সাৱধান: কৰোনা ভেকছিনৰ পিছত দেখা দিয়া এই লক্ষণবোৰ হব পাৰে বিপদৰ লক্ষণ, চৰকাৰে জাৰী কৰিছে পৰামৰ্শ । Post Covid Veccine Precautions - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Friday, May 21, 2021

সাৱধান: কৰোনা ভেকছিনৰ পিছত দেখা দিয়া এই লক্ষণবোৰ হব পাৰে বিপদৰ লক্ষণ, চৰকাৰে জাৰী কৰিছে পৰামৰ্শ । Post Covid Veccine Precautions

টোকা: এই প্ৰবন্ধটো চৰকাৰী অফিচিয়েল ৱেবছাইট pib.gov.inত প্ৰকাশিত তথ্যৰ ওপৰত আধাৰিত। প্ৰবন্ধটোত সন্নিবিষ্ট তথ্যবোৰ আপোনাৰ সজাগতা আৰু জ্ঞান বৃদ্ধি কৰিবলৈ প্ৰকাশ কৰা হৈছে।  আপোনাৰ যিকোনো ধৰণৰ ৰোগৰ লক্ষণৰ বাবে  অনুগ্ৰহ কৰি চিকিৎসকৰ পৰামৰ্শ লওক।   

কৰোনা ভেকছিনৰ পিছত দেখা দিয়া এই লক্ষণবোৰ  হব পাৰে বিপদৰ লক্ষণ

চৰকাৰে  জাৰী কৰা পৰামৰ্শ অনুসৰি, যিকোনো ব্যক্তিয়ে কৰোণা ভেকছিন গ্ৰহণ কৰাৰ পিছত  যদি  শৰীৰত ফুলা, বুকুৰ বিষ, বমি নোহোৱাকৈ পেটৰ বিষ, তীব্ৰ মুৰৰ বিষ আৰু উশাহ লোৱাত অসুবিধা হোৱা আদি গুৰুতৰ লক্ষণ দেখা পায় তেন্তে অতি সোনকালেই  টিকাকৰণ কেন্দ্ৰলৈ গৈ ইয়াক অৱগত কৰিব লাগিব।  
 
Covid 19 Precaution

চৰকাৰৰ পৰামৰ্শ অনুসৰি, যদি আপুনি বেজী লোৱা স্থানৰ বাহিৰে শৰীৰৰ আন  অংশত ৰঙা দাগ দেখা পায় তেনেহ'লে সাৱধান হৈ যাওক । এইবোৰ তেজ গোট মৰা (ব্লাড ক্লটচ)ৰ লক্ষণ হ'ব পাৰে। ইয়াৰ উপৰিও, যদি আপোনাৰ মাইগ্ৰেইনৰ সমস্যা নাই তথাপিও তীব্ৰ মুৰৰ বিষ অনুভৱ কৰে, তেন্তে টিকাকৰণ কেন্দ্ৰত জনোৱাটো গুৰুত্বপূৰ্ণ।   
 
যদি আপুনি কৰোনা ভেকছিন লোৱাৰ পিছত দুৰ্বল অনুভৱ কৰে, কোনো কাৰণ নোহোৱাকৈ সঘনাই বমি হয়, চকুত বিষ হয় বা অস্পষ্ট দেখা পায়, যদি শৰীৰৰ কোনো অংশই কাম কৰা বন্ধ কৰে, এই সমস্যাবোৰ অতি গুৰুতৰ। গতিকে যদি এই লক্ষণবোৰে দেখা দিয়ে পলম নকৰি টিকাকৰণ কেন্দ্ৰৰ স্বাস্থ্যসেৱা কৰ্মীসকলক এই বিষয়ে অৱগত কৰক।  
ভেকছিনৰ প্ৰতিকূল প্ৰভাৱ সম্পৰ্কীয় ৰাষ্ট্ৰীয় সমিতিয়ে জনোৱা মতে আমৰ দেশত তেজ গোট মৰা(ব্লাড ক্লটচ)ৰ খুব কম ঘটনা কভিশ্বিল্ড(COVISHIELD)ভেকছিনৰ সৈতে সম্পৰ্কিত হ'ব পাৰে। সমিত খনৰ মতে, ভাৰতত প্ৰতি 10 লাখ টিকাৰ বিপৰীতে তেজ গোট মৰাৰ ঘটনাৰ মাত্ৰ 0.61 শতাংশ হে দেখা গৈছে।

নিয়মীয়াকৈ এনেধৰণৰ লিখনিৰ বাবে আমাৰ গ্ৰুপত জইন কৰক - ইয়াত ক্লিক কৰক

পৰামৰ্শ অনুসৰি, বৈজ্ঞানিক অধ্যয়নে দেখুৱাইছে যে দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াৰ মূলৰ লোকসকলৰ ভেকছিন গ্ৰহণ কৰাৰ পিছত তেজ গোট মৰাৰ আশংকা ইউৰোপীয় মূলৰ লোকসকলৰ তুলনাত প্ৰায় 70 শতাংশ কম। ৰাষ্ট্ৰীয় এ.ই.এফ.আই. (টিকাকৰণৰ পিছত প্ৰতিকূল ঘটনা) সমিতিয়ে জনোৱ অনুসৰি  টিকাকৰণৰ পিছত এতিয়ালৈকে তেজ গোট মৰাৰ এটাও ঘটনা ভাৰতত পঞ্জীয়ন কৰা হোৱা নাই ।
 
বি.দ্ৰ. : ভেকচিন লব লাগে । আমি সদায় কম যে ভেকচিন লওক । মনত ৰাখিব ভেকচিনৰ ফলত দেখা দিয়া এনে পাৰ্শ্বক্ৰিয়াৰ সংখ্য়া তেনেই কম । মানে ১০ লাখ ভেকচিনৰ বিপৰীতে মাত্ৰ ০.৬১ ৰহে এনে সম্ভাৱনীয়তা থাকে । কিন্তু ভেকচিন নললেহে কৰোণাৰ গ্ৰাসত পৰাৰ সম্ভাৱনীয়তা অধিক । আমাৰ উদ্দেশ্য় মাথো আপোনাক জনোৱাৰ যে কভিড ভেকচিন ললে যদি এনেকুৱা লক্ষণ দেখা পায় ততাতৈয়াকৈ চিকিৎসকৰ ওচৰ চাপক ।বাকী, আমি সদায়ে কম যে সকলোৱে কভিড ভেকচিন লও আহক ।

 

  https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2021/05/after-covid-veccine-precautions.html 

"Every effort has been made to ensure the accuracy, timeliness and genuineness of the information provided here. All the content here is given only for reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close