বৃদ্ধি পাইছে এয়াৰটেলৰ বিৰুদ্ধে প্ৰতিবাদ ! পিছে কিয় এই প্ৰতিবাদ ? - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Friday, June 22, 2018

বৃদ্ধি পাইছে এয়াৰটেলৰ বিৰুদ্ধে প্ৰতিবাদ ! পিছে কিয় এই প্ৰতিবাদ ?

বৃদ্ধি পাইছে এয়াৰটেলৰ বিৰুদ্ধে প্ৰতিবাদ ! পিছে কিয় এই প্ৰতিবাদ ? 

সমগ্ৰ ভাৰততে কিছু দিন ধৰি বৃদ্ধি পোৱা হিন্দু মুছলিম বৈষম্য়ই এতিয়া এয়াৰটেলকো জোকাৰি গৈছে । জানিব পৰা মতে ভাইৰেল ইণ্ডিয়া নেটৰ খৱৰ অনুসৰি প্ৰায় ১.৫ লাখ মানুহে এয়াৰটেল এৰি যোৱাৰ প্ৰস্তুতি চলাইছে আৰু নিজৰ এয়াৰটেল ফোন নং পৰ্ট কৰিবলৈ অনুৰোধ জনাইছে ।

আচলতে সমগ্ৰ ঘটনাটো এয়াৰটেলে মুছলিম গ্ৰাহক সেৱা প্ৰতিনিধি এজনক সলনি কৰাক লৈ কেন্দ্ৰ কৰি গঢ়ি উঠিছে ।উল্লেখযোগ্য় এই যে পুজা সিং নামৰ এহৰাকী মহিলাই এয়াৰটেলৰ সেৱাৰ বাবে টুইটাৰত অভিযোগ আনিছিল আৰু তাৰ পাছত তেওৰ অভিযোগ শুনিবৰ বাবে এয়াৰটেলৰ ফালৰ পৰা চৈয়ব নামৰ এজন মুছলমান যুৱকক এয়াৰটেলৰ ফালৰ পৰা নিয়োগ কৰা হৈছিল । কিন্তু চৈয়বৰ নাম দেখি পুজা সিংয়ে চৈয়ব মুছলমান হোৱাৰ বাবে বিশ্বাস নকৰো বুলি কয় আৰু চৈয়বৰ সলনি এজন হিন্দুক এয়াৰটেলৰ ফালৰ পৰা তেওৰ অভিযোগ শুনিবলৈ আবেদন জনায় । ইফালে পুজা সিংৰ এই মুছলমান বিৰোধী মনোভাৱৰ কোনো প্ৰতিবাদ নকৰি এয়াৰটেলে গগানজত নামৰ আন এজন ব্য়ক্তিক নিয়োগ কৰে ।

বলিউডৰ চিলেব্ৰেটিৰো প্ৰতিবাদ

ইফালে এয়াৰটেলৰ এই কৰ্ম কাণ্ডৰ প্ৰতিবাদ কৰি বহুতে টুইটাৰত এয়াৰটেলৰ সেৱাৰ পৰা অব্য়াহতি লব বুলি ভাবুকি দিয়ে । জন্মু কাশ্মীৰৰ পূৰ্ব মূখ্য়মন্ত্ৰী উমৰ আব্দুলাকে ধৰি বলিউদৰ অভিনেত্ৰী গহৰ খান আৰু স্বাৰা ভাস্কৰে এয়াৰটেলৰ সেৱাৰ পৰা অব্য়াহতি লব বুলি জনাইছে ।

এয়াৰটেলে কি কয় এই বিষয়ত?

 ইফালে পৰিস্থিতি বিষম দেখি এয়াৰটেলে পুনৰ টুইট কৰি এয়াৰটেলে কেতিয়াও ধৰ্মৰ ভিত্তিত নিজৰ কৰ্মচাৰী আৰু গ্ৰাহকৰ মাজত বিভাজন নকৰে বুলি দাবী কৰিছে ।

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close