স্বাস্থ্যৱান আৰু শক্তিশালী দাঁতৰ বাবে কৰক এইকেইটা কাম | How to strengthen teeth - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Tuesday, June 22, 2021

স্বাস্থ্যৱান আৰু শক্তিশালী দাঁতৰ বাবে কৰক এইকেইটা কাম | How to strengthen teeth

এক স্বাস্থ্যৱান আৰু শক্তিশালী দাঁত আমাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ। আমি খোৱা বা পান কৰা সকলোবোৰ বস্তু পোন প্ৰথমে আমাৰ দাঁতৰ সংস্পৰ্শলৈ আহে। আজিৰ পৃথিৱীত, সঠিক যত্ন আৰু সময়ৰ অভাৱৰ বাবে মানুহে দাঁতৰ সৈতে সম্পৰ্কিত সমস্যাৰ সন্মুখীন হৈছে। যিসকলে দাতৰ সমস্যাত ভুগি আছে তেওলোকেহে ইয়াৰ প্ৰকৃত কষ্ট অনুভৱ কৰিব পাৰে । 
how to strengthen teeth
আজি আমি আপোনাৰ দাঁতক কিদৰে স্বাস্থ্যৱান আৰু শক্তিশালী কৰি তুলিব সেই বিষয়ে কিছু ঘৰুৱা প্ৰতিকাৰৰ বিষয়ে জনাম।গতিকে আহক আৰম্ভ কৰো -

দাঁত স্বাস্থ্যৱান কৰি ৰখাৰ ঘৰুৱা উপায়

সৰিয়হৰ তেল আৰু নিমখ -
দাঁতৰ শক্তি আৰু দাতৰ আলুৰ স্বাস্থ্যৰ বাবে সৰিয়হ আৰু নিমখ ব্যৱহাৰ কৰিব পাৰি। এইবোৰ এণ্টি-চেপ্টিক আৰু এণ্টি-বেক্টেৰিয়েল হোৱাৰ বাবে বেক্টেৰিয়াৰ পৰা সুৰক্ষা দিয়ে। ইয়াৰ বাবে, তিনি চাহ চামুচ খাটি সৰিয়হ তেলত দুই চাহ চামুচ নিমখ যোগ দিয়ক আৰু মিশ্ৰণটো আপোনাৰ আঙুলিত লৈ কেইমিনিটমানৰ বাবে দাত আৰু দাতৰ আলু মালিচ কৰক। তাৰ পিছত কুহুমীয়া পানীৰে ধুই পেলাওক।  
নিম পাত-
নিম পাতৰ বেক্টেৰিয়াত্ব-বিৰোধী গুণাগুণ আছে যিয়ে দাঁত শক্তিশালী আৰু স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে। ইয়াত কেইবা ধৰণৰ এণ্টি-চেপ্টিক গুণ আছে। নিমৰে তৈয়াৰ কৰা মাউথৱাছ নিয়মীয়াকৈ ব্যৱহাৰ কৰিব লাগে।
জালুক আৰু হালধি-
জালুক আৰু হালধিৰ পেষ্ট বনাই দাঁত আৰু আলু পাতলকৈ মালিচ কৰক। সেইবোৰত থকা পুষ্টিবোৰে দাঁত শক্তিশালী কৰি তুলে। গুৰুত্বপূৰ্ণ কথাটো হ'ল মালিচ কৰাৰ পিছত প্ৰায় ৩০ মিনিটৰ বাবে একো সেৱন বা পান নকৰিব। 
তুলসী পাত-
মুখত তুলসী গ্ৰহণ কৰিলে সংক্ৰমণ প্ৰতিৰোধ হয় আৰু ইয়াৰ দ্বাৰা বেক্টেৰিয়া হ্ৰাস পায়। ইয়াৰ ফলত দাঁতত পোক, মুখৰ দুৰ্গন্ধ, কেভিটিৰ সমস্যা নহয় আৰু ই দাঁত শক্তিশালী কৰি ৰাখে।  ৰ'দত তুলসী পাত শুকুৱাই তাৰ পিছত সেইবোৰ গুৰি কৰক। ইয়াৰ পাউডাৰ এটা বনাওক আৰু এই পাউদাৰ ব্যৱহাৰ কৰি আপোনাৰ দাঁতত ব্ৰাছ কৰক।

 

  https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2021/06/how-to-strengthen-teeth.html 

"Every effort has been made to ensure the accuracy, timeliness and genuineness of the information provided here. All the content here is given only for reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."
(স্পষ্টিকৰণ : এই প্ৰবন্ধটো কেৱল সাধাৰণ তথ্যৰ বাবে লিখা হৈছে। ই কোনো ধৰণৰ ঔষধ বা চিকিৎসা কৰাৰ বিকল্প হ'ব নোৱাৰে। অধিক তথ্যৰ বাবে সদায় আপোনাৰ চিকিৎসকৰ সৈতে যোগাযোগ কৰক।)

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close