বিষৰ সমস্যা ? পেইন কিলাৰ ব্যৱহাৰ নকৰি এই 4 টা ঘৰুৱা প্ৰতিকাৰ গ্ৰহণ কৰক Different pains home remedies - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Thursday, June 24, 2021

বিষৰ সমস্যা ? পেইন কিলাৰ ব্যৱহাৰ নকৰি এই 4 টা ঘৰুৱা প্ৰতিকাৰ গ্ৰহণ কৰক Different pains home remedies

আজিকালি অধিকাংশ লোকেই সামান্য গাৰ বিষ ,মুৰৰ বিষ নাইবা গাঠিৰ বিষ হলেই পেইন কিলাৰ ব্যৱহাৰ কৰা দেখা যায় । এইখিনিতে আপোনাৰ বাবে এটা প্ৰশ্ন ,আপুনি সামান্য সৰু এটা বিষ আঁতৰাবলৈ ভৱিষ্যতে এটা ডাঙৰ বিষৰ গাত পাতি লব বিচাৰিব নেকি? আপোনাৰ উত্তৰ নিশ্চয় নাইয়ে হব । তেনেহ'লে, আপুনি কিয় সঘনাই পেইন কিলাৰ সেৱন কৰাৰ অভ্যাস গ্ৰহণ কৰিছে?  
Different pains home remedies
আজি আমি আপোনাক কিছুমান ঘৰুৱা প্ৰতিকাৰৰ বিষয়ে জনাম যিয়ে বিষ উপশম কৰিব আৰু ইয়াৰ কোনো পাৰ্শ্বক্ৰিয়াও নাথাকিব। কিয়নো নিয়মীয়াকৈ পেইনকিলাৰ আৰু এণ্টিবায়টিক ব্যৱহাৰ কৰিলে শৰীৰত বিভিন্ন পাৰ্শ্বক্ৰিয়া হ'ব পাৰে। ঘৰুৱা প্ৰতিকাৰবোৰ ব্যৱহাৰ কৰি ইয়াৰ পৰা হাত সৰাৰ এটা সহজ উপায়।

মুৰৰ বিষ

মুৰৰ বিষ আজিকালি প্ৰায় সকলোৰে হোৱা দেখা যায় । এই বিষ উপশম কৰিবলৈ পেইন কিলাৰ ব্যৱহাৰ নকৰি লাল চাহত আদা যোগ দি সেৱন কৰক। ইয়াৰ পিছত অলপ সময় চকু বন্ধ কৰি শুই যাওক। আপুনি যথেষ্ঠ সকাহ পাব। যদি আপুনি বিচাৰে গাখীৰ চাহতো আদা দি খাব পাৰে। আপুনি মুৰৰ বিষ, মূৰ ভাৰি ভাৰি লগা আৰু ভাগৰ উপশম কৰিবলৈ এনে কৰিব পাৰে।  

গা বিষ 

হালধিয়ে শৰীৰৰ গা বিষৰ পৰা সকাহ দিয়ে । যেতিয়া আপুনি গা বিষৰ সমস্যাত ভূগে তেতিয়া পেইন কিলাৰ ব্যৱহাৰ কৰাৰ সলন গৰম গাখীৰত হালধি যোগ দি পান কৰিব লাগে। আৰু পান কৰাৰ পিছত অলপ সময় শুই দিলে আপুনি সতেজ অনুভৱ কৰিব আৰু শৰীৰৰ বিষ-ভাগৰ নাইকিয়া হ'ব।

দাঁতৰ বিষ

লংৰ বিষয়ে বহু লোকে জানে যে ই দাঁতৰ বিষৰ পৰা সকাহ দিয়ে। কিন্তু খুব কম লোকেই জানে যে লংৰ দ্বাৰা ডিঙিৰ বিষ, ওকালি অহা আৰু পেটৰ বিষ আদি সমস্যাৰ পৰাও সকাহ পোৱা যায়।  

আঁঠুৰ বিষ

হালধি-চূণৰ পেষ্টে আঁঠুৰ বিষৰ পৰা সকাহ দিয়ে ।  হালধি আৰু চূণ বিষ উপশম কৰাত অধিক উপকাৰী বুলি প্ৰমাণিত হয়। কিছু সময়ৰ বাবে সৰিয়হৰ তেলত হালধি আৰু চূণ গৰম কৰক আৰু তাৰ পিছত আঁঠুত পেষ্ট হিচাপে লগাওক ।  ইয়াৰ দ্বাৰা আঁঠুৰ বিষ হ্ৰাস হয়।

 

  https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2021/06/6-benefits-of-tulsi-and-honey.html 

"Every effort has been made to ensure the accuracy, timeliness and genuineness of the information provided here. All the content here is given only for reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."
(স্পষ্টিকৰণ : এই প্ৰবন্ধটো কেৱল সাধাৰণ তথ্যৰ বাবে লিখা হৈছে। ই কোনো ধৰণৰ ঔষধ বা চিকিৎসা কৰাৰ বিকল্প হ'ব নোৱাৰে। অধিক তথ্যৰ বাবে সদায় আপোনাৰ চিকিৎসকৰ সৈতে যোগাযোগ কৰক।)

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close