মোদীৰ নতুন অফাৰ - যুৱতীসকলে ২১ বছৰ হ'লে পাব ২১ লাখ টকা - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Monday, June 3, 2019

মোদীৰ নতুন অফাৰ - যুৱতীসকলে ২১ বছৰ হ'লে পাব ২১ লাখ টকা

মোদীৰ নতুন অফাৰ - যুৱতীসকলে ২১ বছৰ হ'লে পাব ২১ লাখ টকা

কিছুদিন আগতে অসমৰ ডিজিটেল মিডিয়াত প্ৰকাশ পাইছিল যে ২৫০ টকাত একাউন্ট খুলি লাভ কৰিব পাৰে ৫০ লাখ টকা । প্ৰকৃত সত্য আপোনাক জনাবলৈ এই লিখনিটো প্ৰস্তুত কৰা হৈছে । আশাকৰো ই আপোনাৰ এই বিষয়টোত থকা সকলো জল্পনা-কল্পনাৰ অন্ত পেলাব ।

নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰে দেশৰ কন্যা শিশুসকলৰ সামগ্ৰিক কল্যাণ নিশ্চিত কৰিবৰ বাবে বিশেষ গুৰুত্ব আৰোপ কৰিছে ।কন্যা শিশুসকলক সকলো ফালৰ পৰাই শক্তিশালী স্থিতিত উপনীত কৰোৱাৰ লক্ষ্যৰে বিভিন্ন কাৰ্যসুচী ৰুপায়ণ কৰিছে চৰকাৰে। ‘বেটি বচাও,বেটি পঢ়াও’শীৰ্ষক তেনে এক কাৰ্যসুচীৰ অধীনত ৰুপায়িত এক আঁচনি হৈছে সুকন্যা সমৃদ্ধি যোজনা।এয়া হৈছে কন্যা শিশুৰ বাবে এক সঞ্চয় আঁচনি। এই আচনিৰ অধীনত কন্যা শিশুসকলে যেতিয়া ২১ বছৰ হব তেতিয়া ২১ লাখ টকা পৰ্যন্ত বা তাতকৈ অধিক নতুবা কম টকা লাভ কৰিব পাৰিব । কিদৰে আপুনি টকা লাভ কৰিব পাৰিব সেইয়া সম্পুৰ্ণকৈ জানিবলৈ আমাৰ লিখনিটো পঢ়ক ।
কেন্দ্ৰীয় চৰকাৰৰ এই আচনিৰ অধীনত কন্যা সন্তানসকলে মাহেকীয়া জমাধনৰ জৰিয়তে লাভ কৰিব লাভধন । ষদি ছোৱালী জন্ম হওতেই এই আচনীৰ অধীনত একাউন্ট খোলা হয় তেন্তে ছোৱালীজনৰ ২১ বছৰ হওতে লাভ কৰিব জমাধন । উদাহৰণ স্বৰুপে - যদি আপুনি জন্ম হোৱাৰ লগে লগে এই আচনীৰ অধীনত একাউন্ট খুলি ছোৱালীজনীৰ নামত মাহে ৫০০ টকাকৈ থলে ছোৱালীজনীৰ ২১ বছৰ পাছত লাভ কৰিব ২ লাখ ৮৯ হাজাৰ টকা । থিক একেদৰে মাহে ৩৬০০ টকাকৈ জমা দিলে ২১ বছৰ পাছত লাভ কৰিব ২০ লাখ ৮২ হাজাৰ অৰ্থাৎ ২১ লাখ টকা । যদি আপুনি ৫০ লাখ টকা পাব বিচাৰে তেন্তে মাহত ৯ হাজাৰকৈ আপোনাৰ ছোৱালীৰ নামত থব লাগিব । এইখিনিতে মনকৰিবলগীয়া এই যে আপুনি মাত্ৰ ১ বছৰলৈকেহে টকা জমা কৰিব লাগিব আৰু ২১ বছৰ অন্তত আপুনি সম্পূৰ্ণ টকা লাভ কৰিব । তলত ৫০০ টকাকৈ মাহত থলে কিদৰে হিচাপ হব দেখুৱা হৈছে-


কিদৰে একাউন্ট খুলিব : 

১) সুকন্যা সমৃদ্ধি যোজনা একাউন্ট খুলিবৰ বাবে নিকটতম ডাকঘৰত যোগাযোগ কৰক ।
২) আপোনাৰ কন্যাৰ জন্মৰ প্ৰমাণপত্ৰৰ লগতে আপোনাৰ ভোটাৰ আইডি নাইবা আন যিকোনো চৰকাৰী আইডি থকাটো প্ৰয়োজনীয় ।
৩) আপোনাৰ কন্যাৰ বয়স ১০ বছৰৰ তলত হব লাগিব ।
৪) কন্যাৰ বয়স ১৮ বছৰ হলে ৫০% ধন আপুনি উঠাব পাৰিব ।
৫) যিসকল দুখীয়া তেঁওলোকে বছৰত ২৫০ টকাকেও থব পাৰে । অৱশ্য়ে তেতিয়া আপুনি লাভটো কমকৈ লাভ কৰিব ।

লগতে পঢ়ক - জীঅ টেগিং অপাৰেটৰ চাকৰি মুকলি

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close