আপোনাৰ মাটিত Jio নাইবা Airtelৰ টাৱাৰ বহাব বিচাৰে নেকি ? Jio or Airtel Tower - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Thursday, May 16, 2019

আপোনাৰ মাটিত Jio নাইবা Airtelৰ টাৱাৰ বহাব বিচাৰে নেকি ? Jio or Airtel Tower

আপোনাৰ মাটিত Jio নাইবা Airtelৰ টাৱাৰ বহাব বিচাৰে নেকি ?


তলত দিয়া ওপৰৰ খন এছবিআইৰ ডিমাণ্ড ড্রাফ্ট। তলৰখন এছবিআইৰ চেকপাত।


প্ৰথম ফোন আহে। আপোনাৰ এলেকাত আমাৰ সেৱা ভাল কৰিবলৈ টাৱাৰ এটা বহাব লাগে। কোম্পানীয়ে মোক দায়িত্ব দিছে। মই মাটি বিচাৰি পোৱা নাই। আপোনাৰ ঘৰত মাটি আছে বুলি শুনি যোগাযোগ কৰিছো। প্ৰথম এটা OneTime টকা দিব। তাৰ পাছত মাহে বাৰ হাজাৰ টকা ভাড়া। আপোনাৰ মন উগুল থুগুল হ'লেই নহয়। আপোনাৰ চাকৰি নকৰা ল'ৰাটোৰ ভৱিষ্যত উজ্জ্বল হৈ গ'ল মুহুৰ্তৰ ভিতৰত। বহি বহি পইচা পাব। বা আপুনি যদি চাকৰি কৰে, এই উপৰুৱা টকাৰে কিমান কি কৰিব পাৰিব কল্পনা আৰম্ভ কৰিয়ে দিলে। সেই গতিকে আপুনি হয়ভৰ দিলে। তেতিয়া আপোনাক এটা airtel বা jio শব্দ থকা email ID দিব মাটিৰ কাগজ সমূহৰ ফটো পঠাবৰ বাবে। Verification কৰিবলৈ লাগে। আপুনি দিব। তেতিয়া আপোনালৈ WhatsApp বা email যুগে ফটোত দিয়াৰ দৰে এখন চেক বা ড্রাফ্টৰ ফটো আহিব। আপোনাৰ নাম থাকিব প্ৰিন্টবা হাতে লিখা। আপোনাৰ একাউণ্ট নম্বৰও থাকিব পাৰে লিখা। এইখিনিলৈ মোটামুটি একেটা পদ্ধতি।

ইয়াৰ পাছত কোনোবাই ইমান টকাৰ চেক বা ড্রাফ্টখন যে দিব, বিনিময়ত চাহ খাবলৈ এটা নিৰ্দিষ্ট একাউন্টত আপোনাক পাঁচৰ পৰা বিশহাজাৰ মান টকা ভৰাই দিবলৈ ক'ব। কোনোবাই আকৌ চিধাচিধি বিনিময় হিচাপে পঞ্চাশ হাজাৰৰ পৰা একলাখমান টকা বিচাৰিব। আপুনি ধনী যদি সহজেই ভৰাই দিলে একাউন্টত। বা নিজৰ নাই যদি ধাৰ কৰি হ'লেও ভৰাই দিলে। পাবই আৰু একসপ্তাহৰ ভিতৰত।

টকা ভৰোৱাৰ পাছৰপৰা আপুনি ফোনত যোগাযোগ কৰিলে বিমুখ হ'ব। এই বিষয়ত কোনো দ্বিধা নাৰাখিবই। আৰু বেংকত গৈ যদি কান্দে, মই ভুলতে জমা কৰি দিলো, ঘূৰাই লাগে; বা মই যে চেক যুগে টকা এক লাখ পঠাইছিলো, ভুল একাউন্টত গ'ল এতিয়া ৰিফাণ্ড কৰক। ক্ষমা কৰিব, বেংকৰ মানুহে নিজে ভুল কৰি নপথালে আপোনাক কোনো ধৰণৰ সহায় কৰিব নোৱাৰে।

মূৰে কপালে হাত দি দুদিনমান দুখ কৰাৰ পাছত আপুনিও পাহৰি যাব। কিছুদিনৰ পাছতে, আমেৰিকাত CocaCola বা Chevrolet এ খেলোৱা Lucky Draw ত আপোনাৰ নামত ভাৰতীয় হিচাপত হেজাৰ কোটি টকাৰ লটাৰী লাগিব। সকলো পাহৰি আপুনিও কোটিপতি হ'বলৈ আগবাঢ়িব। জীৱন এনেকৈয়ে.....

বিদ্ৰ: ওপৰৰ ড্রাফ্টখন নকল। ড্রাফ্ট নম্বৰটো invalid। চেকখনৰ একাউণ্টতোও চোৱা হৈছিল। লুভীয়া/বেচেৰা কিছুমানে Cash Deposit Machine যুগে ভিন্ন পৰিমাণৰ টকা ভৰাই গৈ আছে। আৰু একাউন্টৰ গৰাকীয়ে ATM যুগে উলিয়াই আছে। উপৰোক্ত branch ত জনালো বাৰু। ©মাধুৰ্য্য চেতিয়া, ১৩/০৫/২০১৯

1 comment:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close