অসমৰ অতিকে জনপ্ৰিয় গাৱলীয়া বেংক হৈছে অসম গ্ৰামীণ বিকাশ বেংক । অসম গ্ৰামীণ বিকাশ বেংকত চাকৰি কৰাৰ বহুতৰে সপোন থাকে । শেহতীয়াকৈ অসম গ্ৰামীণ বিকাশ বেংকত ১৭০ টা পদ মুকলি হৈছে । কত কিদৰে আৰু কেনেকৈ আবেদন কৰিব সেইয়া আজি আমি আপোনালোকক জনাম ।
খালী হোৱা পদৰ নাম -
অসম গ্ৰামীণ বিকাশ বেংকত খালী হোৱা পদ দুটা হৈছে -
- অফিছ এছিছটেন্ট (OFFICE ASSISTANT)
- এছিছটেন্ট মেনেজাৰ (OFFICER SCALE)
খালী হোৱা পদৰ সংখ্য়া :
সৰ্বমুঠ ১৭০ টা পদ খালী হৈছে । আৰু খালী হোৱা পদসমূহ কাৰ বাবে কিমান সংৰক্ষিত তলত দেখোৱা হৈছে -
বয়স :
- অফিছ এছিছটেন্ট (OFFICE ASSISTANT) - ১৮ ৰ পৰা ৩০ বছৰ
- এছিছটেন্ট মেনেজাৰ (OFFICER SCALE) - ১৮ ৰ পৰা ২৮ বছৰ
দৰমহা -
দৰমহাৰ কথা বিজ্ঞাপনত উল্লেখ নাই যদিও দৰমহা ২০,০০০ ৰ পৰা ৩০,০০০ হব বুলি ধাৰণা কৰিব পাৰি ।
প্ৰয়োজনীয় অৰ্হতা :
আবেদনকাৰীসকল অসমীয়া , বড়ো নাইবা বঙালী ভাষা জনাটো প্ৰয়োজনীয় । লগতে
- অফিছ এছিছটেন্ট (OFFICE ASSISTANT) - যিকোনো গ্ৰডুৱেট (BA/BCOM/BSC/BTECH) হোৱাৰ লগতে কম্পিউটাৰৰ জ্ঞান থকাটো বাঞ্ছনীয় ।
- এছিছটেন্ট মেনেজাৰ (OFFICER SCALE) - যিকোনো গ্ৰডুৱেট (BA/BCOM/BSC/BTECH) হোৱাৰ লগতে কম্পিউটাৰৰ জ্ঞান থকাটো বাঞ্ছনীয় ।
কিদৰে আবেদন কৰিব:
ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব লাগিব । অনলাইন আবেদনৰ লিংক আৰু প্ৰয়োজনীয় তাৰিখসমূহ তলত উল্লেখ কৰা হৈছে ।
আবেদন ফিজ:
- সাধাৰণ শ্ৰেণী / অবিচি - - ৬০০ টকা
- বাকী শ্ৰেণী - ১০০ টকা
অসম গ্ৰামীণ বিকাশ বেংকত ফোন নাম্বাৰ কেনেকৈ ৰেজিষ্টাৰ কৰিবলৈ পাৰি ঘৰৰ পৰা বেংকত নোযোৱাকৈ জনাবলৈ নাপাহৰিব ।
ReplyDelete