অসম আৰক্ষীৰ বাতিল SI পৰীক্ষা । কি হব এতিয়া ? সবিশেষ জানক । Assam SI Exam date - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Sunday, September 20, 2020

অসম আৰক্ষীৰ বাতিল SI পৰীক্ষা । কি হব এতিয়া ? সবিশেষ জানক । Assam SI Exam date

দেওবাৰে অনুষ্ঠিত হৈছিল অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষা । কিন্তু প্ৰশ্ন কাকত ফাদিল হোৱাৰ বাবে আধাতে বাতিল কৰা হয় পৰীক্ষা। হোৱেটছএপযোগে লিখিত পৰীক্ষাৰ প্ৰশ্ন কাতত ফাদিলৰ পাছতেই বিষয়টোৰ সন্দৰ্ভত এক আলোচনাত মিলিত হৈছিল অসম আৰক্ষীৰ সঞ্চালক প্ৰধান আৰু বিশেষ শাখাৰ আৰক্ষী মহা পৰিদৰ্শক।

Assam SI Exam date

ইফালে এই কথা গম পাই দিল্লীত থকা মুখ্যমন্ত্ৰীয়ে আৰক্ষী উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ লগত জড়িত অপৰাধীক শীঘ্ৰে কৰায়ত্ত কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধানক কঠোৰ নিৰ্দেশ দিছে।ইয়াৰ বাবে CID ত গোচৰো তৰা হৈছে ।

এক জাননীযোগে বোৰ্ডৰ অধ্যক্ষ প্ৰদীপ কুমাৰে জনাই যে অহা এমাহৰ ভিতৰত পুনৰবাৰ লিখিত পৰীক্ষা অনুষ্ঠিত কৰা হব । কিন্তু বৰ্তমানলৈকে নিশ্চিত কৰা নাই পৰীক্ষাৰ তাৰিখ। এই পৰীক্ষা সম্পূৰ্ণ বিনামূলীয়া হ’ব আৰু আবেদনকাৰীসকলক তেওঁলোকৰ প্ৰস্তুতি চলাই যাবলৈ আহ্বান জনায় প্ৰদীপ কুমাৰে। উল্লেখযোগ্য যে, এই নিযুক্তি প্ৰক্ৰিয়া ব্যৰ্থ কৰাৰ বাবে ষড়যন্ত্ৰত লিপ্ত হোৱা চক্ৰটোকো শীঘ্ৰে চিনাক্ত কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ দিয়ে।


 

https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2020/09/si-assam-si-exam-date.html

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close