অসমীয়া মুছলমান সমাজ - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Saturday, May 26, 2018

অসমীয়া মুছলমান সমাজ

অসমীয়া মুছলমান সমাজ: (1205)চন|আহোমসকল অসমলৈ অহা প্ৰায় ২৫(25) বছৰ মান আগৰ কথা যেতিয়া প্ৰথমজন অসমীয়া থলুৱা ব্যক্তিয়ে ইচলাম ধৰ্ম গ্ৰহণ কৰিছিল আৰু প্ৰথম ইছলাম গ্ৰহণ কৰা জন আন কোনো নাছিল তেঁও আছিল মেচ জনগোষ্ঠীৰ প্ৰধান “আলী মেচ”| আৰু এইয়াই হৈছে অসমীয়া মুছলমানৰ আৰম্ভণি|সেই বছৰতেই বৰ্তমান তুৰ্কীৰ পৰা চীনদেশ আক্ৰমণ(১২০৬ চনৰ ২৭ মাৰ্চ (27th march 1206) ) কৰিব আহোতে কিছু তুৰ্কীৰ যোদ্ধা অসমৰ যোদ্ধাৰ লগত পৰাস্ত হৈ অসমতে থাকি যায় আৰু অসমকে নিজৰ বুলি সাবতি লয়|এনেকৈ হয়তো আৰম্ভ হ’ল অসমীয়া মুছলমান সমাজৰ|
আহকচোন আমি এতিয়া চাঁও অসমীয়া মুছলমানসকলক ভাষা-সংস্কৄতি,বৄত্তি­ আদিৰ পটভূমিত কেইটা ভাগত ভগাব পাৰি আৰু সেইকেটা কি কি ..
১)গৰীয়া
২)চৈয়দ-দাৱন
৩)মৰীয়া
৪)দেশী
৫)মণিপুৰি
৬)জোলা আৰু
৭)পৃৰ্ববঙ্গীয় মূলৰ মুছলমান
১)গৰীয়া:ত্ৰয়োদশ শতিকা(13th century)ৰ পৰা অসমত বন্দী হৈ ৰৈ যোৱা মুছলমান সৈন্য ,পীৰ,ফকীৰ,আউলীয়া আদিৰ বংশধৰ,মুছলমান শাসকাধীন নামনি অসমলৈ কাষৰীয়া গৌড় ৰাজ্যৰ পৰা অহা মুছলমানসকলক গৰীয়া বুলি কোৱা হয়|বৄত্তিগত ব্যৱধান থাকিলেও এইসকলৰ ধৰ্মীয় উপসনা পদ্ধতি আৰু সাজ-সজ্জা একে|এইসকলৰ সকলোৱে গৌড় বা গৌড় দেশৰ মাজেদি প্ৰবেশ কৰা বাবে থলুৱা লোকসকলে গৌড়ীয়া বুলি কৈছিল আৰু কালক্ৰম গৰীয়া বুলি জনাজাত হল|উল্লেখযোগ্য যে সকলো গৰীয়া মুছলমান অসমীয়া মুছলমান কিন্তু সকলো অসমীয়া মুছলমান গৰীয়া নহয়|
2)চৈয়দ-দাৱন:আজান ফকিৰ আৰু তেঁওৰ সহযোগী সকলৰ বংশধৰ সকলক অসমত দাৱন বুলি জনা হয়|মধ্যযুগৰ অসমৰ মুছলমানসকলৰ মাজত দাৱন সকলে ধৰ্মীয় কাম-কাজৰ পুৰোহিত হিচাপে জীৱন-নিৰ্বাহ কৰিছিল|আৰু এই দাৱনসকলক ’চৈয়দ’ গোষ্ঠীৰ লোক বুলিও কোৱা হয়|এইসকলে নিজকে হজৰত মহম্মদ(ছ:)ৰ বংশধৰ হিচাপে পৰিচয় দিয়ে|এই চৈয়দসকলৰ কোনোবা আহিছিল যুদ্ধবন্দী হিচাপে অথবা কোনোবা আহিছিল ধৰ্মপ্ৰচাৰ কৰিবলৈ|
