Love story in Assamese । অনলাইন প্ৰেম । best love story in Assamese 2021 । - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Sunday, March 14, 2021

Love story in Assamese । অনলাইন প্ৰেম । best love story in Assamese 2021 ।

Love story in Assamese । অনলাইন প্ৰেম । best love story in Assamese ।

ৰাতিপুৱা ১০.০০বাজি পাৰ হৈ গ'ল, এতিয়ালৈ মহাৰাজ টোপনিৰ পৰা সাৰ পোৱা নাই, মহাৰাজৰ আচল নামটো বিভৱ। ৰাতিটো সি মোবাইলত ব্যস্ত হৈ থাকে আৰু ৰাতিপুৱা সদায় দেৰীকৈ উঠে সেইবাবে মাকে তাক মহাৰাজ উপাধিটো প্ৰদান কৰিছে। আজিও আনদিনাৰ দৰে মাকে তাক চিঞৰি চিঞৰি উঠাই আছে -
: বিভু আজি তই বিছনাৰ পৰা উঠিবি নে নুঠা?সোনকালে কলেজত গৈ কেতিয়াবা  ৰাতিপুৱাৰ classটো কৰিব পাইছানে?
Assamese Love Story

(বিভৱে মাকৰ চিঞৰত সাৰ পালে।)
: মা অলপ মনে মনে থাকা না... কিমান আৰু চিঞৰি থাকা... অলপ আৰু টোপনি মাৰিবলৈ দে মোক..
: (খঙৰ সুৰেৰে) তোক আৰু কিমান সেই একেটা কথাকে কৈ থাকিম! থাক এনেকৈ বিছনাত পৰি..
: মা সদায় একেটা কথা ক'বলৈ আপোনাৰ লাজ নালাগে!... মোক শান্তিৰে শুব দে.... আৰু ৰাতিপুৱাৰ classটো নকৰিলে মোৰ একো ক্ষতি নহয়...
মাকে বিভৱৰ কথা শুনি বিভৱৰ দেউতাকক কলে-
: শুনিছে আপোনাৰ ল'ৰাই কি কৈছে ?
: (ঠাত্তাৰ সুৰেৰে) কি যে কোৱা নহয় অংকিতা তুমিও.... আমাৰ ল'ৰাজন এতিয়া আমাৰ ল'ৰা হৈ থকা নাই নহয়... সি এতিয়া চাকৰি কৰা মানুহ... নাজানা নেকি তুমি?.. ৰাতিটো WhatsApp universityত কাম কৰে, তাৰউপৰি Facebook universityত চাকৰি কৰে... কিমান কাম সি হে জানে!

