বিশ্বকাপৰ সময়ত পাকিস্থানী টিভি চেনেলে ৱিংগ কামাণ্ডাৰ অভিনন্দনক লৈ কৰিলে ধেমালী বিজ্ঞাপন । চাওক ভিডিঅ - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Wednesday, June 12, 2019

বিশ্বকাপৰ সময়ত পাকিস্থানী টিভি চেনেলে ৱিংগ কামাণ্ডাৰ অভিনন্দনক লৈ কৰিলে ধেমালী বিজ্ঞাপন । চাওক ভিডিঅ

বিশ্বকাপ-২০১৯ চলি থকাৰ সময়তে পাকিস্থানৰ এটা টিভি চেনেলে ভাৰত-পাকিস্থানৰ ক্ৰিকেটৰ মহাৰণৰ আগমহুৰ্তত ভাৰতীয় বীৰ ৱিংগ কামাণ্ডাৰ অভিনন্দক লৈ এটি ধেমালীমূলক ভিডিঅ বনোৱাকলৈ তীব্ৰ চৰ্চাৰ সন্মূখীন হৈছে । পাকিস্থানী টিভি চেনেল জেজে টিভিয়ে যিটো বিজ্ঞাপন তৈয়াৰ কৰিছে তাত ৱিংগ কামাণ্ডাৰ অভিনন্দনৰ হুবহু নকল কৰা এটি অৱতাৰ দেখুৱা গৈছে । ভাৰতীয় টুইটাৰ ব্য়ৱহাৰকাৰীসকলে পাকিস্থানী চেনেলৰ এই কাণ্ডক তীব্ৰ গৰিহণা দি এইয়া এখ লজ্জ্বাজনক কাণ্ড বুলি অভিহিত কৰিছে ।



৩৩ চেকেণ্ডৰ এই ভিডিঅটোত এজন ব্য়ক্তিয়ে ৱিংগ কামাণ্ডাৰ অভিনন্দনৰ ভাইৰেল হোৱা ভিডিঅৰ দৰে চাহৰ কাপলৈ হুবহু নকল কৰা দেখা গৈছে । ৱিংগ কামাণ্ডাৰ অভিনন্দনে ভাইৰেল ভিডিঅত যিদৰে সেনাৰ পোছাক পিন্ধি আছিল তাৰ বিপৰীতে বিজ্ঞাপনত ব্য়ক্তিজনে ভাৰতীয়া ক্ৰিকেট দলৰ জাৰ্ছি পৰিধান কৰা দেখা গৈছে । কিদৰে ভাৰতীয় দলক ভিডিঅটোত অপমান কৰিব বিচাৰা হৈছে তলত চাব পাৰে -



মন কৰিবলগীয়া এই যে অহা ১৬ জুনত ভাৰত আৰু পাকিস্থানৰ মাজত ক্ৰিকেটৰ মহাৰণ অনুষ্ঠিত হব । মনকৰিবলগীয়া এই যে ১৯৯২ চনৰ পৰা বিশ্বকাপত পাকিস্থানৰ সৈতে ভাৰতৰ ৬ খন মেচ অনুষ্ঠিত হৈছিল আৰু আটাইকেইখনতে আমাৰ ভাৰতে জয়লাভ কৰিছিল ।

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close