পুৰণা নিউজ পেপাৰৰ কেইটামান চমৎকাৰী ব্যৱহাৰ । জানি আচৰিত হব । Surprise uses of old news paper - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Saturday, November 28, 2020

পুৰণা নিউজ পেপাৰৰ কেইটামান চমৎকাৰী ব্যৱহাৰ । জানি আচৰিত হব । Surprise uses of old news paper

 পুৰণা পেপাৰ কেইটামান চমৎকাৰী ব্যৱহাৰ

পুৰণি বাতৰি কাকতবোৰ দিন বাগৰি যোৱাৰ লগে লগে জমা হৈ গৈ থাকে । ৰাতিপুৱা বাতৰি কাকত পঢ়ি দেশ-বিদেশৰ শেহতীয়া বাতৰিৰ মজা লোৱাৰ আনন্দই বেলেগ। তদুপৰি বয়স্থ লোকসকলৰ বাবে বাতৰি কাকত অতি ভাল টাইম পাছ আহিলা। কিন্তু দ্বিতীয় দিনা একেখন বাতৰি কাকত অলাগতিয়াল হৈ পৰে। আৰু পাছলৈ এইয়া কিলো হিচাপত কাপাৰীক বিক্ৰী কৰিব লগা হয় ।  কিন্তু আপুনি যদি জানে তেন্তে পুৰণি অলাগতীয়াল বাতৰি কাকতবোৰ কামত ব্যৱহাৰ কৰিব পাৰে। পুৰণি অবাঞ্ছিত বাতৰি কাকতবো্ৰৰ ব্যৱহাৰ জানি লওঁ আহক । 

Old News Paper Use

পুৰণি বাতৰি কাকতৰ ব্যৱহাৰ 

1 – যদি পুৰণা আলমাৰীৰ পৰ দুৰ্গন্ধ আহে তেন্তে দহ-বাৰখনমান বাতৰি কাকত উলিয়াই আলমাৰীত ৰাখক। । ইয়াৰ দ্বাৰা দুৰ্গন্ধ হ্ৰাস হয়।আাৰু যদি সম্ভৱ হয়, আলমাৰীটো সপ্তাহত এবাৰ খুলি ৰাখিব চেষ্টা কৰিব ।

 2 – যদি থাৰ্মাচ বা ফ্লাস্কৰ গ্লাছ হালধীয়া হৈ পৰে, অলপ পানী আৰু বাতৰি কাকতৰ টুকুৰা দি আধা ঘণ্টাৰ বাবে ৰাখক।আধা ঘণ্টাৰ পিছত, থাৰ্মোচ ফ্লাস্কটো জোকাৰক আৰু পৰিষ্কাৰ পানীৰে ধুৱক। ফ্লাস্ক উজ্জ্বল হৈ পৰিব। 

3 –  যদি আপুনি দীৰ্ঘদিন ধৰি চাহৰ ফ্লাস্ক বা থাৰ্মাচ ব্যৱহাৰ নকৰে, তেন্তে এক অদ্ভুত গোন্ধ ওলোৱা আৰম্ভ কৰে। সেই ফ্লাস্ক বা থাৰ্মাচত চাৰি পাঁচ দিনৰ বাবে পুৰণি বাতৰি কাকতৰ টুকুৰা টুকুৰ কৰি ভৰাই ৰাখে তেন্তে দুৰ্গন্ধ নাহে।

 4 – বাৰিষাকালত, চামৰাৰ জোতা বোৰত ভেকুৰ হোৱাৰ সম্ভাৱনা আছে। জুতাত পুৰণা বাতৰি কাকত ভৰাই ৰাখিলে ভেকুৰ নালাগে। 

5 – বৰষুণৰ বতৰত সাধাৰণতে টেমাত থলেও বিস্কুটবোৰ সেমেকি যায় । যদি টেমাত অলপ বাতৰি কাকত থৈ তাৰ ওপৰত টিছু পেপাৰ এখন ৰাখি বিস্কুটবোৰ থৈ দিলে সেমেকি নাযায় । 

