পোষ্ট অফিচ ফ্ৰেন্সাজি । অৰ্হতা- অষ্টম মানৰ পৰা । এতিয়া আপোনাৰ অঞ্চলত আপুনি নিজেই খুলিব পাৰিব পষ্ট অফিচ । India post Office Open Process - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Tuesday, October 6, 2020

পোষ্ট অফিচ ফ্ৰেন্সাজি । অৰ্হতা- অষ্টম মানৰ পৰা । এতিয়া আপোনাৰ অঞ্চলত আপুনি নিজেই খুলিব পাৰিব পষ্ট অফিচ । India post Office Open Process

বন্ধুসকল, আমি সকলোৱে জানো যে ইণ্ডিয়া পষ্ট বা ভাৰতীয় ডাক হৈছে ভাৰত চৰকাৰে পৰিচালনা কৰা এক বৃহৎ চৰকাৰী প্ৰতিষ্ঠান । ভাৰতীয় ডাক ভাৰতৰ অতি ডাঙৰ আৰু অতি পুৰণি প্ৰতিষ্ঠান, যি সম্পূৰ্ণৰূপে চৰকাৰী । গ্ৰাহকৰ নিৰন্তৰ চাহিদা প্ৰদান কৰা ভাৰতীয় ডাকে দেশৰ নাগৰিক ও গ্ৰাহকক প্রাধান্য দি  নেটৱৰ্ক অধিক কৰাৰ সিদ্ধান্ত লৈছে! গতিকে আজি আমি আপোনাক জনাম কিদৰে আপুনি পোষ্ট অফিচ ফ্ৰেন্সাজিৰ দ্বাৰা আপোনাৰ অঞ্চলত নিজেই এটা পষ্ট অফিচত খুলি লাভাম্বিত হব পাৰিব । আপুনি যদি নিবনুৱা তেন্তে ই আপোনাৰ বাবে সুবৰ্ণ সুযোগ । পোষ্ট অফিচ ফ্ৰেন্সাজি  ল'বলৈ আপুনি কি কৰিব লাগিব সকলোবোৰ আজি আমি জনাম ।
India post Office Open Process

অৰ্হতা

কোনে কোনে পষ্ট অফিচ ফ্ৰেন্সাজিৰ বাবে আবেদন কৰিব পাৰে জানো আহক :
1. যিকোনো ব্যক্তি, সংগঠন, প্ৰতিষ্ঠান, দোকান, ষ্টেচনেৰী দোকান, সৰু দোকানী আদিয়ে পষ্ট অফিচৰ ফ্ৰেন্সাইজিৰ বাবে আবেদন কৰিব পাৰে। 
2.  আবেদন কৰা ব্যক্তিজনৰ বয়স কমেও 18 বছৰ বয়সৰ হ'ব লাগিব । 
৩. আবেদন কাৰী ব্যক্তিজনৰ শিক্ষাগত অৰ্হতা নিম্নতম ৮ম মান উৰ্ত্তীণ হব লাগিব ।

পষ্ট অফিচত কি কি সেৱা উপলব্ধ হব-

1 পঞ্জীভুক্ত চিঠি, স্পীড পোষ্ট, মানি অৰ্ডাৰ বুকিং ।
2. ষ্টাম্প আৰু ষ্টেচনেৰী ।
3. ডাক জীৱন বীমা আৰু প্ৰিমিয়াম পৰিশোধ ।
৪. বিল / কৰ / কৰ পৰিশোধৰ জৰিমনা আৰু সেৱাৰ সংগ্ৰহ ।
5. ই-শাসন আৰু নাগৰিক সেৱা ।
6. ভৱিষ্যতে ডাক বিভাগে আগবঢ়োৱা সেৱা  আদি ।

কত আবেদন কৰিব-

এতিয়া প্ৰশ্ন হয় পষ্ট অফিচৰ ফ্ৰেন্সাজিৰ বাবে কত আবেদন কৰিব ! ডাক বিভাগৰ ফিঞ্চাইজি, ডাকবিভাগৰ মুৰব্বীসকলে প্ৰদান কৰে! আপুনি দাখিল কৰা এপ্লিকেচনৰ আধাৰত 14 দিনৰ ভিতৰত এএছপি/এছডিআই ডাঙৰীয়াই নিৰীক্ষণ কৰি পষ্ট অফিচৰ ফিঞ্চাইজি প্ৰদান কৰে ! কিন্তু যি গাৱত ইতিমধ্যে পষ্ট অফিচ আছে তাত পষ্ট অফিচৰ ফ্ৰেন্সাজি প্ৰদান কৰা নহয় । পোষ্ট অফিচ ফ্ৰেন্সাজি আবেদনৰ বাবে নিম্নতম চিকৰিটি ডিপজিত 5000 টকা ৰখা হৈছে! এই চিকৰিটি ডিপজিত আপোনাৰ 1 দিনৰ বিত্তীয় লেনদেনৰ ওপৰত আধাৰিত! যদি আপুনি আপোনাৰ কেন্দ্ৰত অধিক লেনদেন কৰে, তেন্তে এই পৰিমাণ বৃদ্ধি কৰিব পৰা হ'ব পাৰে । 

কিদৰে আবেদন কৰিব

ডাক বিভাগৰ ফ্ৰেন্সাজিৰ বাবে আবেদন কৰিবলৈ, আপুনি ডাক বিভাগৰ আনুষ্ঠানিক ৱেবছাইটলৈ যাব লাগিব! য'ত এটা ফাইল পাব আৰু তাত এপ্লিকেচন প্ৰপত্ৰ এটা পাব ! সেই এপ্লিকেচন প্ৰপত্ৰবোৰৰ পৰা প্ৰিণ্ট এটা লওঁক আৰু ইয়াক ভালদৰে পূৰণ কৰক আৰু আপোনাৰ নিকটতম ডাক কাৰ্য্যালয়ৰ ডিপভিজনেল অফিচলৈ যাওক! আপোনাৰ সুবিধাৰ্থে প্ৰপত্ৰখন ডাউনলোড কৰিবলৈ  তলত লিংক দিয়া হৈছে ।

লগতে পঢ়ক - গৰম পানীৰ আচৰিত গুণ ! জটিল ৰোগৰ সমাধান । কিন্তু খাব লাগিব এই নিয়মত ।

আবেদন পত্ৰ ডাউনলোড কৰিবলৈ ক্লিক কৰক - ইয়াত

 

https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2020/10/india-post-office-open-process.html

 

1 comment:

  1. ধন্যবাদ দিম্পু। বহুত ভাল খবৰ দিলা তুমি।

    ReplyDelete

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close