হাতেৰে খোৱা খাদ্যই দিয়ে আশ্চৰ্যজনক লাভ,পঢ়ক । Surprising Benefits of Eating with Hands - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Tuesday, May 4, 2021

হাতেৰে খোৱা খাদ্যই দিয়ে আশ্চৰ্যজনক লাভ,পঢ়ক । Surprising Benefits of Eating with Hands

আমাৰ ভাৰত বৰ্ষত হাতেৰে খাদ্য খোৱাৰ প্ৰথা কেইবা শতিকা ধৰি চলি আহিছে আৰু ইয়াৰ এক নিজা পুৰণি ইতিহাস আছে। এই প্ৰথা আমাৰ পৰম্পৰাৰ এক অভূতপূৰ্ব অংশ হোৱাৰ উপৰিওখাদ্য খোৱাৰ আটাইতকৈ সৰল উপায়। বৰ্তমান, দ্ৰুত পৰিৱৰ্তনশীল জীৱনশৈলী সময়ত বজাৰত বিক্ৰী হোৱা আকৰ্ষণীয় চামুচৰ ব্য়ৱহাৰে এতিয়া বেছিভাগ মানুহক চামুচেৰে খোৱাৰ প্ৰতি আকৰ্ষিত কৰিছে। কিন্তু আপুনি জানেনে যে চামুচৰ পৰিবৰ্তে হাতেৰে খাদ্য খোৱাৰ বহুতো স্বাস্থ্যকৰ উপকাৰিতা আছে । এই লিখনিটোত, আমি আপোনাক হাতেৰে খাদ্য খোৱাৰ লাভালাভবোৰ বিষয়ে জনাম যিয়ে আপোনাক আচৰিত কৰিব। হাতেৰে খালে কি স্বাস্থ্যৰ লাভালাভ হয় জানো আহক - 
 
benefits of eating using hands

ৰক্ত সঞ্চালন বৃদ্ধি কৰে  

হাতেৰে খোৱাটোও এক আশ্চৰ্যকৰ ব্যায়াম যি ৰক্ত সঞ্চালনত সহায় কৰে। আপোনাৰ আঙুলিৰ দ্বাৰা খাদ্য খোৱাৰ ফলত আপোনাৰ হাতৰ এক ব্যায়ামো হৈ যায় আৰু লগতে আপোনাৰ পেট সোনকালে ভৰি  নাযায় ।

হজম উন্নত কৰে  

আমাৰ হাত, পাকস্থলী আৰু অন্ত্ৰত কিছুমান বেক্টেৰিয়া থাকে যি আমাক ৰোগৰ পৰা সুৰক্ষিত কৰে। হাতেৰে খোৱাটোৱে এই বেক্টেৰিয়াবোৰক আমাৰ শৰীৰত প্ৰৱেশ কৰাত সহায় কৰে আৰু আমাৰ পাচন তন্ত্ৰক ক্ষতিকাৰক বেক্টেৰিয়াৰ সংস্পৰ্শলৈ অহা প্ৰতিহত কৰে। খাদ্য খানাত বহাৰ আগতে আপুনি সদায়ে চাবোন আৰু পানীৰে হাত ভালদৰে ধুৱাটো নিশ্চিত কৰিব।

শৰীৰ আৰু মগজুক পুষ্টি প্ৰদান  

খোৱাৰ সময়ত পাঁচোটা আঙুলি মিলি স্থানীয় ভাষাত 'কৌৰ' নামৰ ভংগীমা প্ৰস্তুত হয়। খাদ্যকে সহ 'কৌৰ'ক এনেদৰে মুখত ল'ব লাগে যাতে পাঁচোটা আঙুলি মুখত প্ৰৱেশ কৰিব পাৰে। এনেদৰে খোৱা খাদ্যই কেৱল শৰীৰেই নহয় মগজু আৰু আত্মাকো পুষ্টি প্ৰদান কৰে।

অপকাৰী বেক্টেৰিয়াৰ প্ৰভাৱৰ পৰা ৰক্ষা  

হাতেৰে খাদ্য খালে আমি আমাৰ হাত ধোৱাত বিশেষ মনোযোগ দিওঁ, আনহাতে যদি আমি চামুচ ব্যৱহাৰ কৰোঁ , চামুচেৰে  খোৱাৰ সময়ত তাত অপকাৰী বেক্টেৰিয়া থকাৰ সম্ভাৱনা অধিক থাকে।আমাৰ লিখনিটো কেনে পালে জনাব । যদি সময়োপযোগী বুলি ভাবে তেন্তে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব নাপাহৰিব । আপোনালোকৰ শ্নেয়াৰে আমাক এনে লিখনি প্ৰস্তুত কৰাত অনুপ্ৰেৰণা যোগাব ।

 

  https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2021/05/surprising-benefits-of-eating-with-hands.html 

"Every effort has been made to ensure the accuracy, timeliness and genuineness of the information provided here. All the content here is given only for reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close