মৰিছা শাকৰ আচৰিত গুণ আৰু ব্যৱহাৰ
আমাৰ গাঁওসমূহত সাধাৰণতে সহজলভ্য শাক পাচলিবোৰ খাই বহু ধৰণে উপকৃত হব পাৰো , কিন্তু সেইয়া আচলতে আমাৰ মনলৈ নাহে।যাৰ ফলত থলুৱা শাক পাচলিবোৰ আমাৰ মাজত অৱহেলিত হৈ পৰিছে আৰু ইয়াৰ উপকাৰীতাসমূহৰ বিষয়ে আমি জ্ঞাত নহয় ।এনেবোৰ অভ্যাসৰ বাবে আমি বাহিৰৰ পৰা শাক পাচলিসমূহৰ ওপৰত নিৰ্ভৰশীল হৈ নতুন নতুন বেমাৰ আজাৰ চপাই লৈছোঁ।আজি আমি এনে এবিধ থলুৱা শাকৰ বিষয়ে ইয়াত আলোচনা কৰিব লৈছোঁ যাৰ অলেখ ঔষধি গুণ আছে আৰু সেইবিধ শাকৰ নাম হৈছে মৰিছা শাক, যাৰ উপকাৰী গুণ অপৰিসীম। আয়ুৰ্বেদৰ মতে, মৰিছা শাকৰ শিপা, ডাল, পাত আৰু ফুলৰ পৰাও বহুতো ৰোগৰ উপশম হয় ।মৰিছা শাকৰ সকলো অংশ ঔষধৰ বাবে ব্যৱহাৰ কৰিব পাৰি ।
আমাৰ অসমত সাধাৰণতে দুই ধৰণৰ মৰিছা শাক দেখিবলৈ পোৱা যায় এবিধ হৈছে ৰঙা মৰিছা শাক আৰু আনবিধ হৈছে সেউজীয়া মৰিছা শাক । মৰিছা শাক দুইধৰণৰ যদিও ইহতৰ উপকাৰী গুণগত মানদণ্ড প্ৰায় একে।
মৰিছা শাকৰ উপকাৰিতাসমূহ
- মৰিছা শাকত লাইছিন নামৰ এখ বিৰল এমিনো এছিড থাকে যাক শৰীৰে সৃষ্টি কৰিব নোৱাৰি । এই এমিনো এচিডে কেলচিয়ামৰ কাৰ্যদক্ষতা উন্নত কৰে আৰু চুলিৰ গুৰি শক্তিশালী কৰে।ইয়াৰ ফলত চুলি সৰা বন্ধ হয়। আপুনি চুলিৰ প্ৰাকৃতিক ৰং বজাই ৰাখিবলৈ আৰু অকালতে চুলি পকা বন্ধ কৰিবলৈ মৰিছা শাকৰ পাত ব্যৱহাৰ কৰিব পাৰে। চুলি চেম্পু কৰাৰ পিছত, আপোনাৰ চুলি আৰু মুৰৰ ওপৰত মৰিছা শাকৰ পাতৰ পৰা উলোৱা সতেজ ৰস প্ৰয়োগ কৰক। আৰু 10 মিনিটৰ পিছত সতেজ পানীৰে ধুই দিয়ক। সপ্তাহত 1 বা 2 বাৰ এই কামটো কৰিব। সুফল পাব ।
- মৰিছাৰ শাক পিছি দাঁত ঘঁহক । একে সময়তে, মৰিছাৰ কাঢ়া বনাই কুলকুলি কৰক । ই মুখৰ আলচাৰ আৰু দাঁতৰ বিষ উপশম কৰে ।
স্বাস্থ্য সম্পৰ্কীয় টিপচ পাবলৈ আামাক Whatsappত জইন কৰক - ইয়াত ক্লিক কৰক
- মৰিছাৰ শাকত যথেষ্ট পৰিমাণৰ আহ অৰ্থাৎ ফাইবাৰ থাকে । ই পাচন প্ৰণালীক উত্তেজিত কৰে আৰু শাৰীৰিক আৱৰ্জনা বিসৰ্জন কৰাত সহায় কৰে।নিশ্চিতভাৱে, এইবিধ শাক হৈছে আমাৰ বাবে এক আদৰ্শ খাদ্য। ই কোষ্ঠকাঠিন্যৰ বাবেও অতি লাভজনক।
- ভিটামিন এ আৰু চি-ৰ উচ্চ সমৃদ্ধৰ বাবে মৰিছা শাকৰ নিয়মীয়া গ্ৰহণে আপোনাৰ দৃষ্টি শক্তি উন্নত কৰিব পাৰে। ভিটামিন এ-য়ে চকুক স্বাস্থ্যকৰ কৰি ৰখাত সহায় কৰাৰ লগতে চকুৰ সংক্ৰমণ প্ৰতিৰোধ কৰাত সহায় কৰে।
- মৰিছা শাকে শৰীৰত ইনচুলিনৰ মাত্ৰা কাৰ্যকৰীভাৱে হ্ৰাস কৰিব পাৰে আৰু লগতে শৰীৰত হৰমন মুকলি কৰিব পাৰে । সেয়েহে যিসকলে ওজন হ্ৰাস কৰিবলৈ চেষ্টা কৰি আছে তেওঁলোকে আহাৰত মৰিছা শাক সেৱন কৰা আৰম্ভ কৰিব লাগে।
- আঘাত শুকুৱাবলৈ বা ঘা শুকুৱাবলৈ মৰিছা শাক ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে মৰিছাৰ শাকৰ কাঢ়া বনাই লওক । ইয়াৰ দ্বাৰা আঘাত প্ৰাপ্ত অংশটো ধুৱক। ইয়াৰ দ্বাৰা আঘাতবোৰ দ্ৰুতভাৱে আৰোগ্য হয়।
- মৰিছাৰ শাক প্ৰটিনৰো এটা ভাল উৎস। বাঢ়ি অহা লৰা ছোৱালীৰ দ্ৰুত শাৰীৰিক বিকাশ আৰু উৎকৃষ্ট দেহ গঠনৰ বাবে পাচলি হিচাপে মৰিছাৰ শাক ৰান্ধি খোৱাৱ পাৰে।
আমি এই লিখনিত মৰিছা শাকৰ লাভালাভ আৰু উপযোগী তথ্য বিতংভাৱে আৰু অতি সহজ ভাষাত জনালবলৈ চেষ্টা কৰিছো যাতে আপুনি বজাৰত উপলব্ধ মৰিছা শাকৰ সম্পূৰ্ণ সুবিধা ল'ব পাৰে, কিন্তু ৰোগৰ বাবে মৰিছা শাক সেৱন কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লোৱাটো প্ৰয়োজনীয়।
No comments:
Post a Comment