ভাৰতৰ হৈ স্বৰ্ণ জয় অসমৰ হিমা দাসৰ:
ফিনলেণ্ডৰ টেম্পেৰিত চলি থকা এথলেটিকছৰ বিশ্ব জুনিয়’ৰ প্ৰতিযোগিতাত মহিলাৰ ৪০০ মিটাৰ দৌৰত ৫১.৪৬ ছেকেণ্ডেৰে শীৰ্ষস্থান দখল কৰি ভাৰতৰ হৈ স্বৰ্ণ জয় কৰি অসমৰ হিমাই গৌৰৱ কঢ়িয়াই আনিছে। হিমাই হ'ল এই বৃহৎ প্ৰতিযোগিতাখনৰ ট্ৰেক ইভেণ্টত স্বৰ্ণ জয় কৰা প্ৰথমজন ভাৰতীয় এথলীট। মনকৰিবলগীয়া এই যে ১৯৮৬ চনৰ পৰা আৰম্ভ হোৱা অনূৰ্ধ্ব-২০ এই কঠিত প্ৰতিযোগিতাখনত এতিয়ালৈকে ভাৰতৰ কোনো দৌৰবিদয়েই সফল হ’ব পৰা নাছিল।
উল্লেখযোগ্য এই যে, নগাৱঁ জিলাৰ ধিং অঞ্চলৰ এই প্ৰতিভাশালী উদীয়মান দৌৰবিদগৰাকী পূৰ্বেও কমনৱেল্থ গেইমছৰ দৰে প্ৰতিযোগিতা প্ৰশংসনীয় প্ৰদৰ্শন আগ বঢ়াইছিল।

No comments:
Post a Comment