Love story in Assamese । অনলাইন প্ৰেম

বিভৱৰ মাকে husbandৰ মুখত এনেকুৱা কথা শুনা পাই হাঁহিবলৈ ধৰিলে। তেওঁৰ ফালে চাই অংকিতাই ক'লে -
: আপুনিও যে আৰু... তাক অলপ আপুনিও শাসন কৰিব লাগে...একো নকওঁতে নকওঁতে তাক, সি আমাৰ একেবাৰে মুৰৰ ওপৰত নাচিবলৈ আৰম্ভ কৰিছে..
: তাৰ ভৱিষ্যতটো তাৰ হাতত আছে, সি যদি বুজি নাপায়... আমি কি কৰিব পাৰো!... যি লাগে সকলো আনি দিছো..
কথাষাৰ কৈ দেউতাকে ঘৰৰ পৰা ওলাই এপাক বাহিৰলৈ  ওলাই গ'ল।মাকে বিভৱক ক'লে -
: দে নহলে আজি কিমান টোপনি মাৰিব পৰা মইয়ো চাঁও...ব্ৰেকফাষ্ট পিছত নিজেই বনাই খাবি... মই কীৰ্তিৰ ঘৰলৈ এপাক মাৰি আহো...
মাকৰ কথা শুনাৰ লগে লগে বিভৱে বিছনাৰ পৰা ধৰফৰাই উঠি মাকক মাত দিলে -
: নালাগে ... নালাগে... মই উঠিলোৱেই দেখোন... মোৰ ব্ৰেকফাষ্টখিনি তৈয়াৰ কৰ...
মাকে জানে বিভৱক এইষাৰ কথা ক'লে যে সি ধৰফৰে উঠিব! কাৰণ      বিভৱ ইমানেই এলেহুৱা ল'ৰা যে ব্ৰেকফাষ্টখিনি বনাই খোৱাটো দুৰৈৰ কথা পানী এগিলাচ বাকী খাবলৈও কেতিয়াবা টান পায়। মাকে তাৰ কথাত ক'লে -
: নাই নাই আৰু টোপনি যোৱা... ভগৱানে তোমাক কলি যুগৰ কুম্ভকৰ্ণ হিচাপে পঠিয়াবলৈ আমাকহে বিচাৰি পালে..
মাকে কথাষাৰ এনেয়ে কৈছে কিজানি তাৰ অলপ লাজ লাগেই, মাকে পাগঘৰলৈ গৈ বিভৱৰ কাৰণে breakfast তৈয়াৰ কৰাত লাগি গ'ল। বিভৱে মাক-দেউতাকৰ এই ধেমেলীয়া কথাবোৰ এখন কাণেৰে শুনি আনখন কাণেৰে উলিয়াই দিয়ে। সি লৰা-লৰিকৈ বাথৰুমলৈ গৈ ফ্ৰেচ হৈ আহিল। মাকে পাগঘৰৰ পৰা মাত দিলে -
: মহাৰাজৰ গা ধোৱা হ'লনে?
: হৈছে ৰ'ৱ মন্ত্ৰী... আপুনি মোৰ ভোজনৰ ব্যৱস্থাটো কৰি দিয়ক অতি সোনকালে..
বিভৱে ডাইনিং ৰুমলৈ সোমাই আহি দেখে  তাৰ ব্ৰেকফাষ্ট ready হৈছে  ইতিমধ্যে । সি উশাহ নোপোৱাকৈ ব্ৰেকফাষ্ট কৰি কলেজলৈ যাবলৈ ready হ'ল, মাকৰ কপালত চুমা এটা দি বাইকখন চলাই কলেজলৈ গ'ল।

