ইৰফান খানে লিখা এখন ইমচেনেল চিঠি - পঢ়ক অসমীয়াত - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Wednesday, April 29, 2020

ইৰফান খানে লিখা এখন ইমচেনেল চিঠি - পঢ়ক অসমীয়াত

ইৰফান খানে প্ৰথমবাৰৰ বাবে "টাইমচ্ অব ইণ্ডিয়া " লৈ লিখা পত্ৰত এনেদৰে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিছিল-
"অলপদিন হ'ল - জানিব পাৰিছোঁ মোৰ 'হাইগ্ৰেড্ নিঊৰোএণ্ডো ক্ৰাইন ' কেঞ্চাৰ হৈছে ৷ এই শব্দটোৰ লগত মোৰ নতুনকৈ পৰিচয় হৈছে ৷ এই অসুখটো ইমানেই বিৰল যে ইয়াৰ কোনো নিৰ্দিষ্ট চিকিৎসা নাই ৷ অনিশ্চিতভাৱে মই প্ৰতিটো দিন পাৰ কৰিছোঁ ৷ অথচ ইয়াৰ আগেয়ে কিন্তু মই অন্য এক জগতত বিচৰণ কৰি ফুৰিছিলো ৷ বহু স্বপ্ন, পৰিকল্পনা আৰু উচ্চাকাংক্ষাত ডুব গৈ আছিলো ৷ এখন দ্ৰুতবেগী ৰেলৰ যাত্ৰী আছিলো ৷ কিন্তু , হঠাৎ মোৰ এই যাত্ৰাৰ ছন্দপতন হ'ল ৷ ভাৱ হ'ল যেন ৰেলৰ টিকট পৰীক্ষকজন আহি মোক জনাই দিলে ' তোমাৰ ভ্ৰমণ ইয়াতেই শেষ ৷ এতিয়া তুমি নামি যাব লাগিব ৷ ' মই আচৰিত ! সেই টিকট পৰীক্ষকজনৰ লগত মই তৰ্কাতৰ্কি কৰিছো ৷ তেওঁক বাৰে বাৰে কৈছোঁ - এইটো মোৰ গন্তব্যস্থান নহয় ৷ ভাৱ হৈছে - এই বিশাল পৃথিৱীখনত মানুহ যেন সঁচাকৈয়ে শক্তিহীন জীৱ, তথাপিও আমি জীৱনকে আকোৱালী লৈ ব্যস্ত হৈ থাকোঁ ৷

মোৰ অসুখৰ কথা জনাৰ পাছত হেজাৰ অনিশ্চয়তাৰ মাজতে মোৰ সন্তানক বুজাইছো ৷ অনিশ্চয়তাৰ মাজত মই আৰু বেছি দিন নাথাকিম ৷ এইবোৰৰ মাজতে কিবা এক ভয়াবহ যন্ত্ৰনাই যেন মোক গ্ৰাস কৰি আনিছে ! "জীৱন আৰু মৃত্যুৰ মাজত যেন এটা পথৰ ব্যৱধান ৷ ৰাস্তাৰ এফালে মই থকা হস্পিতেল খন ৷ আনটো ফালে এখন ক্ৰিকেট ষ্টেডিয়াম ৷ এই প্ৰথমবাৰৰ বাবে যেন জীৱনটোক প্ৰকৃত অৰ্থত বুজিব পাৰিছোঁ ৷ মনে মনে ভাবিছো , হাৰি নাযাও ? জীৱনৰ সৈতে যুদ্ধখন চলাই যাম ৷ 
"বহু মানুহে মোৰ বাবে বহু দোৱা/ প্ৰাৰ্থনা কৰিছে ৷ তেওঁলোকে মোক শুভকামনা জনাইছে ৷ তেওঁলোকৰ বহুতকেই মই চিনি পাওঁ ৷ আৰু বহুতকেই মই চিনি নাপাওঁ ৷ তেওঁলোকে মোক অনুপ্ৰেৰণা যোগাইছে ৷ মই যেন উটি ভাঁহি ফুৰিছো জীৱন জোৱাঁৰত !

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close