অবিশ্বাস্য ! মছজিদ ভাঙিবলৈ ৰাজি নহ'ল বনবিভাগৰ হাতী । - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Monday, June 10, 2019

অবিশ্বাস্য ! মছজিদ ভাঙিবলৈ ৰাজি নহ'ল বনবিভাগৰ হাতী ।

অবিশ্বাস্য ! মছজিদ ভাঙিবলৈ ৰাজি নহ'ল বনবিভাগৰ হাতী

সচৰাচৰ বন বিভাগে বেদখল উচ্ছেদ কৰিবলৈ চলোৱা অভিযানৰ কথা আপুনি নিশ্চয় শুনিছে । কিন্তু এই উচ্ছেদ অভিযানৰ সময়তে এক আচৰিত থকা অবিশ্বাসযোগ্য় ঘটনা সন্মুখত আহিছে । উল্লেখযোগ্য় এই যে কাছাৰ জিলাৰ ধলাই ৰজনীখালত সংঘটিত হৈছে এই ঘটনা ৷ বন বিভাগৰ ভূমি দখল কৰি থকা ৮২ টা পৰিয়ালক উচ্ছেদ কৰিবলৈ গৈ এক অভাৱনীয় ঘটনাৰ সাক্ষী হ'ল বন বিভাগ ৷




যোৱা 7 জুন তাৰিখে বন বিভাগে চাৰিটাকৈ হাতীৰে কাচাৰ জিলাৰ ধলাই ৰজনীখালত উচ্ছেদ অভিযান চলাই আছিল । সকলোখিনি ঠিকেই আছিল । কিন্তু প্ৰথম অৱস্থাত হাতীয়ে অবৈধ গৃহসমূহ উচ্ছেদ কৰে যদিও অঞ্চলটোৰ এটা মছজিদৰ আগত ৰৈ যায় হাতীকেইটা ৷ উল্লেখযোগ্য় এই যে অভিযানত উপস্থিত থকা জিলা বন বিষয়া চানী দেওচৌধুৰীকে ধৰি আন বন বিষয়াসকলে বহু চেষ্টা কৰিও হাতীকেইটাৰ দ্বাৰা মছজিদটোত উচ্ছেদ অভিযান চলাব নোৱাৰিলে । 

ইফালে হাতীৰ মাউতে হাজাৰ চেষ্টা কৰিও মছজিদৰ দেৱাল ভাঙিবলৈ নোৱাৰাত বনবিভাগে অভিযান আধাতে সামৰিবলগীয়া হয় ৷ উপস্থিত এজন মাউত ৰাজেন কৈৰীৰ অনুসৰি হাতী হৈছে ভগৱানৰ প্ৰতীক আৰু সেয়েহে ভগৱানে ভগৱানৰ ঘৰ ভাঙিবলৈ বিচৰা নাই ৷

লগতে পঢ়ক - মোদীৰ নতুন অফাৰ - যুৱতীসকলে ২১ বছৰ হ'লে পাব ২১ লাখ টকা




হাতীৰ মাউতজনে কি ক'লে আৰু কিদৰে হাতীকেইটাই মছজিদটো ভাঙিবলৈ অমান্তি হৈছিল চাবলৈ তলৰ ফটোখনত ক্লিক কৰক -

https://www.etvbharat.com/assamese/assam/state/cachar/eviction-at-cachar-by-district-administration-1-1/assam20190610123228103

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close