চৰকাৰী কৰ্মচাৰী আৰু পেন্সনধাৰী সকলৰ বাবে বেয়া খবৰ, গ্ৰহণ কৰা হল এই সিদ্ধান্ত… - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Thursday, April 23, 2020

চৰকাৰী কৰ্মচাৰী আৰু পেন্সনধাৰী সকলৰ বাবে বেয়া খবৰ, গ্ৰহণ কৰা হল এই সিদ্ধান্ত…

কোৰোনাই দেশত সৃষ্টি কৰা পৰিৱেশৰ প্ৰতি লক্ষ্য কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এই সিদ্ধান্তৰ ফলত প্ৰভাৱিত হব কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ ১.১৩ কোটি কৰ্মচাৰীৰ লগতে পেন্সনধাৰীক। সচৰাচৰ প্ৰতি বছৰে কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীৰ লগতে পেন্সনধাৰীসকলৰ বাবে মৰগীয় বনাচ (Dearness Allowance)ৰ পুজিঁ চাৰি শতাংশ বৃদ্ধি কৰাৰ ঘোষণা কৰা হয়। কিন্তু এইবাৰ বৃহস্পতিবাৰে বিত্ত মন্ত্ৰণালয়ে স্পষ্ট কৰি দিছে এই বৰ্ষত কোনো কৰ্মচাৰীৰ Dearness Allowance বৃদ্ধি কৰা নহয়। একেই ঘোষণা ৰাজ্য চৰকাৰেও কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। 
 

চৰকাৰ এই সিদ্ধান্তই প্ৰভাৱিত কৰিব ৫৪ লাখ কৰ্মচাৰীৰ লগতে ৬৫ লাখ পেন্সনধাৰীক। মন কৰিবলগীয়া এই যে যোৱা বছৰ চৰকাৰে কৰ্মচাৰীৰ Dearness Allowanceৰ পুঁজি ১৭ শতাংশৰ পৰা ২১ শতাংশলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। কিন্তু এইবাৰ এই বনাচ বৃদ্ধি নকৰাৰ সিদ্ধান্ত লয় কেন্দ্ৰীয় চৰকাৰে ।  এই সিদ্ধান্তৰ ফলত চৰকাৰৰ ১৪,৫৯৪ কোটি টকা ৰাহি হ’ব।

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close