খাৰ খাই ভাল পায়নে ? জানক খাৰৰ ঔষধি গুণসমূহ । Benefits of Assamese Traditional Soda - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Thursday, March 11, 2021

খাৰ খাই ভাল পায়নে ? জানক খাৰৰ ঔষধি গুণসমূহ । Benefits of Assamese Traditional Soda

Benefits of Assamese Traditional Soda

"খাৰ খোৱা অসমীয়া" অসমীয়াৰ ওপৰত এষাৰ কথাই আছে। বহুতে উপলুঙাও কৰে এইষাৰ কথাৰে। কিন্তু উলপুঙা কৰিলেও এই খাৰৰ উপকাৰীতা বহুত আছে । অতীজৰ পৰাই আমাৰ অসমীয়া সমাজত এই খাৰৰ লগত এক বিশেষ সম্পৰ্ক আছে। পাকঘৰৰ বিভিন্ন সুস্বাদু ব্যঞ্জন ৰন্ধাৰ পৰা আৰম্ভ কৰি, অসমীয়া ঔষধ বনোৱা, গা-মূৰ ধোঁৱা, কাপোৰ-কানি, বাচন আদি পৰিষ্কাৰ কৰা সকলো ক্ষেত্ৰতে খাৰৰ ব্যৱহাৰ কৰিব পাৰি । আগৰ দিনত যিহেতু নিমখ(Salt) ইমান সহজলভ্য নাছিল আৰু মূল্য অধিক (High Price) আছিল সেইবাবে সাধাৰণ লোকে লোণৰ সলনি খাৰৰ ব্যৱহাৰ (Use) কৰিছিল বুলি জনা যায় ।


খাৰ দি প্ৰস্তুত কৰা তৰকাৰীত সাধাৰণতে হালধীৰ ব্যৱহাৰ নহয়, হালধি দিলে ব্যঞ্জনখন ৰঙচুৱা বা মুগা বৰণৰ হৈ পৰে। খাৰৰ আঞ্জাৰ বা বিভিন্ন ব্যঞ্জনৰ সোৱাদ আমি সকলোৱে লৈ পাইছোঁ। খাৰ মাছৰ আঞ্জা, অমিতা খাৰৰ আঞ্জাৰ সোৱাদ আৰু অনেক ।এইবোৰ অতি সুস্বাদু, স্বাস্থ্যসন্মত আৰু পুষ্টিকৰ। কলগছ বা অমিতা গছৰ পৰা খাৰ প্ৰস্তুত কৰা হয়, বিশেষকৈ ভীমকলৰ বাকলি আৰু গছৰ পৰা প্ৰস্তুত কৰা খাৰ অতি উত্তম বুলি জনা যায় ।

স্বাস্থ্য সম্পৰ্কীয় টিপচ পাবলৈ আামাক Whatsappত জইন কৰক - ইয়াত ক্লিক কৰক

ভীমকলৰ বাকলি শুকুৱাই সেই বাকলি পুৰি খাৰ প্ৰস্তুত কৰা হয় । খাৰৰ মুখ্য কাম হৈছে শৰীৰৰ শোধন( body detox) কৰা, অতিৰিক্ত এচিডক নিষ্ক্ৰিয় কৰি শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰা।

  • কলাখাৰত প'টাছিয়ামৰ পৰিমাণ যথেষ্ট পোৱা যায় যিয়ে উচ্চ-ৰক্তচাপ আৰু ষ্ট্ৰ’ক হোৱাৰ পৰা সুৰক্ষা দিয়ে।
  • কলাখাৰে কিডনিত পাথৰ হোৱা প্ৰতিৰোধ কৰে বা কমাই।
  • খাৰে হাড়ৰ ঘনত্ব বজাই ৰাখে।
  • কলাখাৰৰ ব্যৱহাৰে মাতৃদুগ্ধৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে। 
  • কফ জমা হৈ মাত বহি গলে কলখাৰ অকণমান বনাই মিঠাতেল দি গৰম ভাতৰ লগত সানি খালে সুফল পাব ।
  • ছালৰ বিভিন্ন ৰোগত( বিশেষকৈ এলাৰ্জি জনিত ৰোগ, শালমইনা আদি)ত  মাজে মাজে খাৰ খালে তেজৰ শোধন হয় ।

    পঢ়ক - মুখৰ লালতিৰ আচৰিত ঔষধি গুণ

আমাৰ উদ্দেশ্য কেৱল কিছু জনা-নজনা কথা মানুহক আগত অৱগত কৰাৰ, এই বিষয়ে সবিশেষ পৰামৰ্শৰ বাবে অভিজ্ঞ লোকৰ বা চিকিৎসকৰ সহায় লব। কলৰ খাৰ ঘৰতে বহি অৰ্ডাৰ দিবলৈ তলৰ ফটোখনত ক্লিক কৰক ।

 

  https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2021/03/benefits-of-assamese-traditional-soda.html 

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close