এয়াৰটেলৰ মুছলিম বিৰোধী কাণ্ড ! টুইটাৰত প্ৰতিবাদৰ জোৱাৰ ! - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Wednesday, June 20, 2018

এয়াৰটেলৰ মুছলিম বিৰোধী কাণ্ড ! টুইটাৰত প্ৰতিবাদৰ জোৱাৰ !

এয়াৰটেলৰ মুছলিম বিৰোধী কাণ্ড ! টুইটাৰত প্ৰতিবাদৰ জোৱাৰ !
ভাৰতীয় এয়াৰটেলে টুইটাৰত মুছলিম বিৰোধী টুইট এটাক আওপকীয়াকৈ সমৰ্থন যোগাৱাত সমগ্ৰ টুইটাৰতে তীব্ৰ প্ৰতিবাদৰ সন্মূখীন হৈছে ।উল্লেখযোগ্য় এই যে পুজা সিং নামৰ এহৰাকী মহিলাই এয়াৰটেলৰ সেৱাৰ বাবে টুইটাৰত অভিযোগ আনিছিল আৰু তাৰ পাছত তেওৰ অভিযোগ শুনিবৰ বাবে এয়াৰটেলৰ ফালৰ পৰা চৈয়ব নামৰ এজন মুছলমান যুৱকক এয়াৰটেলৰ ফালৰ পৰা নিয়োগ কৰা হৈছিল । কিন্তু চৈয়বৰ নাম দেখি পুজা সিংয়ে চৈয়ব মুছলমান হোৱাৰ বাবে বিশ্বাস নকৰো বুলি কয় আৰু চৈয়বৰ সলনি এজন হিন্দুক এয়াৰটেলৰ ফালৰ পৰা তেওৰ অভিযোগ শুনিবলৈ আবেদন জনায় । ইফালে পুজা সিংৰ এই মুছলমান বিৰোধী মনোভাৱৰ কোনো প্ৰতিবাদ নকৰি এয়াৰটেলে গগানজত নামৰ আন এজন ব্য়ক্তিক নিয়োগ কৰে । 


ইফালে এয়াৰটেলৰ এই কৰ্ম কাণ্ডৰ প্ৰতিবাদ কৰি বহুতে টুইটাৰত এয়াৰটেলৰ সেৱাৰ পৰা অব্য়াহতি লব বুলি ভাবুকি দিয়ে । ফলস্বৰুপে পৰিস্থিতি বিষম দেখি এয়াৰটেলে পুনৰ টুইট কৰি কয় যে এয়াৰটেলে কেতিয়াও ধৰ্মৰ ভিত্তিত নিজৰ কৰ্মচাৰী আৰু গ্ৰাহকৰ মাজত বিভাজন নকৰে ।

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close