মই বেংকৰ কাউন্টাৰত নাইকীয়া হোৱা 40,000 টকা কেনেকৈ ঘূৰাই পালোঁ (মোৰ নিজৰ কাহিনী):
নগাঁও চহৰস্থিত ৰাজহুৱাখণ্ডৰ বেংক এটাত যোৱা 26/2/2018 তাৰিখে ব্যৱসায় সংক্ৰান্তত নতুনকৈ খোলা মোৰ কাৰেন্ট একাউন্টটোত 1,95,000/- টকা জমা কৰিবলৈ গৈছিলোঁ ৷ পইচাখিনি কাউন্টাৰৰ ভিতৰত জমা দি কাউন্টাৰৰে সন্মুখত ঠিয় হৈ ৰৈ আছিলোঁ ৷ কিছুসময় পিছত (5 মিনিটমান পিছত) কাউন্টাৰৰ ভিতৰৰ পৰা কেশ্বিয়াৰগৰাকীয়ে জনাই যে 40,000 টকা হেনো কম আছে; 500 টকীয়া নোটৰ খোলা পেকেটটো হেনো নাই! কথাটো শুনিকে মই শ্বক খাই উঠিলোঁ ৷ বুকু ঢপকৈ উঠিল ৷ কাউন্টাৰত টকাখিনি জমা দিয়াৰ পূৰ্বে নোট বিলাকৰ ডিনোমিনেচন কি কি, কিমানটা পিচ আছে, এমাউন্ট কিমান গোটেইখিনি বিবৰি ডিপোজিট শ্লিপত মই নিজে লিখিছিলোঁ ৷ কথাখিনি মই তেওঁক ক'লোঁ ৷ লগতে ক'লোঁ— মই যদি কম দিছোঁ, কাউন্টাৰৰ ভিতৰত থকা CCTV চাওক ৷ তেওঁ মোৰ কথা পাত্তাই দিব নিবিচাৰিলে ৷ বেংকৰ মানুহ বুলি ধৈৰ্য্য ধৰি থাকিছিলোঁ ৷ ব্ৰাঞ্চ মেনেজাৰৰ চেম্বাৰলৈ গ'লোঁ ৷ তেৱোঁ সেই সময়ত CCTV দেখুৱাব নোৱাৰে বুলি ক'লে ৷ মোৰ নেৰা-নেপাৰা দাবীত সন্ধিয়া "বিজনেছ সময়"ৰ পিছতহে CCTV দেখুৱাব পাৰিম বুলি ক'লে ৷
সন্ধিয়া CCTV চাবলৈ বেংকলৈ পুনৰ গ'লোঁ ৷ মেনেজাৰ চাৰে cctv দেখুৱালে; কিন্তু footage ৰ নামত যি দেখুৱালে তাত মই অকনো সন্তুষ্ট হ'ব নোৱাৰিলোঁ ৷ ভালদৰে একোকে ধৰিব নোৱাৰি ৷
বেংকটোত নতুনকৈ একাউন্ট খুলিছিলোঁ মাথোন ৷ সেই হিচাপে বেংকৰ নতুন কাষ্টোমাৰ ৷ জোৰ দি একো ক'ব পৰা নাছিলোঁ ৷ ভিতৰি কিন্তু খুবেই খং উঠিছিল ৷ তেওঁলোকৰ মতে ময়ে হেনো পইচা কম জমা দিছোঁ! উপায় নাপাই 40,000 টকা মাৰা গ'ল বুলি হতাশ হৈ ঘূৰি আহিব লগীয়া হ'লোঁ ৷
মই এজন মধ্যবিত্তীয় ঘৰৰ ল'ৰা ৷ জীৱিকাৰ বাবে নগাঁও চহৰত ৰেষ্টুৰেন্ট এখন খুলি কেনেবাকৈ ব্যৱসায় চলাই আছোঁ৷ (বেংকটোৰ ওচৰতে মোৰ ৰেষ্টুৰেন্টখন ৷) তেনেস্থলত, বেংকৰ ভিতৰতে 40,000 টকা নাইকীয়া হৈ যোৱা ঘটনাটো মই গ্ৰহণ কৰিব পৰা নাছিলোঁ ৷ মনত অলপো শান্তি লগা নাছিল ৷
এসপ্তাহমান তেনেকৈ গ'ল ৷ তাৰপিছত সিদ্ধান্ত ল'লোঁ যে— নাই মনে মনে থাকিলে নহ'ব! ঘটনাটো সম্পৰ্কে গুৱাহাটীৰ Reserve Bank of India ত আবেদন এখনকে দিয়া যাওক ৷ তেওঁলোকেই যদি কিবা এটা কৰি দিয়ে, কৰি দিব!
