অংক মাষ্টৰৰ পাছত এইবাৰ ভূঞা মাষ্টৰ ! নম্বৰ লাভৰ বাবে ছাত্ৰীক নিশা কটোৱাৰ অ’ফাৰ | Tinsukia Assam Teacher Bhuyan Sir Whatsapp Message - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Saturday, November 7, 2020

অংক মাষ্টৰৰ পাছত এইবাৰ ভূঞা মাষ্টৰ ! নম্বৰ লাভৰ বাবে ছাত্ৰীক নিশা কটোৱাৰ অ’ফাৰ | Tinsukia Assam Teacher Bhuyan Sir Whatsapp Message

অংক মাষ্টৰ নহয়, এইবাৰ ভূঞা মাষ্টৰৰ কাণ্ডৰ কথা বাহিৰলৈ আহিছে !  উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত যৌনতাৰ বেহা মেলাৰ অভিযোগ উঠিছে দেৱজিত্‍ ভূঞা নামৰ এজন  শিক্ষকৰ বিৰুদ্ধে। অভিযোগ উঠিছে নম্বৰ লাভৰ বাবে নিজে পঢ়োৱা ছাত্ৰীক নিশা কটোৱাৰ অ’ফাৰ দিছে এই দেৱজিৎ ভূঞা নামৰ শিক্ষক জনে । এগৰাকী ছাত্ৰীক নিশা WhatsApp যোগে অশালীন বাৰ্তা প্ৰেৰণ কৰিছিল এই ভণ্ড শিক্ষকজনে । এইদৰে অংক মাষ্টৰৰ পাছত পুনৰবাৰ শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত কলংক সানিলে তিনিচুকীয়াৰ মহিলা উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ এইজন শিক্ষকে।
Tinsukia Assam Teacher Bhuyan Sir Whatsapp Message
মনকৰিব লগীয়া যে পৰীক্ষাত নম্বৰ লাভ কৰিবলৈ ছাত্ৰীগৰাকীক নিশা কটাবলৈ মেছেজ দিছিল এই শিক্ষকজনে। ছাত্ৰীগৰাকীৰ অভিভাৱকে ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত শিক্ষা প্ৰতিষ্ঠানখনৰ অধ্যক্ষক এক অভিযোগ প্ৰদান কৰিছে আৰু অধ্যক্ষই ইতিমধ্যে এখন তদন্ত কমিটী গঠন কৰি ভণ্ড শিক্ষকজনৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

ইফালে সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পিছতেই প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা আধাতেই ক্লাচ সামৰি পলায়ন কৰিছে শিক্ষকগৰাকীয়ে । জানিবপৰা মতে এতিয়াও পলাতক অৱস্থাত আছে দেৱজিৎ ভূঞা নামৰ শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত কলংক সনা শিক্ষকগৰাকী । 

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close