হাতৰ আঙুলিৰ দৈৰ্ঘ্যৰ পৰা জানক আপোনাৰ ভাগ্য। এনেকুৱা আঙুলি হলে জীৱনত পোৱা যাব প্ৰেম, ধন আৰু নাম | The Secret To Your Personality From The Length Of Finger - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Friday, March 26, 2021

হাতৰ আঙুলিৰ দৈৰ্ঘ্যৰ পৰা জানক আপোনাৰ ভাগ্য। এনেকুৱা আঙুলি হলে জীৱনত পোৱা যাব প্ৰেম, ধন আৰু নাম | The Secret To Your Personality From The Length Of Finger

The Secret To Your Personality From The Length Of Finger

হস্তৰেখা শাস্ত্ৰ অনুসৰি, হাতৰ আঙুলিবোৰ যথেষ্ট গুৰুত্বপূৰ্ণ। আঙুলিৰ গাঁথনি দৈৰ্ঘ্য আৰু প্ৰস্থ লৈ কোনো মানুহৰ স্বভাৱ, বৰ্তমান আৰু ভৱিষ্যতৰ বিষয়ে জানিব পাৰি। আহক আমি আঙুলিৰ পৰা কিদৰে কাৰোবাৰ ভাগ্যৰ বিষয়ে জানিব পাৰি সবিশেষ জানো আহক ।

Finger length Indication

আপুনি যদি কোনো ব্যক্তিৰ ব্যক্তিত্ব পৰীক্ষা কৰিব বিচাৰে তেঁওৰ নিজৰ হাতৰ আঙুলিকেইটাই ইয়াৰ সম্ভেদ দিব পাৰিব বিশেষকৈ অনামিকা(ৰিং) আঙুলিটোৱে । গতিকে জানো আহক অনামিকা আঙুলিৰ দ্বাৰা কি কি জানিব পাৰি -

যদি অনামিকা আঙুলিৰ তৰ্জনী আঙুলীৰ তুলনাত ডাঙৰ ( Index finger is longer than your ring finger)


অনামিকা আঙুলি হস্তবিদ্য়া শাস্ত্ৰত যথেষ্ট গুৰুত্ব দিয়া হৈছে। হস্তৰেখা বিদ্যা অনুসৰি, যদি অনামিকা আঙুলিৰ তৰ্জনী আঙুলীৰ তুলনাত ডাঙৰ হয়, তেনে ব্যক্তিজন স্বভিমানী ব্য়ক্তি হয় । এই লোকসকল আৱেগিক হয় আৰু প্ৰয়োজনৰ সময়ত মানুহক সহায় কৰিবলৈ সদায়ে সাজু থাকে। এনে ব্যক্তিসকলৰ আত্মীয় স্বজনৰ প্ৰতি বিশেষকৈ পত্নীৰ প্ৰতি গভীৰ অনুৰাগ  প্ৰতি গভীৰ অনুৰাগ থাকে। সাধাৰণতে কবলৈ গলে, এনে লোকসকলৰ বৈবাহিক জীৱন আনন্দদায়ক হয়। 

অনামিকা আৰু তৰ্জনি আঙুলিৰ সমান(Ring finger and index finger are the exact same length.)


অনামিকা আৰু তৰ্জনি আঙুলিৰ দৈৰ্ঘ্য যদি সমান হয় তেন্তে ই দেখুৱায় যে ব্যক্তিজন স্বাধীন প্ৰিয়। এনে ব্যক্তিয়ে আনৰ কামত হস্তক্ষেপ কৰিবলৈ টান পায় আৰু নিজেও আনৰ কামত হস্তক্ষেপ নকৰে। এনে লোকসকল নিজৰ ব্যক্তিগত জীৱন লৈ সুখী।  

অনামিকা আঙুলি মধ্য়মা আঙুলিৰ সমান


যিসকল লোকৰ অনামিকা আঙুলিটো মধ্য়মা আঙুলিৰ সমান হয় তেওঁলোক স্বাৰ্থপৰ আৰু ধূর্ত। এনে লোকসকলে পৰম্পৰা আৰু নৈতিকতাক গুৰুত্ব নিদি নিজৰ কাম সিদ্ধ কৰে । অনামিকা আঙুলি সৰু হোৱাটো বিদ্য়াত ভাল বুলি গণ্য কৰা নহয়।

নিয়মীয়াকৈ এনেধৰণৰ লিখনিৰ বাবে আমাৰ গ্ৰুপত জইন কৰক - ইয়াত ক্লিক কৰক

যিসকলৰ অনামিকা আঙুলি সৰু হয় সেইসকল ব্যক্তি বেলেগক প্ৰতাৰণা, চুৰি আৰু অসৎ পদ্ধতিৰে ধন উপাৰ্জন কৰা স্বভাৱৰ হয় । যিসকল  ব্যক্তিৰ অনামিকা আঙুলিটো কেঞা আঙুলিৰ ফালে বেঁকা হৈ থাকে সেই ব্যক্তিসকলে ব্যৱসায়ৰ জৰিয়তে যথেষ্ট টকা উপাৰ্জন কৰিব পাৰে। যিসকলৰ অনামিকা আঙুলি মধ্যমা আঙুলিৰ ফালে বেঁকা হৈ থাকে তেওঁলোকে চাকৰি আৰু বৌদ্ধিক কামৰ জৰিয়তে ধন উপাৰ্জন কৰে। 

 

  https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2021/03/secret-to-your-personality-from-length-of-finger.html 

"Every effort has been made to ensure the accuracy, timeliness and genuineness of the information provided here. All the content here is given only for reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close