বাবা ৰামদেৱৰ দাবী - নাকত সৰিয়হ তেল দিয়ক, কৰোণা ভাইৰাছ পেটত গৈ মৰিব । - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Sunday, April 26, 2020

বাবা ৰামদেৱৰ দাবী - নাকত সৰিয়হ তেল দিয়ক, কৰোণা ভাইৰাছ পেটত গৈ মৰিব ।

কৰণা ভাইৰাছ  বিভিন্ন জনে ভিন্ন পদ্ধতিৰ দ্বাৰা ৰোধ কৰিব পাৰি বুলি দাবী কৰি আহিছে । এইক্ষেত্ৰত পিছ পৰি ৰোৱা নাই বাবা ৰামদেৱেও । ৰামদেৱে দুটা বিশেষ পদ্ধতিৰ দ্বাৰা কৰণা ভাইৰাছৰ বেমাৰ ভাল কৰিব পাৰি বুলি দাবী কৰিছে ।

বাবা ৰামদেৱৰ দাবী

বাবা ৰামদেৱে দাবী কৰা মতে যদি কোনো ব্যক্তিয়ে এক মিনিট ধৰি নিজৰ উশাহ ধৰি ৰাখিব পাৰে তাৰ অৰ্থ এই যে সেই ব্যক্তিজনৰ কৰণা ভাইৰাছৰ বেমাৰ নাই ।  ইয়াৰ উপৰিও কৰণা ভাইৰাছৰ বাবে এক স্পেছেল প্ৰাণায়ামো আছে বুলি তেখেতে জনায় । যিসকলৰ ডাইবেটিছ, হৃদৰোগ, হায়পাৰ টেনছন আছে তেঁওলোকে ৩০ ছেকেণ্ড আৰু যাৰ নাই তেঁওলোকে এক মিনিটলৈকে উশাহ বন্ধ কৰি চাওক ।  এই পদ্ধতিৰ দ্বাৰাই আপুনি আপোনাৰ কৰোণা আছে নে নাই জানিব পাৰিব ।
ইয়াৰ উপৰিও বাবা ৰামদেৱে এক অদ্ভুত দাবী কৰি কয় যে যিসকলৰ কৰণা ভাইৰাছ আছে তেঁওলোকে নাকত সৰিয়হৰ তেল দিয়ক । পেটত গৈ কৰোণা ভাইৰাছৰ মৃত্যু ঘটিব ।

WHO য়ে কি কয়

বাবা ৰামদেৱৰ এই অদ্ভুত দাবী যে উশাহ বন্ধ কৰি কৰণা ভাইৰাছ আছে নে নাই গম পাব পাৰি এই বিষয়ত মুখ খুলিছে WHO য়ে । WHO য়ে জনায় যে  উশাহ বন্ধ কৰিলে কৰণাৰ উপস্থিতি গম নাপায় লেব টেষ্টৰ দ্বাৰা হে ই সম্ভৱ ।ইফালে প্ৰেছ ইনফৰমেচন বিউৰোয়ো জনাই যে নাকত সৰিয়হ তেল দি কৰণা ভাইৰাছ মাৰিব নোৱাৰি । অৰ্থাৎ ৰামদেৱৰ এই দুই দাবী চিকিৎসা বিজ্ঞানে নস্য়াৎ কৰিছে ।

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close