ব্লেক ফাংগাছ কিদৰে বিয়পে, নিৰাময়ৰ উপায় কি? অত্যন্ত প্ৰয়োজনীয় জানি লওক । What is Black Fungas- Explained in Details - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Wednesday, May 19, 2021

ব্লেক ফাংগাছ কিদৰে বিয়পে, নিৰাময়ৰ উপায় কি? অত্যন্ত প্ৰয়োজনীয় জানি লওক । What is Black Fungas- Explained in Details

Black fungas in Assamese

কৰোনা ৰোগীৰ দেহত দেখা দিয়া বিপদজনক ৰোগবিধ হৈছে মিউকৰ্মাইকোচিছ (mucormycosis) বা ক'লা ভেঁকুৰ (black fungus) । বহুতো কৰোনা ৰোগী প্ৰভাৱিত হৈছে, বহুতে প্ৰাণ হেৰুৱাইছে। অসমতো ইয়াৰ প্ৰথমজন ৰোগী ধৰা পৰা বুলি খৱৰ উলাইছে । সাধাৰণতে কৰোনা ভাইৰাছৰ পৰা আৰোগ্য হোৱাৰ দুই বা তিনি দিন পিছত মিউকৰ্মাইকোচিছ বা ক'লা ভেঁকুৰৰ লক্ষণ দেখা যায়। কৰোনাৰ পৰা আৰোগ্য হোৱাৰ দুই বা তিনি দিন পিছত, সংক্ৰমণটো চাইনাছত দেখা দিয়ে আৰু তাৰ পিছত চকুলৈ বিয়পা দেখা যায়। আৰু পৰৱৰ্তী 24 ঘণ্টাত, এই ব্লেক ফাংগাচে মগজুলৈ আধিপত্য বিস্তাৰ কৰিব পাৰে। আজি আমি এই ক'লা ভেঁকুৰ (black fungus)ৰ সন্দৰ্ভত Dr. Ganesh Pillay MD AIIMS, New Delhi য়ে জনোৱা সবিশেষ জনাম । 

মিউকৰ্মাইকোচিছ (mucormycosis) বা ক'লা ভেঁকুৰ (black fungus) কি? 

মিউকৰ্মাইকোচিছ (mucormycosis) বা ক'লা ভেঁকুৰ (black fungus) হৈছে এক বিৰল প্ৰকাৰৰ ভেঁকুৰৰ সংক্ৰমণ। মুকৰ্মাইচেটবোৰ সকলো পৰিৱেশত বাস কৰে। ই সেই স্থানবোৰ প্ৰভাৱিত কৰিব পাৰে য'ৰ পৰা ইয়াক উশাহত ল'ব পাৰি যেনে নাক, চাইনাছ, হাওঁফাওঁ আদি। যদি ই ঘাঁ বা ছালৰ জৰিয়তে প্ৰৱেশ কৰে, তেনেহ'লে ই স্থানীয় সংক্ৰমণ সৃষ্টি কৰিব পাৰে, কিন্তু যদি ই চাইনাছেৰে প্ৰৱেশ কৰে, ই চকু আৰু মগজুক প্ৰভাৱিত কৰিব পাৰে। 

মিউকৰ্মাইকোচিছ(mucormycosis) বা ক'লা ভেঁকুৰ (black fungus)ৰ লক্ষণবোৰ কেতিয়া দেখা যায়? 

সাধাৰণতে কৰোনা ভাইৰাছ আৰোগ্য হোৱাৰ দুই বা তিনি দিন পিছত মিউকৰ্মাইকোচিছ বা ক'লা ভেঁকুৰৰ লক্ষণ দেখা যায়। কৰোনাৰ পৰা আৰোগ্য হোৱাৰ দুই বা তিনি দিন পিছত, সংক্ৰমণটো চাইনাছত দেখা দিয়ে আৰু তাৰ পিছত চকুলৈ যায়। আৰু পৰৱৰ্তী 24 ঘণ্টাত, এই ভেঁকুৰে মগজুলৈ আধিপত্য বিস্তাৰ কৰিব পাৰে। 

মিউকৰ্মাইকোচিছ বা ক'লা ভেঁকুৰৰ লক্ষণ 

মিউকৰ্মাইকোচিছ বা ব্লেক ফাংগাছৰ বিভিন্ন লক্ষণ দেখা যায় । চকু ৰঙা পৰা বা বিষ, জ্বৰ, মুৰৰ বিষ, কাহ, উশাহ চুটি হোৱা, বমিত তেজ বা মানসিক অৱস্থাৰ পৰিৱৰ্তনৰ দ্বাৰা ইয়াক চিনাক্ত কৰিব পাৰি।

মিউকৰ্মাইকোচিছ(mucormycosis) বা ক'লা ভেঁকুৰ (black fungus)ৰ কাৰণসমূহ

অনিয়ন্ত্ৰিত ডায়েবেটিচ, ষ্টেৰইডৰ ব্যৱহাৰ কৰাৰ ফলত দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা, দীঘলীয়া সময় আইচিইউ বা চিকিৎসালয়ত ভৰ্তি হোৱা,অংগ সংৰোপণৰ পিছত, কৰ্কট ৰোগ বা ভোৰিকাজোল থেৰাপী (গুৰুতৰ ভেঁকুৰৰ সংক্ৰমণৰ চিকিৎসা) আদিয়ে মিউকৰ্মাইকোচিছ বা ক'লা ভেঁকুৰৰ আশংকা বৃদ্ধি কৰিব পাৰে।

লগতে পঢ়ক - আয়ুষ মন্ত্ৰালয়ে কৰোনাৰ পৰা বাচিবলৈ জনাইছে কিছু টিপচ , জানক কি

কৰোণা ৰোগীয়ে কিদৰে মিউকৰ্মাইকোচিছ বা ক'লা ভেঁকুৰৰ পৰা বাছি থাকিব

হাইপাৰগ্লাইচেমিয়া (ৰক্ত শৰ্কৰা) নিয়ন্ত্ৰণ কৰক। কোভিড-19-ৰ পৰা আৰোগ্য হোৱাৰ পাছতো ৰক্ত শৰ্কৰাৰ স্তৰ নিৰীক্ষণ কৰি থাকিব। ষ্টেৰইড ব্যৱহাৰ  সময় আৰু পালিৰ সম্পূৰ্ণ যত্ন ল'ব। কেৱল চিকিৎসকৰ সৈতে আলোচনা কৰিহে এণ্টিবায়টিক আৰু এণ্টিফাংগাল ঔষধ ব্যৱহাৰ কৰিব।  দ্বিতীয়তে, আপোনাৰ ছাল মুকলিকৈ নাৰাখিব।

 

  https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2021/05/what-is-black-fungas-explained-in.html 

"Every effort has been made to ensure the accuracy, timeliness and genuineness of the information provided here. All the content here is given only for reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close