বেলপাতৰ দ্বাৰা আৰোগ্য হব পৰা 5 টা ৰোগ, শিকক ইয়াক ব্যৱহাৰ কৰাৰ সঠিক প্ৰক্ৰিয়া | Vine Leaves Benefits - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Friday, June 25, 2021

বেলপাতৰ দ্বাৰা আৰোগ্য হব পৰা 5 টা ৰোগ, শিকক ইয়াক ব্যৱহাৰ কৰাৰ সঠিক প্ৰক্ৰিয়া | Vine Leaves Benefits

বেলপাতৰ লাভালাভ

সচৰাচৰ আমাৰ পূজাসমূহত ব্যৱহৃত বেলপাতক বিভিন্ন বেমাৰ দুৰ কৰিবলৈ ঘৰুৱা প্ৰতিকাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি । বেলপাত গুৰি কৰি, চোবাই,পাউদাৰ বনাই পানীৰ সৈতে মিহলি কৰি খাব পাৰি। ইয়াৰ লাভালাভসমুহ জানো আহক -
Vine Leaves Benefits
 
1. বেলপাতে ডায়েবেটিচ নিয়ন্ত্ৰণত কৰে সহায় -
আপুনি ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰিবলৈ বেলপাত ব্যৱহাৰ কৰিব পাৰে।  প্ৰতিদিনে ৰাতিপুৱা খালী পেটত বেলপাতৰ ৰস খাওক। বেলপাতৰ ৰস তৈয়াৰ কৰিবলৈ বেলপাত পিছি এক এগিলাচ পানীৰ সৈতে মিহলাই জালুক, আমলখি যোগ দি পান কৰক ।
2. বেলপাতে ৰক্তহীনতা নিৰাময়ত সহায় কৰে -
প্ৰায়ে মহিলাৰ ৰক্তহীনতাৰ সমস্যা থকা দেখা যায় । এনে মহিলাসকলে বেলপাতৰ ৰস খাব লাগে যিয়ে তেজ বৃদ্ধি কৰে। যদি আপুনি বিচাৰে  দৈনিক 5 টাকৈ বেলপাত খাব পাৰে।  
3. ছালৰ খজুৱতিৰ বেলপাত-
বেলপাতে ছালৰ সমস্যা দূৰ কৰে । বেলপাতৰ এণ্টিঅক্সিডেণ্ট গুণ আছে, যি ছাল সম্পৰ্কীয় ৰোগৰ বাবে কাৰ্যকাৰী । যদি আপোনাৰ খজুৱতিৰ সমস্যা আছে তেন্তে বেলপাত আৰু নিম পাত মিহলি কৰি গুৰি কৰক আৰু ইয়াক কুহুমীয়া পানীৰ সৈতে মিহলি কৰক । পাছত ইয়াক খজুৱতি হোৱা স্থানত প্ৰয়োগ কৰিলে খজুৱতিৰ পৰা উপশম লাভ কৰিব পাৰি।   
4. চুলিৰ সমস্যাৰ বাবে বেলপাত-  
বহুলোকৰ অকালতে চুলি সৰা আৰম্ভ হয় । আপোনাৰো যদি এনে সমস্যা আছে আৰু আপুনি এই সমস্যা প্ৰতিৰোধ কৰিবলৈ বিচাৰে তেন্তে বেলপাত ধুই খোৱা আৰম্ভ কৰক । কিছুদিনৰ  ভিতৰতে পাৰ্থক্য দেখিবলৈ আৰম্ভ কৰিব। 

নিয়মীয়াকৈ এনেধৰণৰ লিখনিৰ বাবে আমাৰ গ্ৰুপত জইন কৰক - ইয়াত ক্লিক কৰক

5. পোক-পতংগই কামুৰিলে বেলপাতৰ ব্যৱহাৰ কৰক -
বেলপাতে পোক-পতংগৰ কামুৰি দিয়া আঘাত নিৰাময় কৰাত সহায় কৰে । মৌ মাখি, বৰল আদিয়ে কামুৰিলে কামুৰা স্থানত বেলপাতৰ ৰস প্ৰয়োগ কৰক যিয়ে বিষ উপশম কৰাত সহায় কৰে। পেটত পেলু থকা শিশুকো পানীত মিহলাই বেল পাতৰ গুৰি পান কৰিলে সুফল লাভ কৰাত সহায় হয়। 
Also Read - আইতাৰ ঘৰুৱা বিধান । জানি থওক কামত আহিব 

 

  https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2021/06/9-vine-leaves-benefits.html 

"Every effort has been made to ensure the accuracy, timeliness and genuineness of the information provided here. All the content here is given only for reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."
(স্পষ্টিকৰণ : এই প্ৰবন্ধটো কেৱল সাধাৰণ তথ্যৰ বাবে লিখা হৈছে। ই কোনো ধৰণৰ ঔষধ বা চিকিৎসা কৰাৰ বিকল্প হ'ব নোৱাৰে। অধিক তথ্যৰ বাবে সদায় আপোনাৰ চিকিৎসকৰ সৈতে যোগাযোগ কৰক।)

1 comment:

  1. অতি সুন্দৰ ভবিষ্যতে আৰু এনেদৰে আকৌ পাই থাকিম বুলি আষা ৰাখিলো

    ReplyDelete

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close