আপোনাৰ চুলি সৰিছে নেকি? গ্ৰহণ কৰক এই 5 টা চমৎকাৰী ঘৰুৱা প্ৰতিকাৰ Hair Loss Home Remedies - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Wednesday, August 11, 2021

আপোনাৰ চুলি সৰিছে নেকি? গ্ৰহণ কৰক এই 5 টা চমৎকাৰী ঘৰুৱা প্ৰতিকাৰ Hair Loss Home Remedies

বৰ্তমান বাৰিষাৰ বতৰ । এই বাৰিষাত আপোনাৰ চুলি সৰিছে নেকি? বাৰিষাকালত বতৰৰ আৰ্দ্ৰতাৰ বাবে, আমাৰ চুলি সৰিবলৈ আৰম্ভ কৰে । বাৰিষাক আমাৰ চুলিৰ স্বাস্থ্যৰ বাবে আটাইতকৈ বেয়া ঋতু বুলি গণ্য কৰা হয়। কিন্তু আপুনি চিন্তা কৰিব নালাগে, কিয়নো আমি আপোনাৰ চুলিৰ বাবে 5 টা ঘৰুৱা প্ৰতিকাৰ বিষয়ে জনাম যাক আপুনি চেষ্টা কৰি চাব পাৰে । 
 
hair loss home remedies

মেথি গুটি

মেথি গুটিত নিকোটিনিক এচিড আৰু প্ৰ'টিন থাকে, যি চুলি সৰাৰ দৰে সমস্যাৰ বাবে অত্যন্ত উপকাৰী হ'ব পাৰে। গতিকে মেথিৰ গুটি ৰাতি তিয়াই পুৱা মেথিৰ এটা পেষ্ট বনাই লওক আৰু ইয়াক আপোনাৰ চুলিত 30-50 মিনিটৰ বাবে লগাই ৰাখক । তাৰ পিছত চুলি ধুওক। সৰ্বশ্ৰেষ্ঠ ফলাফলৰ বাবে সপ্তাহত এবাৰ এই পেকটো প্ৰয়োগ কৰিব পাৰে ।

নিয়মীয়াকৈ এনেধৰণৰ লিখনিৰ বাবে আমাৰ গ্ৰুপত জইন কৰক - ইয়াত ক্লিক কৰক

এলো ভেৰা জেল 

আপুনি নিশ্চয় এলো ভেৰাৰ বিষয়ে শুনিছে। ক্ষাৰীয় গুণাগুণেৰে সমৃদ্ধ, এই উপাদানটোৱে আপোনাৰ PHৰ স্তৰ সন্তুলিত কৰি চুলিৰ বিকাশ বৃদ্ধি কৰে। ই আপোনাৰ মূৰৰ ছাল শীতল আৰু পৰিষ্কাৰ ৰখাত সহায় কৰে। আপুনি আপোনাৰ চুলিত এলো ভেৰাৰ জেলটো কেইঘণ্টামানৰ বাবে চুলিত লগাই পিছত ধুব পাৰে।

আমলখি

চুলিৰ বাবে আমলখিৰ গুণাগুণৰ চৰ্চা প্ৰায়ে শুনা যায়। আমলখিৰ এণ্টি বেক্টেৰিয়েল, এণ্টি ইনফ্লেমেটৰী আৰু এক্সফলিয়েটিং গুণাগুণে চুলি স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে। কেলচিয়াম আৰু টেনিনেৰে ভৰ্তি আমলখিয়ে চুলিও বৃদ্ধি ঘটায়। আপুনি ইয়াৰ পেষ্ট বনাই চুলিৰ ওপৰত গোটেই ৰাতিটো প্ৰয়োগ কৰি ফলাফল চাব পাৰে ।

জায়ফল

জায়ফল হৈছে আপোনাৰ চুলি-সমস্যাৰ এক প্ৰাকৃতিক সমাধান। ইয়াৰ জীৱাণুজনিত গুণাগুণে আপোনাৰ মূৰৰ ছালক উফিৰ পৰা মুক্ত কৰে আৰু লগতে আপোনাৰ চুলি সৰা প্ৰতিহত কৰে। আপুনি জায়ফলৰ পাউডাৰ মৌৰ সৈতে মিহলি কৰি চুলিত লগাব পাৰে।
 
এই ঘৰুৱা প্ৰতিকাৰবোৰ ব্যৱহাৰ কৰক আৰু  আপোনাৰ অভিজ্ঞতা আমাৰ সৈতে তলৰ কমেণ্ট বক্সত জনাওক।

 

  https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2021/08/5-hair-loss-home-remedies.html 

"Every effort has been made to ensure the accuracy, timeliness and genuineness of the information provided here. All the content here is given only for reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close