হিন্দু অভিনেত্ৰীসকলে জায়ৰা ইয়াচমিনৰ পৰা শিকিব লগা আছে - হিন্দু মহাসভা - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Tuesday, July 2, 2019

হিন্দু অভিনেত্ৰীসকলে জায়ৰা ইয়াচমিনৰ পৰা শিকিব লগা আছে - হিন্দু মহাসভা

জায়ৰা ইয়াচমিন ! দংগল, চিক্ৰেট চুপাৰষ্টাৰ আদি চিনেমাৰ জৰিয়তে বলিউদত খলকনিৰ সৃষ্টি কৰা জায়ৰা ইয়াচমিনক হয়তো আপুনিও চিনি পায় । শেহতীয়াকৈ জায়ৰা ইয়াচমিনৰ এটা ফেচবুক পষ্টে বলিউদৰ লগতে সমগ্ৰ ভাৰতকে জোকাৰি গৈছে । ফেচবুক পষ্টৰ জৰিয়তে জায়ৰা ইয়াচমিনে অৱসৰ ঘোষণা কৰি কয় যে তেখতৰ কাম ধৰ্মৰ মাজত আহি গৈছে আৰু ধৰ্মৰ পৰা আতৰি নাযাবৰ বাবে বলিউদ ত্যাগ কৰাৰ ঘোষণা কৰিছে ।




যোৱা দেওবাৰে জায়ৰা ইয়াচমিনে ফেচবুকত এটা দীঘলীয়া পষ্ট লিখি ধৰ্মীয় কাৰণত চিনেমাত অভিনয় নকৰাৰ কথা ঘোষণা কৰে । তেখেতে কয় যে তেখতৰ পেছাৰ বাবে ধৰ্মৰ লগত সম্পৰ্ক দুৰ্বল হৈ পৰিছে ।


জায়ৰা ইয়াচমিনৰ এই সিদ্ধান্তৰ পাছতেই একাংশই হিন্দু অভিনেত্ৰীসকলকো অভিনয় নকৰিবলৈ উপদেশ দিয়া দেখা পোৱা গৈছে । এই একাংশৰ মাজত এজন হৈছে হিন্দু মহাসভাৰ অধ্যক্ষ স্বামী চক্ৰপাণি । তেখেতে কয় যে হিন্দু অভিনেত্ৰীসকলে জায়ৰা ইয়াচমিনৰ পৰা অনুপ্ৰেৰণা লাভ কৰা উচিত । সামাজিক মাধ্যম টুইটাৰত স্বামী চক্ৰপাণিয়ে কয় যে জায়াৰ ইয়াচমিনৰ অভিনয় নকৰা সিদ্ধান্ত প্ৰশংসনীয় । হিন্দু অভিনেত্ৰীসকলে জায়ৰা ইয়াচমিনৰ পৰা প্ৰেৰণা লব লাগে ।




ইফালে হিন্দুমহাসভাৰ অধ্যক্ষই হিন্দু অভিনেত্ৰীসকলকো অভিনয় নকৰিবলৈ উপদেশ দিয়াক লৈ কেইবাধৰণৰ প্ৰশ্নই উদয় হৈছে । উল্লেখযোগ্য এই যে জাইৰা ইয়াচমিনৰ সিন্ধান্ত আছিল সম্পূৰ্ণ ব্যক্তিগত । তেনেস্থলত হিন্দু মহাসভাৰ স্বয়ম্ভু অধ্যক্ষই এইদৰে হিন্দু অভিনেত্ৰীসকলোক অভিনয় এৰিবলৈ কোৱা কথাই প্ৰশ্নৰ অৱতাৰণা কৰিছে ।

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close