You Should Avoid Making These Mistakes for goddess of wealth and purity - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Friday, August 27, 2021

You Should Avoid Making These Mistakes for goddess of wealth and purity

Vastu Tips মহিলাসকলে এনে কাম কৰিলে মা লক্ষ্মী কেতিয়াও ঘৰত প্ৰৱেশ নকৰে  Devi lakshmi leaves home for these mistakes

হিন্দু ধৰ্মত ধনৰ দেৱী মা লক্ষ্মীক সম্পদ, গৌৰৱ আৰু সুখ বিচাৰি পূজা কৰা হয় । হিন্দু ধৰ্মত,  কন্যা সন্তানকো মা লক্ষ্মীৰ ৰূপ বুলি গণ্য কৰা হয়৷ কিন্তু কেতিয়াবা ভুলবশতঃ আমি এনে কিছুমান কাম কৰিব পাৰো যিয়ে মা লক্ষ্মীক ৰুস্ত কৰি তুলিব পাৰে আৰু আপোনাৰ জীৱনলৈ আৰ্থিক সমস্যাই দেখা দিব । আজি আমি আপোনাক এনে কিছুমান তথ্য জনাম যিবোৰ কাৰ্য যদি এজনী ছোৱালী বা মহিলাই ভুলবশতঃ  কৰে, তেন্তে মা লক্ষ্মী  ৰুস্ত হৈ পৰে ।  
devi-lakshmi-leaves-home

মহিলাসকলৰ এনে ভুলৰ বাবে ৰুস্ত হয় মা লক্ষ্মী

কেতিয়াও ভৰিত ঝাড়ু নলগাব 
কোৱা হয় যে যি ঘৰত ঝাড়ু ভৰিৰে ব্যৱহাৰ কৰে বা ঝাড়ুত ভৰি লগায় তেনে ঘৰত লক্ষ্মী কেতিয়াও বাস নকৰে। পুৰাণৰ মতে, যি ঘৰত মহিলা বা ছোৱালীয়ে ঝাড়ুত ভৰি লগায় তেনে ঘৰত মা লক্ষ্মী ৰুস্ত হৈ পৰে । 
কেতিয়াও জুঠা বাচন গেছৰ ওপৰত এৰি নিদিব
কেতিয়াও জুঠা বাচন গেছৰ ওপৰত এৰি নাহিব, এনে কৰিলে ঘৰত দৰিদ্ৰতা আহে আৰু হাতৰ পৰা টকা ওলাই যায়।
ভৰিৰে দুৱাৰত ঠোকৰ মাৰা
বহু ঘৰত জীয়ৰী-বোৱাৰী সকলে দুৱাৰ খুলম বা বন্ধ কৰা সময়ত ভৰিম ব্যৱহাৰ কৰি ঠোকৰ মাৰে যাৰ দ্বাৰা মা লক্ষ্মী ৰুস্ত হৈ পৰে । 
দুৱাৰমুখত বহি আহাৰ গ্ৰহণ
হিন্দু ধৰ্ম অনুসৰি মাটিত বহি আহাৰ গ্ৰহণ কৰাটো শুভ বুলিও গণ্য কৰা হয়, কিন্তু কেতিয়াবা দেখা যায় যে ঘৰৰ মহিলাসকলে দুৱাৰমুখত বহি আহাৰ গ্ৰহণ কৰে। কেতিয়াও এনে কাম নকৰিব । নহলে ঘৰলৈ দৰিদ্ৰতা আহিব ।
কেতিয়াও পাকঘৰত জুঠা বাচন বৰ্তন  এৰি নাহিব 
ৰাতি শুবলৈ যাওতে কেতিয়াও জুঠা বাচন বৰ্তন পাকঘৰত এৰি নিদিব, এনে কাৰ্য কৰাটো ঘৰলৈ দৰিদ্ৰতাক আমন্ত্ৰণ কৰাৰ দৰে।

নিয়মীয়াকৈ এনেধৰণৰ লিখনিৰ বাবে আমাৰ গ্ৰুপত জইন কৰক - ইয়াত ক্লিক কৰক

সন্ধিয়া সময়ত ঘৰ ঝাড়ু দিয়া 
বহু মহিলাই সন্ধিয়া সময়ত ঘৰ সাৰিবলৈ ঝাড়ু ব্যৱহাৰ কৰে, কিন্তু এইবোৰ একেবাৰে ভুল ।  ঘৰ সদায় ৰাতিপুৱা সময়তহে সাৰিব লাগে ।সন্ধিয়া ঘৰ সৰাতো
দৰিদ্ৰতাক আমন্ত্ৰণ কৰাৰ দৰে।
ৰাতিপুৱা পলমকৈ সাৰ পোৱা 
ঘৰৰ সকলো সদস্যই ৰাতিপুৱা সোনকালে উঠিব লাগে, বিশেষকৈ ঘৰৰ বোৱাৰীসকলে কেতিয়াও পলমকৈ শুব নালাগে, আৰু দীঘলীয়া সময় শুলে মা লক্ষ্মী অসন্তুষ্ট হয় বুলি কোৱা যায়। 
এইসমূহ নিয়ম বাস্তু শাস্ত্ৰ অনুসৰি অতিজৰে পৰা চলি আহিছে । আধুনিক যুগত বহুতে ইয়াক বিশ্বাস নকৰে যদিও আন বহুতেই ইয়াক পৰাম্পৰাগত হিচাপে বিশ্বাস কৰি আহিছে । আমাৰ উদ্দেশ্য আপোনালোকৰ আগত তথ্যখিনি দাঙি ধৰাৰহে ।
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।

 

  https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2021/08/devi-lakshmi-leaves-home-due-to-these-8-mistakes.html 

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close