অসমৰ গাঁওবুঢ়ালৈ প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ কল-: সুধিলে, বিহুৰ সময়তে লকডাউন হোৱাৰ বাবে অসমীয়া ৰাইজে খং কৰিছে নেকি ? - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Friday, April 24, 2020

অসমৰ গাঁওবুঢ়ালৈ প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ কল-: সুধিলে, বিহুৰ সময়তে লকডাউন হোৱাৰ বাবে অসমীয়া ৰাইজে খং কৰিছে নেকি ?

আজি দেশৰ গাওঁবুঢ়া সকলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰ্তালাপ কৰে । অসমৰো কাছাৰ জিলাৰ এগৰাকী গাঁওবুঢ়াৰ সৈতেও বাৰ্তালাপ কৰে নৰেন্দ্ৰ মোডীয়ে। ৰঞ্জীত সৰকাৰ নামৰ গাঁওবুঢ়াগৰাকীৰ সৈতে বাৰ্তালাপ কৰে নৰেন্দ্ৰ মোদী ডঙৰীয়াই । ভিদিও কল যোগেদি  প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতক সোধে যে অসমৰ লোকসকলে বিহুৰ সময়তে লকডাউন হোৱাৰ বাবে খং কৰিছে নেকি ? 

গাঁওবুঢ়াগৰাকীয়ে কয়, এইয়া নিজৰ ভালৰ বাবেই কৰা হৈছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও প্ৰধামন্ত্ৰীতক জনায় গাঁওবুঢ়াগৰাকীয়ে।লগতে কয়, আশাকৰ্মী, অংগনৱাড়ীৰ লোকসকলেও ব্যৱস্থা লৈছে।স্থানীয় বিধায়কগৰাকীৰ কথাও কয় গাওঁবুঢ়াগৰাকীয়ে।
লকডাউন ঘোষণা কৰাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদো জ্ঞাপন কৰিলে গাওঁবুঢ়াগৰাকীয়ে।
ইয়াৰ লগতে প্ৰধানমন্ত্ৰীয়েও অসমবাসীক অভিনন্দন জ্ঞাপন কৰে।

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close