অসমৰ আন মুছলমানসকলে দাৱনসকলক ধৰ্মীয় গুৰু হিচাপে মানি লৈছিল|গাঁওৰ মছজিদৰ ইমামতি কৰা;ধৰ্মীয় শিক্ষানুষ্ঠানসমূহ পৰিচালনা কৰা,নিকাহ কাৰ্য সমধান কৰা আদি গুৰুত্বপূৰ্ণ ধৰ্মীয় কামসমূহৰ গুৰিধৰোতা সমূহ আছিল দাৱনসমূহ|
৩)মৰীয়া:মৰীয়া সকল হৈছে এটা বিশেষ বৄত্তিৰ ওপৰত ভিত্তি কৰি অসমত থাকি যোৱা যুদ্ধবন্দী মুছলমান|এইসকল মুছলমান কৰ্মপটু খনিকৰ আছিল|গতিকে বন্দীৰ পৰা মুকলি হোৱাৰ পাছত এইসকল মুছলমানে তেঁওলোকৰ বৃত্তি অনুসৰি অসমত পিতল মৰিয়াই তাৰ পৰা সুন্দৰ সুন্দৰ কলহ.লোটা,চৰিয়া ,চাকি আদি তৈয়াৰ কৰিবলৈ ধৰিছিল|থলুৱা লোকসকলে যেতিয়া প্ৰথমে এই বন্দী মুছলমানসকলক দেখিছিল তেতিয়া আটাইয়ে মৰিয়াই মৰিয়াই বাচন-বৰ্তন তৈয়াৰ কৰি আছিল|সেইহে থলুৱা লোকসকলে তেঁওলোকক মৰিউৱা বা মৰিয়া কবলৈ ধৰিলে|
৪)দেশী মুছলমান:দেশী মুছলমানসমূহ অসমৰ খিলঞ্জীয়া লোক| বৰ্তমান গোৱালপাৰা,ধুবুৰী,বঙাইগাঁও আদিত চতুৰ্দশ শতিকাৰ পৰা বাস কৰি অহা মুছলমানসকলক দেশী মুছলমান বোলা হয়|চতুৰ্দশ শতিকাত(14th century) ৰজা চক্ৰধ্বজে ৰুকুনুদ্দিন বাবাক চাহক ৰাজ্যৰ একাংশ এৰি দিয়াৰ লগতে নিজেও ইচলাম ধৰ্ম গ্ৰহণ কৰিছিল|ফলস্বৰুপে তেঁওৰ পৰিয়ালৰ লগতে প্ৰজাবৰ্গৰ কিছু সংখ্যক মানুহ মুছলমান হোৱাটো স্বাভাবিক|ইয়াৰোপৰিও ইটাখুলি ৰণৰ পাছত যিহেতু মানাহ নদী আহোম আৰু মোগলৰ সীমা হৈ পৰিছিল গতিকে মানাহৰ পশ্চিমত অৱস্থিত অবিভক্ত গোৱালপাৰা জিলা ২০০ বছৰোধিক কাল ব্ৰিটিছ আগমণলৈকে মোগল সম্ৰাজ্যৰ অধীন হৈ আছিল|ফলত যথেষ্ট খিনি মানুহ মুছলমান হৈ পৰিছিল|এঁওলোকক দেশী মুছলমান বুলি জনা যায়| 
৫)মণিপুৰি মূছলমান:কেইবা শতিকা জুৰি বৰাক উপত্যকাৰ কাছাৰ জিলাত বাস কৰি অহা মণিপুৰী মূলৰ মুছলমানসকলে নিজৰ ভাষা-সংস্কৃতি পালন কৰি অহাৰ লগতে বৰাক উপত্যকাৰ থলুৱা সংস্কৃতিও আদৰি লৈছে|অৱশ্যে নিজৰ সংস্কৄতি পাহৰি নগলেও এইসকলে দেহ-মন অসমৰ প্ৰতিয়ে সমৰ্পন কৰিছে|এঁওলোকে নিজৰ মাজতে বিয়া বাৰু কৰায় আৰু মণিপুৰি বা বাংলাভাষাত পঢ়া-শুনা কৰে|
