কৰোনাৰ পৰা কেনেদৰে বাচি থাকিব ? How to protect yourself from Coronavirus - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Saturday, May 1, 2021

কৰোনাৰ পৰা কেনেদৰে বাচি থাকিব ? How to protect yourself from Coronavirus

কৰোনাৰ নতুন ষ্ট্ৰেনৰ পৰা বাচি থকাৰ উপায় 

কৰোনা ভাইৰাছৰ নতুন ষ্ট্ৰেন যথেষ্ট বিপদজনক হিচাপে দেখা দিছে। এইবাৰ কৰণা ভাইৰাচৰ মহামাৰীৰ সময়ত আমি অসমৰ বহু নামী-দামী শিল্পী, সাংবাদিকক হেৰুৱাব লগা হৈছে । এই নতুন কৰোণা ইমান দ্ৰুতগতিত ক্ষতি কৰে যে  মানুহে নিজক চম্ভালিবলৈ ধৰাৰ আগতেই মৃত্যুক সাৱতি লব লগা হৈছে । বহুলোকৰ অকাল মৃত্যু হৈছিল। এনে পৰিস্থিতিত, মানুহে কৰোনাভাইৰাছৰ নতুন ষ্ট্ৰেনৰ পৰা নিজকে বাচি ৰাখিবলৈ  কি কৰিব লাগে জানি থোৱা উচিত ।  

How to keep safe from covid19
ফিজিঅ'থেৰাপিষ্ট ডাঃ প্ৰজ্ঞা শৰ্মাৰ মতে বৰ্তমানৰ পৰিস্থিতিত মানুহে বহুত ভয় খাইছে। এনে লোকসকলে ভাল টোপনি মাৰক, ঘৰত বনোৱা খাদ্য খাওক, আৰু দিনত এবাৰ ভাপ গ্ৰহণ কৰক লগতে গৰম পানী খাওক। সেই সকলোবোৰ দৈনিক ৰুটিনত অন্তৰ্ভুক্ত কৰক। চিকিৎসকৰ মতে আমি এই কঠিন সময়ত আতংকিত হ'ব নালাগে। মনত ৰাখিব, প্ৰতিৰোধৰ ব্য়ৱস্থা কৰাটো সদায়ে আৰোগ্যতকৈ ভাল। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল নিজকে ইতিবাচক কৰি ৰখা । ঋণাত্মক চিন্তা ধাৰাৰ পৰা নিজকে আতৰ ৰখা ।   

লগতে পঢ়ক - গ্ৰীষ্মকালীন তৰমুজে অমৃতৰ দৰে  কৰে কাম, জানক ইয়াৰ লাভালাভবোৰ | 

কৰোনাৰ পৰা বাচি থাকাৰ কেইটামান টিপচ 

  • পৰাপক্ষত ঘৰত থাকক, মুখা পিন্ধিক আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰিব। 
  • নিয়মীয়াত ধ্যান, পাতল শাৰীৰিক ব্যায়াম আপোনাৰ দৈনিক ৰুটিনৰ অন্তৰ্ভুক্ত কৰিব। 
  • দিনত এবাৰ কৈ ভাপ লোৱা আৰম্ভ কৰক আৰু লগতে  উতলা পানী খাওক ।  
  • হোটেল, ৰেষ্ট্ৰুৰেণ্টৰ খাদ্য পৰিহাৰ কৰি ঘৰত বনোৱা খাদ্য খাওক । 

লগতে পঢ়ক - কৰোণা ভেকচিনৰ ললেনে ? ভেকচিনৰ আগত বা পিছত কি কি সাৱধানতা লব

  • আহাৰৰ তালিকাত টেঙা জাতীয় ফল, সেউজীয়া শাক -পাচলি অন্তৰ্ভুক্ত কৰক । 
  • যিমান পাৰি সোনকালে ভেকচিনৰ টিকা গ্ৰহণ কৰক । ভালটোপনি মাৰক (কমেও 7-8 ঘণ্টা)। 
  • চিকিৎসকৰ পৰামৰ্শ অনুসৰি মাল্টি ভিটামিন টেবলেট গ্ৰহণ কৰক । 

আনকি এই সকলো বোৰ সাৱধানতাৰ পাছতো, যদি কৰোণাৰ লক্ষণবোৰ দেখা দিয়ে, সময় অপচয় নকৰাকৈ কভিট পৰীক্ষা সম্পন্ন কৰক।
আমাৰ লিখনিটো কেনে পালে জনাব । যদি সময়োপযোগী বুলি ভাবে তেন্তে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব নাপাহৰিব । আপোনালোকৰ শ্নেয়াৰে আমাক এনে লিখনি প্ৰস্তুত কৰাত অনুপ্ৰেৰণা যোগাব ।

 

  https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2021/05/how-to-protect-yourself-from-coronavirus.html 

"Every effort has been made to ensure the accuracy, timeliness and genuineness of the information provided here. All the content here is given only for reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close