এখিলা বগা কাগজত কথাখিনি নিজৰ ভাষাৰে থুলমূলকৈ বিবৰি ঘটনাৰ 12 দিন পিছত, 10/3/2018 তাৰিখে, আবেদন এখন লিখিলোঁ আৰু Office of the Banking Ombudsman, Reserve Bank of India, Guwahati - 781001 ঠিকনাটোলৈ বুলি পষ্ট-অফিচত চিঠিখন দি থৈ আহিলোঁ ৷
দুমাহমান পাৰ হ'ল ৷ হঠাৎ এদিন ৰিজাৰ্ভ বেংকৰ পৰা মোলৈ ফোন আহিল৷ মোৰ email id টো বিচাৰিলে আৰু তাত মেইল এটা পঠিয়াই জনালে যে 13/06/2018 তাৰিখে ৰিজাৰ্ভ বেংকৰ Ombudsman Office ত উক্ত বেংক আৰু মোৰ মাজত মীমাংসাৰ বাবে এখন Conciliation Meeting হ'ব ৷
নিৰ্দিষ্ট দিনত ৰিজাৰ্ভ বেংকলৈ গ'লো ৷ তৃতীয় মহলাত অনুষ্ঠিত বৈঠকটোত Banking Ombudsman মহোদয়ে দুয়ো পক্ষৰ ভাষ্য মন দি শুনিলে আৰু আমাৰ ক'ব লগীয়াখিনি ক'বলৈ দিলে ৷ গোটেইখিনি কথা ক'লোঁ ৷ কিন্তু, যিহেতু বেংকৰ ফালৰ পৰা সিদিনাখন CCTV footage দাখিল কৰা হোৱা নাছিল, সেয়ে তেওঁ কোনো সিদ্ধান্ত নিদিলে৷ বেংকটোক এসপ্তাহৰ ভিতৰত cctv footage দাখিল কৰিবলৈ দিলে৷
মনটো অলপ বেজাৰ লাগিছিল— কি বা হয় বুলি! কিন্তু ৰিজাৰ্ভ বেংকৰ মানুহে আমাক আশ্বাস দিয়ে যে মোৰ দাবী যদি সত্য হয় আৰু বিবাদিত বেংকটোই নিজকে সত্য বা মোক ভুল বুলি যদি প্ৰমাণ কৰিব নোৱাৰে মই মোৰ প্ৰাপ্য টকাখিনি ঘূৰাই পামেই ৷ কথায়ো মানুহক শান্তি দিয়ে! অলপ হ'লেও আশা জীয়াই থাকিল ৷
18/6/2018 তাৰিখে Reserve Bank ৰ Ombudsman Office ত পুনৰ মিটিং বহিল ৷ মিটিঙত মোকো মাতিছিল যদিও ব্যৱসায় সংক্ৰান্তত যাব পৰা নাছিলোঁ ৷ অৱশ্যে মিটিঙত উপস্থিত থকাটো ধৰা-বন্ধা নহয় বুলি ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা ই-মেইল যোগে মোক জনোৱা হৈছিল ৷ সিদিনাখন গোটেই দিনটো মনত উগুল-থুগুল লাগি আছিল, কি বা সিদ্ধান্ত হ'ল বুলি !