৬)জোলা মুছলমান:চাহ শ্ৰমিক ৰূপে অসমলৈ অহা মুছলমানসকলক জোলা মুছলমান বুলি জনা যায়|এঁওলোক মূলত দুটা ভাগত বিভক্ত -চাহ শ্ৰমিক আৰু প্ৰাক্তন চাহ শ্ৰমিক|কিছুমান চাহ শ্ৰমিক আজিও বাগিছা বোৰত কাম কৰি থকা দেখা যায় |আনহাতে অন্যান্য চাহ শ্ৰমিক যিসকলে বৰ্তমান স্বইচ্ছাই বাগিছাৰ পৰা অব্যাহতি লৈ অন্য কৰ্মত মনোনিবেশ কৰিছে তেঁওলোকক প্ৰাক্তন চাহ-শ্ৰমিক বুলি জনা যায়|জোলা মুছলমানসকল প্ৰায় ডেৰশ শতিকা ধৰি অসমত বসবাস কৰি আহিছে যদিও বাগিছাৰ চৌহদতে আবদ্ধ হৈ থকাৰ বাবে বৄহত্তৰ অসমীয়া সমাজৰ পৰা বহুখিনি আঁতৰত|বৰ্তমান চাহ বাগিছাত বাস কৰা সকলে পূৰ্ববৰ্তী ভাষাতে কথা পাতি আহিছে|আনহাতে প্ৰাক্তন চাহ শ্ৰমিকসকল শিক্ষা-দীক্ষাত বহুখিনি আগবাঢ়ি গৈছে|ভাৰতৰে ঝাৰখণ্ড পৰা অহা এইসকল অদূৰ ভবিষ্যতে বৃহত্তৰ অসমীয়া জাতিত বিলিন হোৱাৰ সম্ভাৱনা অধিক|
৭)পৃৰ্ববঙ্গীয় মূলৰ মুছলমান:প্ৰকৃততে অসমৰ মুছলমানৰ অধিকাংশই হৈছে পৃৰ্ববঙ্গীয় মূলৰ মুছলমান| পৃৰ্ববঙ্গীয় মূলৰ হ’লেও ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাৰ পৃৰ্ববঙ্গীয় মূলৰ মূছলমানৰ মাজত পাৰ্থক্য দেখা যায়|যিহেতু বৰাক উপত্যকাৰ এটা বৃহৎ অঞ্চল পূৰ্বতে বংগদেশৰ অন্তৰ্ভূক্ত আছিল গতিকে ইয়াত থলুৱা সংস্কৃতিৰ প্ৰভাব কম দেখা যায় আৰু বংগীয় সংস্কৃতিৰ প্ৰভাব অধিক হোৱা দেখা যায়|আনহাতে পৃৰ্ববঙ্গীয় মূলৰ অধিকাংশ ই উনবিংশ(19th century) আৰু বিংশ শতিকা (20th century)ত অহা লোক|অসমত বাস কৰি অহা এই পৃৰ্ববঙ্গীয় মূলৰ মুছলমান লোকসকলৰ মাজত পূৰ্ববংগীয় ভাষা-সংস্কৃতি প্ৰচলন হৈ থকা দেখা যায়|বহুতে এই সকল লোকক অভিবাসী মুছলমান বুলি কোৱা দেখা যায়|তদুপৰি এই মুছলমানসকলক পমুৱা বা চৰ-চাপৰিবাসী বুলিও জনা আছে|এইসকলক বহুতেই মিঞা মুছলমান বুলি কোৱা দেখিবলৈ পোৱা যায় |আমি জনাত এই মিঞা শব্দটোৰ অৰ্থ ডাঙৰীয়া|কিন্তু এই মিঞা শব্দটো সন্মানসূচক ৰূপে আজিৰ সমাজত ব্যৱহাৰ কৰা দেখা নাযায়|আশা কৰিছো অদূৰ ভবিষ্যতে পৃৰ্ববঙ্গীয় মূলৰ মুছলমানসকলৰ এটা সৰ্বজন স্বীকৃত সন্মানজনক নাম প্ৰচলন হব|
সংগ্ৰহ- জাৰিদ হুছেইন আৰু  আৰিফ হুছেইন

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close