জিতেন দত্তৰ হুংকাৰ : মোৰ এখন গালত এটা চৰ মাৰিলে মই দুখন গালত দুটা চৰ মাৰিম
নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে গুৱাহাটীৰ খানাপাৰাত বিধেয়কখনক লৈ কেন্দ্ৰৰ বিজেপি চৰকাৰ আৰু ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে আজি ২৪ জুনত সৰৱ হৈ পৰিল আলফা নেতা জিতেন দত্ত। বিধেয়কখনৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি কৰি অহা গণতান্ত্ৰিক প্ৰতিবাদ কেন্দ্ৰৰ বিজেপি চৰকাৰে নুবুজিলে আনকি অগণতান্ত্ৰিক পথ লোৱাৰ হুংকাৰো পুনৰ দোহাৰিলে জিতেন দত্তই।
জীতেন দত্তই আজিৰ ভাষণত কোৱা কেইটামান উক্তি তলত দাঙি ধৰা হ'ল-
1.‘যদি কেন্দ্ৰীয় চৰকাৰে আমাৰ গণতান্ত্ৰিক পদ্ধতিক বুঢ়া আঙুলি দেখুৱাই, তেন্তে অগণতান্ত্ৰিক পদ্ধতিৰে অস্তিত্ব ৰক্ষাৰ বাবে চেষ্টা কৰিম'
2.ভাৰত ৰাষ্ট্ৰক প্ৰতিবাদৰ কেন্দ্ৰলৈ টানি আনি ‘অসমৰ ‘অ’ মোৰ আপোনাৰ দেশ’ জাতীয় সংগীতটোক যদি ভাৰতৰাষ্ট্ৰই সন্মান জনায়, তেন্তে ‘জন-গণ-মন’ গোৱাত কোনো আপত্তি নাথাকে’
3.‘মোক যদি অসমৰ মাটিত মাত মাতি যোৱা তথা মূৰ তুলি জীয়াই থকাৰ অধিকাৰ দিয়ে, তেন্তে মই ক’ম, মই এজন অসমীয়া হৈয়ো এজন ভাল ভাৰতীয়'
4.‘অসমীয়া জাতি ৰক্ষা কৰিবলে হ’লে যুৱশক্তি আগবাঢ়ি আহিব লাগিব। অনশন, জোঁৰ লৈ প্ৰতিবাদেৰে কেতিয়াও জাতিটোক ৰক্ষা কৰিব নোৱাৰো’
5.‘লাচিতে দি যোৱা আদৰ্শৰে হয় মাৰিম, নহ’লে মৰিম; জাতিৰ অস্তিত্ব সুৰক্ষিত কৰিম’
6. ‘যদি কোনোবাই মোক এখন গালত চৰ দিবলৈ চেষ্টা কৰে, তেন্তে মই তেওঁৰ দুখন গালত দুটা চৰ লগাই মোৰ অধিকাৰ সাব্যস্ত কৰিবলৈ চেষ্টা কৰিম’
No comments:
Post a Comment