আজমলৰ জয়ত কিয় আনন্দিত সাংবাদিক অনুপম চক্ৰৱৰ্তী - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Saturday, May 25, 2019

আজমলৰ জয়ত কিয় আনন্দিত সাংবাদিক অনুপম চক্ৰৱৰ্তী

আজমলৰ জয়ত কিয় আনন্দিত সাংবাদিক অনুপম চক্ৰৱৰ্তী :

অনুপম চক্ৰৱতী ! এজন অসমৰ জনপ্ৰিয় সাংবাদিক । কিন্তু আজি সেইজন সাংবাদিকৰ মুখত আজমলৰ জয়গান কিয় ? সততে অসমৰ অধিকাংশ স‍ংবাদ মাধ্য়মে বদৰুদ্দিন আজমলৰ বেয়া বাতৰিবোৰ হে প্ৰচাৰ কৰা দেখা যায় কিন্তু বেলেগতকৈ বেলেগ অনুপম চক্ৰৱতীয়ে আজমলক কিয় ভাল পায় তকে মুকলিকৈ প্ৰকাশ কৰিলে ফেচবুকত ।


আজমলৰ বিষয়ে ফেচবুকত পষ্ট দিয়াৰ লগে লগে ফেচবুকৰ ইউজাৰসকলেও সমৰ্থন কৰা দেখা গ'ল । এজনে লিখিলে "অসমত কেবল জুবিন গাৰ্গেহে সাহাৰ্য্য প্ৰদান কৰি অহা বুলি শুনিছিলো,আজমল আকৌ ক'ৰ পৰা ওলাল ?জুবিন গাৰ্গে ক'ৰবাত ভাত খালেও নিউজ,ফেচবুকত পাও কিন্তু আজমলৰ এইবোৰ কথা দেখুন নাপাও। আপুনিও কিন্তু এজন সাংবাদিক দাদা। "



এতিয়া ঘটনাটোলৈ আহো । সাধাৰণতে আজমলৰ কথা শুনিলেই আমাৰ মনলৈ মৌলবাদী চিন্তাধাৰাৰ কথা মনলৈ আহে ইয়াৰ মূল কাৰণসমূহ হ'ল অসমৰ সংবাদ মাধ্য়মসমূহে আজমলৰ সেই ৰূপটোকহে বেছি দেখুৱাব চেষ্টা কৰে যাৰ ফলত অসমৰ বাবে আজমলে কৰা ভালকামসমূহ চকুত নাহে ।

আজমলে অসমৰ বহু দুখীয়া লোকক সহায় কৰি গৈছে । যদিও তেখেতক এচাম সংবাদ মাধ্য়মে মুছলমানপ্ৰিয় দেখাব চেষ্টা কৰে কিন্তু প্ৰকৃততে তেনেকুৱা নহয় । তাৰ অন্য়তম উদাহৰণ হ'ল শিল্পীশিখা । এগৰাকী কেন্সাৰ ৰোগী ।তাই সেইদিনা নিজৰ অনুভৱ ব্য়ক্ত কৰিবলৈ গৈ কৈছিল "আকৌ এবাৰ এখন নতুন যুদ্ধৰ বাবে সাজু হৈছোঁ কলকাতা টাটা মেডিকেল চেন্টাৰত। উদেশ্য এটা injection ।যিটোৰ বাবে অপেক্ষা কৰিব লগা হ'ল প্ৰায় 5 মাহ সময়।কাৰণ medicine আহিছে বাহিৰৰ পৰা তাকো ডাক্তৰৰ বহু চেষ্টাৰ মূৰত । Rusult কি আহিব সেইটো কোনেও নাজানে সম্পূৰ্ণ ভাৱে trial medicine কিন্তু চেষ্টা কৰিছে মোক নতুন জীৱন দিবৰ বাবে। সাধাৰণতে কেঞ্চাৰ ৰোগীক যি খিনি treatment দিয়া হয় সেই সকলোখিনি য়েই মই লৈছো। তাকো এবাৰ দুবাৰ নহয় বহুত বাৰ । অৱশেষত ডাক্তৰেও ঘোষণা কৰিছে মোৰ সমান treatment লোৱা patient খুব কমেই আছে। কিন্তু তথাপি মই কৈছোঁ মই #luckiest। কিয় জানেনে কাৰণ আজি মই যিটো ইনজেকচন লম সেইটো হেনো ভাৰততে প্ৰথম বাৰৰ বাবে মোৰ লগতেই apply হব।"





লগতে তাই কয় "যোৱা বছৰৰ পৰা মোৰ চিকিৎসাৰ খৰছ বহন কৰিছে আজমল ফাউণ্ডেশ্যনে। মোৰ সমান ব্যয়বহুল চিকিৎসা আজিলৈকে কোনেও নাই পোৱা foundation পৰা।এজন ব্যস্ত সাংসদ হৈও আজমল চাৰে মোক ফোন কৰে video call কৰে ।মা দেউতাক কথা দিয়ে মোক ভাল কৰি নি হীমা দাস ৰ লগত দৌৰাব। "


উল্লেখযোগ্য় এই যে এইজন অনুপম চক্ৰৱৰ্তীৰ অনুৰোধতেই চিকিৎসাৰ বাবে আগবাঢ়ি আহিছিল আজমল । সেয়হে আজমলে ২০১৯ৰ লোকসভা নিৰ্বাচনত জয়লাভ কৰাত অনুপম চক্ৰৱতীয়ে কয় যে "অভিনন্দন আজমল ! আপোনাৰ জয়ে মোক আনন্দিত কৰিছে।আপোনাৰ তত্বাৱধানতে কলকাতাত এতিয়ালৈ চিকিৎসা লৈ আছে শিল্পীশিখাই। মাত্ৰ মোৰ এটা অনুৰোধত এই পৰ্যন্ত তেওঁৰ চিকিৎসাৰ নামত আপুনি ২৫ লাখ টকা খৰছ কৰিছে।আৰু কিমান যায় হিচাপ নাই।ইয়াৰ আগতেও মোৰ অনুৰোধত সংঘামিত্ৰাক ভাল কৰি আনিলে। আপোনাৰ এই মহানতা পাহৰিব নোৱাৰোঁ। ভগৱানে আপোনাক সহায় কৰি যাওঁক।ধন থকা মানুহ বহুত।কিন্তু বিপদত পৰা জনক টকা ১০ টকা দিয়া মানুহো আঙুলিৰ মূৰত লিখিব পৰা।আপুনি সচাঁই ব্যতিক্ৰম।"

লগতে পঢ়ক - মোদীৰ নতুন অফাৰ - যুৱতীসকলে ২১ বছৰ হ'লে পাব ২১ লাখ টকা

সঁচাকৈয়ে যেন আজমল ব্যতিক্ৰম । তেখেত ৰাজনৈতিক আদৰ্শৰ ওপৰত আহিও জাতি ধৰ্ম নিৰ্বিশেষে অজস্ৰ মানুহক শিক্ষাৰ পৰা আৰম্ভ কৰি স্থালৈ সহায় কৰাৰ উদাহৰণ আছে । অসমৰ আন সাংসদ সকলেও যাতে আজমলৰ আদৰ্শ লওক তাৰেই কামনা কৰিলো ।

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close