৩ মে’ৰ পিছতো বৃদ্ধি হ’ব পাৰে ল’ক ডাউন, কেন্দ্ৰক অনুৰোধ ৰাজ্যৰ । LOCKDOWN MAY EXTENDED - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Sunday, April 26, 2020

৩ মে’ৰ পিছতো বৃদ্ধি হ’ব পাৰে ল’ক ডাউন, কেন্দ্ৰক অনুৰোধ ৰাজ্যৰ । LOCKDOWN MAY EXTENDED

ভাৰতত কোৰোণা ভাইৰাছৰ মহামাৰী ৰোধ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩ মে’ লৈকে বৃ্দ্ধি কৰিছিল ল’ক ডাউন সীমা। বহুতে নাম দিছিল লকডাউন ২.০ । এই  ল’ক ডাউনৰ ফলত কিছু পৰিমাণে হ্ৰাস পাইছে কোৰোণা ভাইৰাছৰ সংক্ৰমণ।


কোৰোণাৰ সংক্ৰমণে যাতে দেশত বেছি ভয়াবহ ৰৃপ লব নোৱাৰে তাৰ বাবে অসমত ৩ মে’ৰ পিছতো ল’ক ডাউন বৃদ্ধি কৰাকলৈ এতিয়া চলিছে  চৰ্চা। কোৰোণা ভাইৰাছৰ প্ৰতিৰোধৰ বাবে দিল্লী চৰকাৰে গঠন কৰি দিয়া কমিটীয়ে দেশক কোৰোণাৰ পৰা সম্পূৰ্ণ ৰূপে মুক্ত কৰিবলৈ অহা ১৬ মে’লৈকে ল’ক ডাউন বৃদ্ধি কৰিবলৈ পৰামৰ্শ দিছে। দিল্লীৰ পিছত আন  কেইবাখনো ৰাজ্যই ল’ক ডাউনৰ সীমা বৃদ্ধিৰ সন্দৰ্ভত আলোচনা কৰিছে।


জানিবপৰা মতে কোৰোণাৰ সংক্ৰমণ সম্পূৰ্ণ ৰূপে ৰোধ কৰিবলৈ মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, পঞ্জাৱ, পশ্চিমবংগ আৰু উৰিষ্যা চৰকাৰে ল’ক ডাউন বৃদ্ধি কৰিবলৈ আহ্বান জনাইছে। লগতে আটাইকেইখন ৰাজ্যই কেন্দ্ৰীয় চৰকাৰে যিধৰণে নিৰ্দেশনা দিয়ে, সেই দৰেই পৰৱৰ্তী সময়ত আগবাঢ়িব বুলি মন্তব্য কৰিছে । অন্ধ্ৰপ্ৰদেশ, হাৰিয়ানা, কৰ্ণাটক, তামিলনাডু, গুজৰাট আৰু হিমাচল প্ৰদেশেও ল’ক ডাউন বৃ্দ্ধি কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক জনাইছে আহ্বান। উল্লেখ্য যে, এই সন্দৰ্ভত এতিয়ালৈকে অসম, কেৰালা আৰু বিহাৰ চৰকাৰে কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা নাই। অসমৰ চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ নীতি নিৰ্দেশনা অনুসৰিয়েই আগবাঢ়িব বুলি জনাইছে ।  এই লকডাউন বৃদ্ধিৰ সন্দৰ্ভত অহা ২৭ এপ্ৰিলত প্ৰধানমন্ত্ৰী  ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰি পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জনা গৈছে ।
লগতে পঢ়ক - বাবা ৰামদেৱৰ দাবী : নাকত সৰিয়হ তেল দিয়ক, কৰোণা ভাইৰাছ পেটত গৈ  মৰিব ।

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close