Home Medicine for Chapped lips in Assamese
১) নাৰিকল তেল
২) মধু আৰু ভেচলিন
মধু আৰু ভেচলিন বাটি এটাত একলগে মিক্স কৰক। এতিয়া ওঁঠত এই মিক্সাৰৰ এটা পাতল স্তৰ প্ৰয়োগ কৰক। ইয়াক প্ৰায় 10ৰ পৰা 15 মিনিটৰ বাবে থাকিবলৈ দিয়ক। পাছত ভিজা টিছ্যু পেপাৰ বা পৰিষ্কাৰ ভিজা কাপোৰেৰে মচি দিয়ক। এই প্ৰক্ৰিয়াটো সপ্তাহত কমেও এবাৰ প্ৰয়োগ কৰিব লাগিব। ইয়াৰ দ্বাৰা সুফল পাব ।
৩) এলোভেৰা পাত
এলোভেৰাৰ পাত কাটি আনক। এতিয়া ভিতৰৰ জেল খিনি পাতটোৰ পৰা উলিয়াই এটা বন্ধ টেমাত ৰাখক । ঘৰুৱাভাৱে ফটা ওঁঠৰ চিকিৎসা কৰিবলৈ নিশা শোৱাৰ আগতে ওঠত ইয়াক প্ৰয়োগ কৰক আৰু গোটেউ নিশা ইয়াক লগাই ৰাখক। ৰাতিপুৱা উঠিলে ওঠটো ঠাণ্ডা পানীৰে ধুৱক। যদি এলোভেৰা নাই তেন্তে আপুনি বজাৰত পোৱা এলো ভেৰা জেলো ব্যৱহাৰ কৰিব পাৰে।
৪) গোলাপৰ পাহি
পাঁচৰ পৰা ছয়টা গোলাপৰ পাহি লৈ 1/4 কাপ কেঁচা গাখীৰত মিহলাই দুইৰ পৰা তিনি ঘণ্টাৰ বাবে এৰি দিয়ক। তাৰ পিছত পাহিবোৰ গাখীৰত ভালদৰে মিহলি কৰি পেষ্ট এটা বনাওক। এতিয়া এই পেষ্টটো আপোনাৰ ওঁঠত লগাই 15ৰ পৰা 20 মিনিটৰ বাবে থাকিবলৈ দিয়ক। তাৰ পিছত ঠাণ্ডা পানীৰে ধুৱক। ঘৰুৱাভাৱে ফটা ওঠৰ চিকিৎসা কৰিবলৈ ইয়াক প্ৰতিদিনে এবাৰ বা দুবাৰ প্ৰয়োগ কৰক।
স্বাস্থ্য সম্পৰ্কীয় টিপচ পাবলৈ আামাক Whatsappত জইন কৰক - ইয়াত ক্লিক কৰক
৫) তিয়হ
তিয়হ গোল গোলকৈ কাটি পাছত পেষ্ট এটা বনাওক। এতিয়া এই পেষ্টটো ওঁঠত প্ৰয়োগ কৰক আৰু 15-20 মিনিটৰ বাবে এৰি দিয়ক।তাৰ পিছত ইয়াক আঁতৰাওক আৰু আপোনাৰ ওঁঠ পৰিষ্কাৰ কৰক।তিয়হ এইদৰে লগোৱাৰ উপৰিও ইয়াক আপোনাৰ আহাৰত অন্তৰ্ভুক্ত কৰিব পাৰে।
৬) হালধি
হালধি আৰু গাখীৰৰ মলাই মিহলি কৰি এটা পেষ্ প্ৰস্তুত কৰক।এতিয়া ইয়াক ওঁঠত প্ৰয়োগ কৰক আৰু শুকোৱাৰ পিছত ইয়াক পৰিষ্কাৰ, কোমল আৰু তিতা টাৱেলেৰে মচি দিয়ক। ফটা ওঁঠৰ চিকিৎসা কৰিবলৈ আপুনি প্ৰতি নিশা এই পেষ্টটো লগাই থব পাৰে ।
ফটা ওঁঠৰ পৰা বাচিবলৈ আৰু কিছুমান উপায়
যদি আপুনি আপোনাৰ ওঁঠ প্ৰতিটো
ঋতুত গোলাপী আৰু কোমল ৰাখিব বিচাৰে তেন্তে তলৰ কথাকেইটা মনত ৰাখিব।আহাৰত
পুষ্টিসমৃদ্ধ খাদ্য অন্তৰ্ভুক্ত কৰিব।ওঁঠ কেতিয়াও দাঁতেৰে
নাকামুৰিব।ৰাসায়নিক-অন্তৰ্ভুক্ত প্ৰসাধন সামগ্ৰী ব্যৱহাৰ নকৰিব।ধূমপান
নকৰিব। ওঁঠক সূৰ্য্যৰ ক্ষতিকাৰক ৰশ্মিৰ পৰা সুৰক্ষিত কৰি ৰাখক ।পৰ্যাপ্ত
পানী আৰু ফলৰ ৰস ব্যৱহাৰ কৰিব যাতে শৰীৰ হাইড্ৰেট হৈ থাকে আৰু ওঁঠ শুকান
নহয়।
হয়, উপকৃত হৈছো
ReplyDeleteহয়, উপকৃত হৈছো
ReplyDeleteহয়, উপকৃত হৈছো
ReplyDelete