বন্ধুসকল ইতিমধ্য়ে আপোনালোকে গম পাইছে যে সমগ্ৰ অসমতে ডাকঘৰসমূহত ৯১৯ টা পদ মুকলি হৈছে । যদি আপুনি আবেদন কৰিব বিচাৰে তেন্তে ইয়াত ক্লিক কৰক - CLICK HERE । বন্ধুসকল আজি আমি আপোনালোকক জনাম খালী হোৱা পদসমূহ কেনেধৰণৰ পদ আৰু এই পদত আপুনি যদি চাকৰি লাভ কৰে তেন্তে কি কি কৰিব লাগিব ।
ভাৰতীয় ডাকৰ অন্তৰ্গত এই পষ্টঅফিচ সমূহ গাও অঞ্চলত অৱস্থিত । সেয়হে ইয়াত চাকৰি কৰা সমূহক গ্ৰামীণ ডাক সেৱক বুলি কোৱা হয় । গ্ৰামীণ ডাক সেৱকসকলে ৪-৫ ঘন্টা দৈনিক কাম কৰিব লাগে আৰু সেইয়া আপোনাৰ অফিচ অনুসৰি নিৰ্ধাৰণ কৰা হয় । যিহেতু দৈনিক ৪-৫ ঘন্টাৰহে কাম গতিকে আপুনি আৰু বেলেগকৈ কাম কৰাৰ সুবিধা এটা থাকে ।গাৱ অঞ্চলৰ ডাকঘৰ সমূহক ব্ৰাঞ্চ অফিচ বুলি কোৱা হয় যত গ্ৰামীণ ডাক সেৱকসকলক নিযুক্তি দিয়া হয় । এটা ব্ৰাঞ্চ অফিচত মুঠ ৩ টা পদ থাকে । সেইয়া হৈছে - BPM (ব্ৰাঞ্চ পষ্ট মাষ্টৰ) , ABPM (এছিছটেন্ট ব্ৰাঞ্চ পষ্ট মাষ্টৰ) আৰু ডাক সেৱক (পিয়ন) ।

BPM (ব্ৰাঞ্চ পষ্ট মাষ্টৰ):
- এটা ব্ৰাঞ্চ অফিচৰ সকলো দায়িত্ব থাকে ব্ৰাঞ্চ পষ্ট মাষ্টাৰৰ ওপৰত ।
- ব্ৰাঞ্চ পষ্ট মাষ্টাৰৰ সকলো বিত্তীয় কাম কাজ কৰাৰ দায়িত্ব থাকে ।
- পষ্ট অফিচৰ বিভিন্ন আচনি যেনে চেভিং একাউন্ট, ফিক্স ডিপজিট আদি খোলাৰ দায়িত্ব লগতে পইচা জমা লোৱাৰ দায়িত্ব থাকে ব্ৰাঞ্চ পষ্ট মাষ্টাৰৰ ওপৰত ।
- ইয়াৰ ওপৰিও চৰকাৰী আচনি যেনে সুকন্য়া আচনি আদি ৰাইজক বুজাই একাউন্ট খোলাৰ দায়িত্ব থাকে ব্ৰাঞ্চ পষ্ট মাষ্টাৰৰ ওপৰত ।
- ব্ৰাঞ্চ পষ্ট মাষ্টাৰৰ আন কিছুমান কাম হল- মানি অৰ্ডাৰ বুক কৰা, স্পিড পষ্ট, ৰেজিষ্টাৰ পষ্ট আদি বুক কৰা ।
- দৰমহা প্ৰায় ১৪০০০ টকা ।
ABPM (এছিছটেন্ট ব্ৰাঞ্চ পষ্ট মাষ্টৰ)
- এছিছটেন্ট ব্ৰাঞ্চ পষ্ট মাষ্টৰৰ দায়িত্ব হল ব্ৰাঞ্চ পষ্ট মাষ্টৰক সহায় কৰা ।
- ইয়াৰ উপৰিও পষ্ট মাষ্টাৰে দৈনিক কাম-কাজৰ খাতিয়ান ছাব অফিচলৈ পঠিয়াব লাগে সেইয়া অনা নিয়া কৰে এছিছটেন্ট ব্ৰাঞ্চ পষ্ট মাষ্টৰে ।
- দৰমহা প্ৰায় ১১০০০ টকা ।
ডাক সেৱক (পিয়ন)
- ডাক সেৱক (পিয়ন)ৰ দায়িত্ব হল চিঠি পত্ৰ বিতৰণ কৰা ।
- ইয়াৰ উপৰিও নতুন আইপিপিবিৰ একাউন্ট খোলা দায়িত্ব থাকে ডাক সেৱক (পিয়ন)ৰ ওপৰত ।
- দৰমহা প্ৰায় ১১০০০ টকা ।
আপুনি কি কৰিব-
বহুতে এই চাকৰিটো কৰিব নিবিচাৰে কাৰণ দৰমহা নিচেই কম । হয় ৪ ঘন্টা কাম কৰি ১৪০০০ দি আছে কিন্তু প্ৰাইভেটত ১০ ঘন্টা কৰিলেও ২০০০০ নিদিয়ে । আটাইতকৈ ডাঙৰ সুবিধাটো হল ৩ বছৰ পিছত আপুনি ডিপাৰমেন্টেল পৰীক্ষা দি প্ৰমোচন লাভ কৰিব পাৰে আৰু তেতিয়া আপোনাৰ দৰমহা হৈ পৰিব ৪০০০০ অধিক । গতিকে এবাৰ ভাবি চাব । আৰু কৈ থও যিহেতু এই চাকৰিৰ বাবে কোনো ধৰণৰ পৰীক্ষা নহয় গতিকে মেট্ৰিকৰ মাৰ্কচ খিনিয়ে আপোনাৰ চাকৰি পোৱা নোপোৱাটো নিৰ্ধাৰণ কৰিব ।
Kenekoi apply korim sir
ReplyDeleteApply kribo click krk - https://www.dimpubaruah.com/2019/08/assam-postal-department-jobs.html
DeletePlz link me
ReplyDeleteApply kribo click krk - https://www.dimpubaruah.com/2019/08/assam-postal-department-jobs.html
ReplyDeletehttps://www.dimpubaruah.com/2019/08/assam-postal-job-2019.html?m=1#put-your-comment
Delete