ষাত পাছ কৰাৰ পিছতো যোৱা ৩-৪ বছৰে দূৰ্ভাগ্যজনক ভাবে চাকৰিৰ প্ৰাদেশীকিকৰণৰ হোৱাৰ পৰা বঞ্চিত হৈ থাকিব লগা হৈছে। সেয়ে কেতিয়াবা দৰ্জী কাম আৰু কেতিয়াবা (আৰ্ট)দোকান আৰু বাটে পথে চৰকাৰী আঁচনিৰ ছাইনবোৰ্ড লিখি অসহনীয় দৰিদ্ৰতাৰ মাজতে জীৱন নিৰ্বাহ কৰিব লগা হৈছে। গতিকে মোৰ সমূহ ফেচবুক বন্ধু-বান্ধবী সকলোক কৰজোৰে অনুৰোধ জনাও যাতে মোৰ এই প্ৰতিবেদন খন বেছি-বেছি Like, Comment &Share কৰি শিক্ষামন্ত্ৰী তথা সমাজৰ সচেতন মহলৰ দৃষ্টি গোচৰ হোৱাত একান্ত ভাবে সহায় কৰে।



No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close