হিকটি বা হিচকি আহিলে কি কৰিব ? জানি থওক । Health tricks to immediately stop Hiccups - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Thursday, March 18, 2021

হিকটি বা হিচকি আহিলে কি কৰিব ? জানি থওক । Health tricks to immediately stop Hiccups

Health tricks to immediately stop Hiccups

সাধাৰণতে আমি সচৰাচৰ যদি হিকটি বা হেঁচকি (Hiccups )আহে কোনোবাই আপোনাক স্মৰণ কৰি থকা বুলি কও । কিন্তু এইটো প্ৰকৃত কাৰণ নহয়। হঠাৎ বতৰ সলনি হোৱা, গৰম খাদ্য় খোৱাৰ ঠিক পিছতে ঠাণ্ডা খাদ্য় গ্ৰহণ কৰা , চিগাৰেট খোৱা আদি বিভিন্ন কাৰণত হিকটি আহিব পাৰে । সচৰাচৰ আমাৰ সমাজত প্ৰচলিত আছে যে যেতিয়া হিকটি আহিবলৈ আৰম্ভ কৰে, তেতিয়া কিছু সময়ৰ বাবে উশাহ বন্ধ কৰি চাব লাগে নহলে পানী খাব লাগে । কিন্তু ডাক্তৰ সকলৰ মতে হিকটি আহিলে যদি কাণখন মোহাৰি দিয়া হয় তেতিয়া তৎক্ষণাৎ হিকটি অহা বন্ধ হয় । হিকটি in English is Hiccups.
Health tricks to immediately stop Hiccups

 
আহক আমি জানি লও যেতিয়া আপোনাৰ হিকটি(Hiccups) আহে তেতিয়া কি কি উপায় অৱলম্বন কৰিব পাৰি যাৰ দ্বাৰা আমি ৰক্ষা পাব পাৰো ।

How can You Get Rid of the Hiccups?

  1. হিকটি আহিলে এক চামুচ চেনীৰ খাওক আৰু কিছু সময়ৰ ভিতৰতেই আপুনি ইয়াৰ ফলাফল লাভ কৰিব ।
  2. হিকটি অহাৰ লগে লগে বহি লৈ আপোনাৰ আঁঠু বুকুৰ ওচৰলৈ আনক । ইয়াৰ ফলত হাঁওফাঁওৰ ওপৰত চাপ হয় আৰু পেশীৰ সংকোচনও উপশম হয়। 
  3. যেতিয়া হিকটি আহে লাহে লাহে বৰফৰ পানী খাব লাগে। বৰফৰ পানী খোৱাৰ পৰা কিছু সময়ৰ ভিতৰতে হিকটি  অহা বন্ধ হয়।
  4. এখন হাতৰ বুঢ়া আঙুলি ব্যৱহাৰ কৰি আনখন হাতৰ তলুৱাত টিপি দিয়ক। নিশ্চিত কৰক যে চাপ টো অতি দ্ৰুত নহয়। এনে কৰিলেও হিকটিৰ পৰা আৰাম পাব ।
  5. ডিঙিত বৰফৰ মোনা বা ঠাণ্ডা পানীত তিয়াই থোৱা কাপোৰ এখন ৰাখিলে হিকটিৰ পৰা আৰাম পাব ।
  6. যদি সুৰাপান কৰাৰ ফলত হিকটি আহে তেন্তে নেমু চোবালে হিকটি অহা প্ৰতিহত কৰিব পাৰে। নেমুৰ এক চতুৰ্থাংশ টুকুৰা কাটি মুখত ৰাখক । ই অতি তৎক্ষণাৎ কাম কৰি হিকটি অহা বন্ধ কৰিব ।
  7.  হিকটি আহিলে ভিনেগাৰে আপোনাক সহায় কৰিব পাৰে। যদি হিকটি বন্ধ নহয়, এক চামুচ ভিনেগাৰ পানীৰ সৈতে মিহলি কৰি  খাব। ই হিকটি অহা বন্ধ কৰিব।
  8. আদা হিকটিৰ বাবে এক অতি কাৰ্যকৰী প্ৰতিকাৰ। যেতিয়াই হিকটি আহে, মুখত আদাৰ টুকুৰা এটা ৰাখি চুপিবলৈ আৰম্ভ কৰক । অলপ সময়ৰ ভিতৰতে, হিকটি অহা বন্ধ হ'ব।

এই উপায়সমূহ অৱলম্বন কৰি আপুনি হিকটি অহা বন্ধ কৰিব পাৰে । আশা কৰিছো যদি আপুনি এই লিখনিটো ভাল পায় তেন্তে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব নাপাহৰিব ।

 

  https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2021/03/health-tricks-to-immediately-stop-hiccups.html 

"Every effort has been made to ensure the accuracy, timeliness and genuineness of the information provided here. All the content here is given only for reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close