কৰোণা ভেকচিনৰ প্ৰথম আৰু দ্বিতীয় পালিত দুটা পৃথক পৃথক ভেকছিন ললে কি হ'ব পাৰে? চৰকাৰৰ মতামত জানক | What happens if you mix Covishield and Covaxin doses - Dimpu Baruah

Latest Updates

Post Top Ad

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

Saturday, May 29, 2021

কৰোণা ভেকচিনৰ প্ৰথম আৰু দ্বিতীয় পালিত দুটা পৃথক পৃথক ভেকছিন ললে কি হ'ব পাৰে? চৰকাৰৰ মতামত জানক | What happens if you mix Covishield and Covaxin doses

What happens if you mix Covishield and Covaxin doses

ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ শিলচৰত এজন ব্যক্তিক কৰোনা ভেকছিনৰ টিকাকৰণৰ প্ৰথম আৰু দ্বিতীয় পালী দুটা বেলেগ বেলেগ ব্ৰেণ্ড অৰ্থাৎ কভিকসীন আৰু কভিছিল্ড দুইটাই প্ৰদান কৰা ঘটনা সন্মুখত আহিছে । চৰকাৰী নিয়মানুসৰি প্ৰথম পালি ভেকছিন কোনো ব্যক্তিয়ে যদি কভিকসীন নামৰ কৰোনা ভেকছিনৰ টিকাকৰণ কৰাই তেন্তে দ্বিতীয় পালিটো কভিকসীন ব্ৰেণ্ডৰে টিকাকৰণ কৰাব লাগিব । কিন্তু ভূলবশত যদি বেলেগ বেলেগ ব্ৰেণ্ডৰ ভেকছিন লোৱা হয় তেতিয়া কি হব ? কি কয় চৰকাৰে জানো আহক ।
https://www.dimpubaruah.com/2021/05/mix-covishield-and-covaxin-doses.html

চৰকাৰৰ মতামত

কিছুদিন আগলৈ এনে ধৰণৰ ঘটনাৰ পৰা গুৰুতৰ আশংকা উত্থাপন কৰা হৈছিল যদিও বৰ্তমান চৰকাৰে এনে পৰিস্থিতিত আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই  বুলি জনাইছে । এনে ঘটনা ঘটি যোৱা লোকসকলৰ মাজত কিছু পাৰ্শ্বক্ৰীয়া দেখা গৈছে যদিও ভয় খাবলীয়া তেনে গুৰুতৰ পাৰ্শ্বক্ৰীয়া দেখা যোৱা নাই ।  
 
নীতি আয়োগৰ সদস্য (স্বাস্থ্য) ডাঃ ভি কে পলে বৃহস্পতিবাৰে অনুষ্ঠিত এক সংবাদমেল যোগে জনাই যে  প্ৰদান কৰা কভিড ভেকছিনৰ দুয়োটা পালি একেটা ব্ৰেণ্ডৰ ভেকছিন হব লাগিব । কিন্তু কাৰোবাৰ যদি ভুলবশত দুটা বেলেগ বেলেগ ভেকচিন দিয়া হয় তেন্তে ই চিন্তাৰ বিষয় হ'ব নালাগে। 

কৰোনা ভেকছিনৰ এটা পালি কোভেকছিন আৰু আনটো কভিশ্বিল্ড ল'ব পাৰিবনে?  

যিকোনো ব্যক্তিয়ে কৰোনা ভেকছিনৰ একেটা ব্ৰেণ্ডৰে দুটা পালি গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ। মনত ৰাখিব যদি আপুনি কভিশ্বিল্ড ভেকছিনৰ প্ৰথম পালি গ্ৰহণ কৰিছে, দ্বিতীয় পালিটোও কভিশ্বিল্ডৰে গ্ৰহণ কৰিব লাগিব। একেদৰে, যদি কোভেকছিনৰ প্ৰথম পালি গ্ৰহণ কৰিছে তেন্তে দ্বিতীয় পালিটোও কোভেকছিনৰেই গ্ৰহণ কৰিব লাগিব ।

কিন্তু কাৰোবাৰ যদি ভুলবশত দুটা বেলেগ বেলেগ ভেকচিন দিয়া হয় তেন্তে ই চিন্তাৰ বিষয় হ'ব নালাগে। আৰু জানি বুজি কেতিয়াও দুটা বেলেগ বেলেগ ভেকচিন নলব ।

লগতে পঢ়ক -  প্ৰসাৱ থিয় হৈ কৰা উচিত নে বহি ? জানো আহক।

 

  https://api.whatsapp.com/send?text=https://www.dimpubaruah.com/2021/05/mix-covishield-and-covaxin-doses.html 

"Every effort has been made to ensure the accuracy, timeliness and genuineness of the information provided here. All the content here is given only for reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close