পিছদিনাখন, 19/6/2018 তাৰিখে পুৱাৰ ভাগতেই ৰিজাৰ্ভ বেংকৰ নিৰ্দিষ্ট নম্বৰত ফোন কৰিলোঁ ৷ মানুহ এজনে ফোনটো ধৰিলে আৰু জনালে যে ৰিজাৰ্ভ বেংকৰ Ombudsman এ উক্ত বেংকক অৰ্ডাৰ দিছে — মোক মোৰ 40,000/- টকা সেই মাহৰে 25 তাৰিখৰ ভিতৰত যেন ঘূৰাই দিয়ে ৷ কথাখিনি শুনা মাত্ৰেই অন্তৰখন প্ৰশান্তিৰে ভৰি পৰিছিল ৷ ...
তাৰপিছত, যোৱা 25 জুনত সঁচা-সচিকে মোৰ একাউন্টত টকাখিনি জমা হৈ গ'ল ৷
ৰিজাৰ্ভ বেংকৰ Ombudsman বিভাগক কৃতজ্ঞতা জনাবলৈ মোৰ ভাষা নাই ৷ সিদিনাখন অফিচত তেওঁলোকৰ ব্যৱহাৰ-পাতি, কথা-বতৰা দেখি বা ফোনত কথা পাতি মই আঁচৰিত হৈছিলোঁ ৷ মই বিশ্বাসে কৰিব পৰা নাছিলোঁ যে ৰাজহুৱা খণ্ডৰ কোনো কাৰ্যালয়ত ইমান ভাল ব্যৱহাৰ পোৱা যাব পাৰে ৷ আমাৰ দৰে সাধাৰণ ৰাইজক সহায় কৰিবলৈ দেখুওৱা তেওঁলোকৰ আগ্ৰহ আৰু উৎসুকতাত মই অভিভূত হৈ পৰিছিলোঁ ৷ ... পইচাখিনি পোৱাৰ পিছত ৰিজাৰ্ভ বেংকত ফোন কৰি হৃদয়ৰ পৰা ধন্যবাদ জ্ঞাপন কৰোঁ৷
মনতে ভাবিছোঁ, ৰিজাৰ্ভ বেংকলৈ নিলিখিলে মইনো পইচাখিনি ক'ত পালোঁহেতেন ! তাতোকৈ ডাঙৰ কথা — কোনো ফিচ নিদিয়াকে, এপইচা নভৰাকে, কোনো উকিল-মহৰি নধৰাকে, 6 টকাৰ টিকট লগাই চিঠি এখন পঠিয়াইয়ে পইচাখিনি ঘূৰাই পালোঁ ৷
RBI ত গৈ পিছত জানিব পাৰিছিলোঁ যে— নিজৰ দিব লগীয়া অভিযোগটো RBI ৰ ৱেবচাইটত গৈ; নতুবা boguwahati@rbi.org.in তো পঠিয়াই অতি সহজতে পঞ্জীয়ন কৰিব পৰা যায় ৷ চৰ্ত এটাই যে ৰিজাৰ্ভ বেংকত অভিযোগ দিয়াৰ পূৰ্বে প্ৰথমতে নিজৰ বেংকত #লিখিত অভিযোগ দাখিল কৰিব লাগে ৷ তাৰপিছত, অভিযোগৰ 30 দিনৰ ভিতৰত বেংকৰ ফালৰ পৰা যদি সমস্যাটো সন্তুষ্টজনকভাৱে সমাধান কৰি নিদিয়ে, তেতিয়াহে ৰিজাৰ্ভ বেংকত অভিযোগ কৰিব লাগে ৷ অন্যথা তেনে অভিযোগ বাতিল হৈ যায় ৷ আৰু এটা কথা, অভিযোগত নিজৰ ঠিকনা আৰু মোবাইল নং লিখিবলৈ নাপাহৰিব৷
মোৰ দৰে আন বহুতৰেই হয়তো নিজৰ নিজৰ বেংকৰ ওপৰত নানান অভিযোগ থাকিব পাৰে ৷ RBI এ নিশ্চয় সহায় কৰিব ৷
*ৰাইজে কথাখিনি জনাটো দৰকাৰী বুলি যদি ভাবে, শ্বেয়াৰ কৰিব*
ধন্যবাদ ৷
//
তীৰ্থ প্ৰতীম শইকীয়া
কাতনিগাঁও, নগাঁও ৷
No comments:
Post a Comment