6 – আইনা লেতেৰা হ'লে পৰিষ্কাৰ কৰিবলৈ অলপ পানী স্প্ৰে কৰি পুৰণি বাতৰি কাকত দি মছি চাফা কৰক । খিৰকীৰ কাচ আৰু গাড়ীৰ কাচো চাফা কৰিবলৈ ই এক সহজ উপায় । 

7– চিচাৰ গিলাছসমূহ বাতৰি কাকতৰে মেৰিয়াই ৰাখিলে কেতিয়াও গিলাছসমূহ ঘহনি নাখায় আৰু ডাগ নালাগে । 9 – ফ্ৰিজৰ পাচলিৰ বাকচৰ তলত যদি বাতৰি কাকত থৈ তাৰ ওপৰত পাচলি ৰাখে তেতিয়া পাচলিৰ বাকচটোও পৰিষ্কাৰ আৰু পৰিপাটি হৈ থাকে লগতে দুৰ্গন্ধও নোলায়।

8 – কেঁচা ফল পকাবলৈ বাতৰি কাকত দি মেৰিয়াই ৰাখক, সোনকালে পকিব । যদি অমিতা , আম, মধুৰিআম আদি ফল যদি সামান্য কেঁচা হয়, সেইবোৰ চাৰি-পাঁচ দিনৰ বাবে পুৰণি বাতৰি কাকত দি মেৰিয়াই থৈ দিলে পকি যায় । সেউজীয়া বিলাহীবোৰ যদি বাতৰি কাকত এখনেৰে মেৰিওৱা হয় তেন্তে ই ৰঙা হৈ যায়। 

9 – যদি জুতাৰ পৰা দুৰ্গন্ধ উলায় তেন্তে পুৰণি বাতৰি কাকতৰ  টুকুৰাৰে  পূৰ কৰি গোটেই নিশা ৰাখক। ৰাতিপুৱাই দুৰ্গন্ধ ওলাই যাব। 

10– যদি গিলাচ ভাঙি পেলোৱা হয় আৰু কাঁচৰ টুকুৰাবোৰ মজিয়াত বিয়পি থাকে, তেন্তে প্ৰথমে ডাঙৰ টুকুৰাবোৰ সাৱধানে উঠাই লওক। মিহি টুকুৰা বোৰ তুলিবলৈ, পুৰণা বাতৰি কাকত এখন অলপ ভিজাই কাঁচৰ মিহি টুকুৰাবোৰৰ ওপৰত পাৰি দিয়ক, মিহি টুকৰাবোৰ ভিজা বাতৰি কাকতত লাগি থাকিব আৰু মজিয়াত কোনোধৰণৰ মিহি গ্লাছ নাথাকিব। 

11 – চুটকেচ বা ট্ৰেভেল বেগ আদিৰ দুৰ্গন্ধ আতৰ কৰিবলৈ ভিতৰত বাতৰি কাকত ৰাখিলে দুৰ্গন্ধ আতৰ হয় । 

12 – যদি আপুনি নখ কাটিব বিচাৰে তেন্তে বাতৰি কাকতখন লৈ তাৰ ওপৰত নখবোৰ কাটক। নখ সংগ্ৰহ কৰিবলৈ আৰু পেলাই দিবলৈ সহজ হ'ব। 

বাতৰি কাকতৰ চিঞাহী স্বাস্থ্যৰ বাবে অস্বাৰ্থজনক, সেয়েহে খাদ্য সামগ্ৰী ৰাখিবলৈ বা ধাকিবলৈ বাতৰি কাকত ব্যৱহাৰ নকৰিব। আশাকৰো এই লিখনিৰ দ্বাৰা আপোনালোকক কিছু নজনা কথাৰ জ্ঞান দিব পাৰিছো । যদি লিখনিটো ভাল পাইছে তেন্তে শ্বেয়াৰ কৰিব নাপাহৰিব ।

 

  https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2020/11/surprise-uses-of-old-news-paper.html 

"Every effort has been made to ensure the accuracy, timeliness and genuineness of the information provided here. All the content here is given only for reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close