ভুমিকম্প অহা অৱস্থাত কি কৰিব লাগে ? What to do when an earthquake strikes. - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Wednesday, April 28, 2021

ভুমিকম্প অহা অৱস্থাত কি কৰিব লাগে ? What to do when an earthquake strikes.

What to do when an earthquake strikes?

আজি সমগ্ৰ অসমতেই ৬.৪ প্ৰাবল্যৰ এক ভূমিকম্পই জোকাৰি যায় । ইয়াৰ ফলত সকলোৰে মনত আতংকই বিৰাজ কৰিছে । আমি সকলোৱে জনা উচিত যে আমি এক ভূমিকম্প প্ৰৱণ ঠাইত বসবাস কৰি আছো । তেনেস্থলত কত কেতিয়া ভূমিকম্প হব আমি কোনোৱে নাজানো। সেয়হে আমি সদায় সতৰ্ক হৈ থকা উচিত আৰু ভূমিকম্প হ'লে কি কৰিব লাগে জানি থোৱা উচিত ।
What to do when an earthquake strikes.

ভূমিকম্প আহিলে কি কৰিব লাগে?

যদি আপুনি ভূমিকম্পৰ সময়ত ঘৰত আছে তেন্তে মজিয়াত বহি পৰক। যদি ঘৰত শক্তিশালী মেজ বা আচবাব আছে তাৰে তলত বহি আপোনাৰ হাতেৰে মূৰ আৰু মুখ ঢাকি দিয়ক।

যদি আপোনাৰ ওচৰত কোনো মেজ নাথাকে তেন্তে আপোনাৰ হাতেৰে মুখ আৰু মুৰ ঢাকি  ঘৰৰ কোনোবা এটা কোণালৈ যাওক। কাঁচ, খিৰিকী, দেৱাল আদিৰ দৰে পৰি যোৱাৰ সম্ভাৱণা থকা যিকোনো বস্তুৰ পৰা আঁতৰি থাকক ।


যদি নিশা ভূমিকম্প হয় আৰু আপুনি বিচনাত বাগৰি থাকে তেন্তে আপুনি বিছনাতেই থাকক আৰু  মুৰটো গাৰুৰে ঢাকি দিয়ক।  

ভূমিকম্পন আহি থকালৈকে পৰাপক্ষত ঘৰৰ ভিতৰতেই থাকিব আৰু কম্পন বন্ধ হোৱাৰ পিছতহে বাহিৰত ওলাব । যদি একেবাৰে কাষত বাহিৰলৈ যোৱা দৰজা নাথাকে তেতিয়া দৌৰিবলৈ চেষ্টা কৰাটো বিপদজনক । এনে অৱস্থাত ঘৰৰ ভিতৰত মেজ এখনৰ তললৈ যাবলৈ চেষ্টা কৰাটো যথেষ্ট সুৰক্ষিত । যদি কাষতেই বাহিৰলৈ যোৱা দৰজা আছে তেন্তে মুকলি ঠাইলৈ ওলাই যাওক ।


 
আপোনাৰ ওচৰত যদি গধুৰ আচবাব আছে যি পৰি যোৱাৰ আশংকা থাকে, তেনে বস্তুৰ পৰা আঁতৰি থাকক। ওখ অট্টালিকাত বাস কৰা লোকসকলে ভূমিকম্পৰ সময়ত লিফ্ট ব্যৱহাৰ নকৰিব ।নিয়মীয়াকৈ এনেধৰণৰ লিখনিৰ বাবে আমাৰ গ্ৰুপত জইন কৰক - ইয়াত ক্লিক কৰক

যদি আপুনি ভূমিকম্পৰ সময়ত গাড়ী চলাই আছে, আপুনি য'তেই আপুনি অনুভৱ কৰে তাতেই ৰখি যাওক ।


 ঘৰত থকা অৱস্থাত ভূমিকম্প অনুভৱ কৰাৰ লগে লগে প্লাগৰ পৰা টিভি, ফ্ৰিজ আদিৰ দৰে সকলো বৈদ্যুতিক সঁজুলি আঁতৰ কৰক, অন্যথা বিপদ হ'ব পাৰে। পাৰিলে মেইন চুইছ অফ কৰক ।   

নিয়মীয়াকৈ এনেধৰণৰ লিখনিৰ বাবে আমাৰ গ্ৰুপত জইন কৰক - ইয়াত ক্লিক কৰক

ভূমিকম্পৰ তীব্ৰতাৰ প্ৰভাৱ কি:      

  • যেতিয়া ৰিখটাৰ স্কেল ০ ৰ পৰা ১.৯ ত ভূমিকম্প হয়, ই কেৱল চিচমোগ্ৰাফ দেখুৱায়।     
  • যেতিয়া ৰিখটাৰ স্কেল 2 ৰ পৰা 2.9 ত ভূমিকম্প হয়, সামান্য কম্পন হয়।     
  • ৰিখটাৰ স্কেলত 3 ৰ পৰা 3.9 লৈ ভূমিকম্পৰ হয়, এনে লাগে  যে এখন ট্ৰাক আপোনাৰ কাষেৰে পাৰ হৈ গেছে।     
  • ৰিখটাৰ স্কেল ৪ ৰ পৰা ৪.৯ ত হোৱা ভূমিকম্পই খিৰিকী ভাঙিব পাৰে।      
  • ৰিখটাৰ স্কেল  ৫ ৰ পৰা ৫.৯ ভূমিকম্প হ'লে ফাৰ্নিচাৰ লৰিবলৈ ধৰে ।     
  • ৰিখটাৰ স্কেলত ৬ ৰ পৰা ৬.৯ লৈ  ভূমিকম্প হলে অট্টালিকাৰ ভেটি দাবি যাব পাৰে। ওপৰৰ মহলাবোৰ ক্ষতিগ্ৰস্ত হ'ব পাৰে।    
  • ৭ ৰ পৰা ৭.৯ ৰিখটাৰ স্কেলত ভূমিকম্প হ'লে অট্টালিকাবোৰ খহি পৰে। মাটিৰ ভিতৰত পাইপ ফাটিব পাৰে।     
  • ৮ ৰ পৰা 8. ৰিখটাৰ স্কেলত ভূমিকম্প হ'লে অট্টালিকাকে ধৰি ডাঙৰ দলংবোৰো খহি পৰে।    
  • ৯ আৰু তাৰ ওপৰত, ৰিখটাৰ স্কেলত হোৱা ভূমিকম্পই সম্পূৰ্ণ ধ্বংসৰ সৃষ্টি কৰিছিল। যদি কোনোবাই পথাৰত থিয় হৈ আছে, তেন্তে তেওঁ পৃথিৱীখন কঁপি থকা দেখিব। যদি সাগৰ ওচৰত থাকে তেন্তে চুনামি।  

 লগতে পঢ়ক - গ্ৰীষ্মকালীন তৰমুজে অমৃতৰ দৰে  কৰে কাম, জানক ইয়াৰ লাভালাভবোৰ |

আমাৰ লিখনিটো কেনে পালে জনাব । যদি সময়োপযোগী বুলি ভাবে তেন্তে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব নাপাহৰিব । আপোনালোকৰ শ্নেয়াৰে আমাক এনে লিখনি প্ৰস্তুত কৰাত অনুপ্ৰেৰণা যোগাব ।

 

  https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2021/04/what-to-do-when-earthquake-strikes.html 

"Every effort has been made to ensure the accuracy, timeliness and genuineness of the information provided here. All the content here is given only for reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."

1 comment:

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close