Love story in Assamese ।best love story in Assamese । new love story in Assamese

বিভৱে কলেজৰ পৰা কোনোমতে  ঘৰ আহি পালে, সি বাথৰুমলৈ গৈ ফ্ৰেচ হৈ ল'লে। তাৰপিছত মাকৰ লগত একেলগে ভাত খাবলৈ বহিলে। বিভৱে মাকক সুধিলে -
: মা.. আজি কীৰ্তি কলেজলৈ নগ'ল নেকি?
: কিয় সুধিছা?
: নহয় মানে তাইক আজি এটা ক্লাছতো দেখা নাপালো!
: (সন্দেহৰ চকুৰে চাই) অ.. তই তাৰমানে ক্লাছত মনোযোগ দিব এৰি কীৰ্তিক হে চাই থাকা নো?... ৰ'ৱা মই আজি কীৰ্তিক কৈ দিম...
: সেনেকুৱা কথা নহয়... তাৰমানে আজি কীৰ্তিৰ বান্ধৱী এজনীয়ে মোক সুধিছিল কীৰ্তিৰ কথা... সেইকাৰনে হে...
: কীৰ্তিৰ মোবাইল আছে দেখোন... বান্ধৱীজনীটো ইমান মুৰ্খ নহয় তাইক ফোন কৰি নুসুধিব!... তই মায়েৰক মুৰ্খ বনাব খুজিছ..
: মা কি যে কৈ আছে নহয় আপুনি.. কিজানি কীৰ্তিৰ বান্ধৱীজনীৰ মোবাইল নাই চাগে!... সেইকাৰনে মোক সুধিছিল..
সি কথাটো কৈ কোনোমতে মাকৰ পৰা আতৰি গ'ল। বিভৱৰ ঘৰৰ ওচৰৰ কাষৰ ঘৰটোৱেই হৈছে কীৰ্তিৰ ঘৰ, সি কীৰ্তিক মনে মনে like কৰে , কিন্তু কীৰ্তিয়ে কেতিয়াও বিভৱৰ লগত মাত-বোল কৰা নাই, ঘৰৰ ওচৰতে থাকে যদিও বিভৱে তাইক মাতি পোৱা নাই। কলেজত দেখা পালে কেতিয়াৱা হাঁহি এটা দিয়ে,বিভৱ আৰু তাই এটা ক্লাছতে পঢ়ে, বৰ্তমান সিহঁত BA 6 semত পঢ়ি আছে। কীৰ্তি বৰ সহজ-সৰল ছোৱালী, পঢ়াতো বৰ চোকা। বিভৱে কীৰ্তিক মনে মনে খিৰিকীৰে চাই থাকে যেতিয়া তাই সিহঁতৰ ঘৰৰ বাৰান্দাত বহি থাকে। আজিও সি নিজৰ ৰুমৰ খিৰিকীৰে কীৰ্তিক চাবলৈ চেষ্টা কৰিলে কিন্তু তাইক দেখা নাপালে, সেইকাৰনে সি বিছনাত বাগৰি ফেচবুক চাই থাকিল। সি ফেচবুক মেছেঞ্জাৰ open কৰি দেখিলে এজনী ছোৱালীয়ে মেছেজ দিছে :-
: hii bibhob.... 
বিভৱে ছোৱালীজনীৰ প্ৰফাইলটো চেক কৰিলে, প্ৰফাইল ফটোত তাইৰ চকুযুৰিৰ ফটোহে দিয়া আছে। সি ভাৱিলে এইটো কোনোবা ল'ৰাই fake id খুলিছে চাগে! সেইকাৰনে সি  reply নিদিলে। আধাঘন্টা মান পিছত আকৌ সেই fb accountটোৰ পৰা মেছেজ আহিছে -
: ki hl ako reply ni j ?... mr ai2 account fake nhy... mi sowali a..
বিভৱে বিশ্বাস কৰো নকৰো কৈ তাইক reply দিলে -
: ok... 2mr voice message sent kra mk...  mi tetiya he blve krim..
বিভৱে দেখিলে যে এতিয়া  কোনো মেছেজ দিয়া নাই দেখোন, তাৰমানে সঁচায় Fake id আছিল। কিন্তু ১০মিনিট পিছত আকৌ মেছেজ আহিলে ,এইবাৰ voice message দিছে-
:  এইবাৰ কোৱা মই ল'ৰা নে ছোৱালী?
বিভৱে voice messageটো শুনি গম পাই গ'ল  সঁচায় দেখোন ছোৱালীৰ মাত এইটো। সি হাঁহি মাৰি থকা এটা emoji দি ছোৱালীজনীক সুধিলে-
: kt ghr 2mr? ru 2mr nm2 ki?
: atiya mi ako nkw... 2mk clgt dekha pai tkau ru Facebookot 2mr id2 pi msg dilu..
বিভৱে আচৰিত হ'ল অহ তাৰমানে সি পঢ়ি থকা কলেজখনৰে ছোৱালীজনী!সি কথাটো জানিব পাৰি মনটো তাৰ ভাল লাগিল। সি তাইক মেছেজ দিলে -
: oh really... ok 2mr pics akhn diya sn plz...mi 2mk  sabo khujisu...
ছোৱালীজনীয়ে তাক মিচিকিয়া হাঁহি মাৰি থকা ইমোজি এটা দি reply দিলে -
: mi jidina dibo lage dm kintu aaji nidiw... bye mi atiya olp busy asu...
বিভৱেও bye দি  WhatsAppত busy হ'ল।                                                                             ( আগলৈ) 
 
This Assamese love story is written by Deepti aka Ditimani Baishya(দীপ্তি ওৰফে ডিটিমনি বৈশ্য). We will continuously upload all parts of Assamese love story part by part.
আজিৰ পৰা "অনলাইন প্ৰেম" নামৰ এইটো কাহিনী আপলোদ কৰিবলৈ লৈছো। হয়তো আপোনালোকৰ মাজৰ কোনোবাই পঢ়িছে নাইবা নপঢ়িবও পাৰে,😊আশা কৰো এইটো কাহিনীও পঢ়ি ভাল পাব! আৰু বন্ধুবৰ্গৰ মাজত Whatsappত শ্বেয়াৰ কৰিব । ধন্যবাদ🙏 

 

  https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2021/03/best-love-story-in-assamese-2021.html 

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close