NRCৰ পৰা সংখ্যালঘু বঙালী মুছলমানসকল বঞ্চিত হোৱাৰ আশংকা ৰাষ্ট্ৰসংঘৰ:
ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অন্তিমটো খছৰাৰ কাম দ্ৰুত গতিত চলি থকাৰ মাজতেই ৰাষ্ট্ৰসংঘত উত্থাপিত হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰসংগ।NRCৰ পৰা সংখ্যালঘু বঙালী মুছলমানসকল বঞ্চিত হোৱাৰ আশংকা ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ গোটৰ। সমগ্ৰ বিষয়টোক লৈ ভাৰত চৰকাৰৰ পৰা সবিশেষ তথ্য বিচাৰিছে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ সম্পৰ্কীয় বিশেষ কাৰ্যপ্ৰণালী গোটে।ৰাষ্ট্ৰসংঘৰ সংখ্যালঘূ পৰিক্ৰমা বিশেষ বিশেষ দূত চাৰিগৰাকীয়ে স্বাক্ষৰ কৰি যোৱা ১১ জুনত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজলৈ এখন পত্ৰ প্ৰেৰণ কৰি এন আৰ চি সম্পৰ্কে ভাৰত চৰকাৰৰ স্থিতি কেনেকুৱা পৰ্যায়ত আছে তাক জানিব বিচাৰিছে। ৬০ দিনৰ ভিতৰত পত্ৰৰ উত্তৰ দিয়াৰ নিৰ্দেশ দিছে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ গোটে। পত্ৰখনত কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন। NRC প্ৰক্ৰিয়াটোত আনুষ্ঠানিক পৰিকল্পনা নথকাৰ অভিযোগ তুলিছে মানৱ অধিকাৰ গোটে। NRCৰ পৰা নাম বাদ পৰাসকলৰ কি হ’ব তাৰ স্পষ্টতা নাই বুলিও অভিযোগ।

ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ সম্পৰ্কীয় বিশেষ কাৰ্যপ্ৰণালী গোটৰ হৈ ফাৰ্ণাণ্ড ডি ভাৰিনে ( Fernand de Varennes), ই টেনডায়ি আচিউম E Tendayi Achiume), ডাইড কায়ে(Daid Kaye) আৰু আহমেদ শ্বাহীদে স্বাক্ষৰ পৰা পত্ৰখনত এই বুলিও উল্লেখ কৰা হৈছে যে বিদেশী ন্যায়াধিকৰণে মূলতঃ বাঙালী মুছলমানসকলক লক্ষ্য কৰি লোৱাৰ ফলত তেওঁলোকৰ নাগৰিকত্ব প্ৰমাণৰ বাবে দিয়া নিৰ্দেশনাৰ ফলত ক্ষতিগ্ৰস্ত হৈ আহিছে।
No comments:
Post a Comment